পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দৰং কলেজৰ অধ্যাপক দম্পতী— ৰেবা আৰু কে কে ৰাও আৰু আনটো ফালে একেখন কলেজৰে অধ্যাপক নবীন বৰুৱা। আমাৰ তিনিও ঘৰৰ ল’ৰা-ছোৱালীকেইটা প্ৰায় একে বয়সৰ হোৱা বাবে সিহঁতে একেলগে খেলিছিল। ৰবাৰ বাগানৰ কথা মনত পৰিলে চকুৰ আগত আহি থিয় দিয়ে দুগৰাকী খাটি খোৱা মহিলা। তাৰে এগৰাকী মেৰুণী বায়ে প্ৰতিদিনে ৰবাৰ বাগানৰ কাষেদি বৈ যোৱা মৰা ভৰলী নৈখনত মাছ মাৰি আমাৰ ঘৰবোৰত বেচিছিল। টাটকা মাছৰ সোৱাদ পাই এনে অভ্যাস হৈছিল যে আন ক’তো মাছৰ সোৱাদ নেপাইছিলো। দ্বিতীয়গৰাকী মহিলা আছিল আমাৰ সাহায্যকাৰিণী মংগলৰ মাক। তেওঁ বহু সন্তানৰ মাতৃ। খুৱাব-পিন্ধাব নোৱাৰে, তথাপিতো বছৰে বছৰে সন্তান জন্ম দিয়া বাবে তেওঁ বা তেওঁৰ স্বামীৰ বন্ধ্যাকৰণৰ কথা কৈছিলো। সহায় কৰিবলৈকো প্ৰতিশ্ৰুতি দিছিলো। মোৰ কথা শুনি তেওঁ যি ভয় খালে! আজিকালি এই বিষয়ে অনেকে সচেতন, কিন্তু ১৯৬৪-৬৫ চনত বিশেষকৈ মংগলৰ মাকহঁতৰ বাবে ই আছিল এক ভয়ংকৰ কথা।

 চীন যুদ্ধৰ পাছত মই ধুবুৰীত থকা সময়তে সিদ্ধান্ত লৈছিলো মা আৰু নুমলীয়া ভণ্টী ডলক কোকৰাঝাৰলৈ স্থানান্তৰিত কৰিম। আজিৰ বাংলাদেশ তেতিয়া আছিল পাকিস্তান। ধুবুৰীৰ পৰা পাকিস্তান তেনেই ওচৰ। শত্ৰুভাৱাপন্ন দেশখনৰ পৰা যিকোনো মুহূৰ্ততে বিপদ আহিব পাৰে, চীনে এসেকা দি গৈছে ভাই ভাই সম্পৰ্ক থকা সত্ত্বেও। মই তেজপুৰলৈ অহাৰ আগতে এই কামটো কৰি আহিছিলো। ভনী টুলু আৰু গোপাল কাষতে থাকিব, খুকুৱেও কোকৰাঝাৰ কলেজত কাম কৰে। গতিকে মই নিশ্চিন্ত মনেৰে তেজপুৰমুখী হৈছিলো।

 ১৯৬৪ চনৰ ৭ জুলাইত খুকুৰ বিয়া হ’ল অসম মেডিকেল কলেজৰ ই এন টি বিভাগৰ অধ্যাপক ডাঃ চক্ৰেশ্বৰ দাসৰ লগত। চক্ৰেশ্বৰ কটন কলেজত মোৰ সহপাঠী আছিল। কেইজনমান ছাত্ৰক আমি ভাল ল’ৰা বুলি কৈছিলো। এওঁলোক পঢ়া-শুনাত চোকা, ক্লাছ ক্ষতি নকৰে, সন্মুখৰ শাৰীত বহে, দুষ্টামি নকৰে, ছোৱালী নোজোকায়, বিড়ি-চিগাৰেট নাখায়। চক্ৰেশ্বৰ আছিল সেই দলভুক্ত। এওঁৰ বাহিৰে ৰজনী দাস, অসীম কুমাৰ দেশমুখ, ৰোহিনী কাকতি আৰু আন দুই-চাৰিজন আছিল ভাল ল’ৰা। দৰাৰ খবৰটো পোৱাৰ লগে লগে মই চক্ৰেশ্বৰ সম্পৰ্কে চাৰ্টিফিকেট এখন দি পঠাইছিলো ঘৰলৈ। আমাৰ মায়ে এনেকুৱা জোঁৱাই বিচাৰে বুলি বাইদেউৰ বিয়াতে জানিছিলো। সেইফালৰ পৰা মাৰ ভাগ্য ভাল। আটাইকেইজন জোঁৱাই তেওঁৰ মনোমত হৈছে। এজনো মাৰ ভাষাত ছেকছেল্লু অৰ্থাৎ চেলেপু নহয়, বিড়ি-চিগাৰেট নাখায়।

 খুকুৰ বিয়াৰ আগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগত পি এইচ ডিৰ বাবে গৱেষণা কৰিবলৈ ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিছনৰ জুনিয়ৰ ৰিছাৰ্চ ফেল’শ্বিপ এটা পাইছিলো। নৃতত্ব বিজ্ঞান মানেই ক্ষেত্ৰ অধ্যয়ন। ভাবিলো ক্ষেত্ৰখন হওক তেজপুৰ আৰু কৰ্মক্ষেত্ৰ গুৱাহাটী। গুৱাহাটীত আমাৰ নিজা ঘৰ। পুত্ৰৰো বয়স এবছৰ, স্কুলৰ চিন্তা নাই। গতিকে কামত যোগ দিবলৈ আৰু বিষয়টো গাইডৰ লগত পৰামৰ্শ কৰি নিৰ্ধাৰণ কৰিবলৈ গুৱাহাটী পালোহি।

১৭৪/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি