পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কটন কলেজ, চুডমাৰ্চন চাহাব আৰু ৰবীন্দ্ৰনাথ — এই তিনিটা শব্দৰ সৈতে বোধহয় মোৰ জ্ঞান হ’বৰে পৰা চিনাকি। কাৰণ ১৯১৭ চনত মেট্ৰিক পাছ কৰি দেউতা কটনত পঢ়িছিল, সেই সময়ত প্ৰিন্সিপাল আছিল চুডমাৰ্চন চাহাব আৰু ১৯১৯ চনত ৰবীন্দ্ৰনাথ অসমলৈ আহোতে কটন কলেজৰ ছাত্ৰকেইজনমানৰ সৈতে তোলা ফটোখনত দেউতাও আছিল এজন। আগেয়ে উল্লেখ কৰিছো যে আমাৰ ঘৰৰ বেৰত আঁৰি থোৱা ফটোখনৰ দড়িয়া ৰবীন্দ্ৰনাথক মই দেউতাৰ বন্ধু বুলিয়ে ভাবিছিলো। বাইদেৱে আকৌ মোক শুধৰাই দি কৈছিল যে মই হেনো মস্ত আকৰী। মানুহজন দেউতাৰ মাষ্টৰহে। তাই বৰ ভুল কোৱা নাই, ৰবীন্দ্ৰনাথ বিশ্বৰে শিক্ষাগুৰু।

 আমাৰ সময়ত অসমত সাত-আঠখন মাত্ৰ কলেজ আছিল যদিও কটন কলেজত ভৰ্তি হোৱাটো আজিৰ দৰে অসাধ্য নাছিল। সকলোৰে জীৱনত স্কুল শিক্ষা সমাপ্ত কৰি কলেজলৈ উত্তৰণ জীৱনৰ এক স্মৰণীয় ঘটনা। যেন নাদৰ ভেকুলী সাগৰত পৰিলো। পাণবজাৰৰ পৰা দীঘলীপুখুৰীলৈ বিস্তৃত এই সাগৰখনত ছাত্ৰ-ছাত্ৰী আৰু প্ৰফেচাৰসকলক দেখি সৰু সৰু ঠাইৰ পৰা অহা আমিয়েই নহয়, গুৱাহাটীত ডাঙৰ হোৱা আমাৰ সহপাঠিনী অনুসূয়া, মণি, তুলতুলহঁতেও তবধ মানিছিল। পাণবজাৰৰ গাতে লাগি থকা আৰ্টছ বিল্ডিঙত ইংৰাজী ক্লাছ কৰি ব’টানী ক্লাছ কৰিবলৈ দীঘলীপুখুৰীৰ পাৰলৈ দৌৰি আহি পাওঁ মানে ৰোলক’ল আৰম্ভ হৈ যায়। মোৰ আকৌ ৰোল নম্বৰ আছিল এক। সদায় ক্লাছ শেষ হোৱাৰ পিছত ছাৰৰ ওচৰলৈ যাবলগীয়া হৈছিলো। ই এটা বৰ বিৰক্তিকৰ কাম আছিল।

 ষাঠি বছৰ আগৰ কথা লিখিবলৈ গৈ বহু স্মৃতি কলমৰ আগত থুপ খাইছে। চাৰি বছৰৰ ইতিহাস লিখিবলৈ গলে মহাভাৰত হ’ব। গতিকে কি লিখো কি এৰো ভাবি বিভ্ৰান্ত হৈছো। ছাৰসকলকে প্ৰাধান্য দিও নেকি! ছাত্ৰাৱস্থাত শিক্ষক-শিক্ষয়িত্ৰীৰ দৰে আদৰ্শ ব্যক্তি বোধহয় পৃথিৱীতে নাথাকে। সৰু সৰু ল’ৰা-ছোৱালীহঁতে মাক-দেউতাকতকৈ শিক্ষয়িত্ৰীৰ কথাতে গুৰুত্ব দিয়ে বেছি। আমি টিন এজাৰসকলে ছাৰসকলক শ্ৰদ্ধা-ভক্তি কৰিলেও কেইগৰাকীমান ডেকা ছাৰ আছিল আমাৰ হিৰো— ৰোল মডেল। সেই সময়ত কটন কলেজৰ ছাত্ৰীনিবাসটো আছিল ড° সূৰ্য কুমাৰ ভূঞাৰ বাসভৱনৰ কাষত এটা ভাড়া কৰা অসম আৰ্হিৰ ঘৰত। ছাত্ৰী সংখ্যা আছিল চৈধ্যজনীমান। আমাৰ ৱাৰ্ডেন ব’টানীৰ অধ্যাপিকা পৰমা সুন্দৰী ড° কমলা ৰয় আছিল একেটা চৌহদত আন এটা একে আৰ্হিৰ ঘৰত আঠ-ন বছৰীয়া জীয়েক ছুকুৰ সৈতে। তাই গাভৰু ছোৱালীজাকক অনবৰতে লগ পাই অকালপক্ক হৈছিল যেন লাগে। তদুপৰি চোৰাংচোৱাৰ কামতো বোধকৰো লিপ্ত আছিল। এদিন ৱাৰ্ডেনে আহি আমাক জেৰা কৰিলে— নৰল নামৰ মানুহটো কোন? জীয়েকে হেনো মাকক কৈছে মাহী অৰ্থাৎ আমি হেনো নৰলৰ নাম লৈ হাঁহি-স্ফূৰ্তি কৰো। আমি তেনে নামৰ কাকো চিনি নাপাও বুলি ক’লেও জানিছিলো নৰল হ’ল গণিতৰ অধ্যাপক নুৰুল ইছলাম ছাৰ। টান বিষয় এটা সহজভাৱে বুজোৱা ছাৰজন দেখাতো আছিল সুপুৰুষ। গতিকে তেওঁ আমাৰ আলোচনাৰ মধ্যমণি হোৱাটো স্বাভাৱিক। তেওঁক পিছে ভয় কৰিছিলো। বিপৰীতে তেওঁৰ ককায়েক কেমেষ্ট্ৰিৰ অধ্যাপক আহমেদ হুছেইন ছাৰ আছিল আমাৰ মাই ডিয়েৰ। তেওঁ আমাক অলপ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১০৩