পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মুক্ত খোলা মেলা পৰিবেশ দেখি মুগ্ধ হৈছিল তেওঁ। কৈছিল এনে পৰিবেশত ৰোগে আক্ৰমণ কৰিলে কেনেকৈ?

 মাজে মাজে দেউতাক সুস্থ হোৱা যেন লাগিলেও মৃত্যুৰ ছমাহমান আগতে শৰীৰৰ আন ঠাইতো দুটামান টেমুনা দেখা দিয়াত আকৌ কলকাতালৈ গ’ল। সিবাৰ মা, সৰু খুৰা আৰু যিমান দুৰ মনত পৰে সুধীৰ খুৰা লগত গৈছিল। অভয়াপুৰীৰ ঘৰত থাকিলো মই, কণমানি ছবছৰীয়া ভনী ডল আৰু বাইদেউৰ তিনি বছৰীয়া পুত্ৰ অৰূপ। অৰূপ আমাৰ ঘৰতে ডাঙৰ হৈছে। আমাক পৰ দিবলৈ বৰভিটা গাঁৱৰ পৰা আহিছিল দেউতাৰ শশী খুৰায়েক আৰু এগৰাকী পেহীয়েক।

 এদিন আবেলি ধুবুৰীৰ পৰা অভয়াপুৰী আহি ওলাল আমাৰ দুজন কাজিন। মোক এফলীয়াকৈ মাতি নি ক’লে যে কলকাতাৰ ডাক্তৰে দেউতাক ঘৰলৈ আহিবলৈ পৰামৰ্শ দিছে। কিয়নো আৰু চিকিৎসা কৰি লাভ নাই। বৰ বেছি আৰু ছটা মাহ, আপোনজনৰ মাজতে কটাওক। ইতিমধ্যে দেউতা আহি আমাৰ ধুবুৰীৰ ঘৰ পাইছে। কাজিনহঁতৰ লগত পিছদিনাই আমি যাব লাগে অভয়াপুৰী চিৰিদিনৰ বাবে এৰি থৈ।

 বহু বছৰৰ বিশাল গৃহস্থালি। একেৰাতিৰ ভিতৰত সামৰি যোৱা এক দুৰূহ কাম। কাজিনহঁতৰ মুখে দেউতাৰ শৰীৰৰ যি অৱস্থা হোৱা শুনিলো, ভয় লাগিল পলম কৰিলে জানোচা তেওঁক দেখা নাপাওঁ। মোক সহায় কৰিবলৈ অনেকে আহিছিল। তেতিয়া বস্তু-বাহানিৰ প্ৰতি মায়া-মমতা নাছিল অলপো। কিমান প্ৰয়োজনীয় বস্তু যে পেলাই দিলো, জুইত পুৰিলো! তেতিয়া ধাৰণা হৈছিল দেউতা নাথাকিব, উপাৰ্জন নাথাকিব, আমিতো ভিকহু হ’বই লাগিব গতিকে বস্তুৰ প্ৰয়োজন কি? আজি ভাবিলে দুখ লাগে দেউতাই গোটাই থোৱা ‘আৱাহন’ আৰু ‘বাঁহী’ আলোচনীবোৰ, গ্ৰামোফোন ৰেকৰ্ডবোৰ বাৰীৰ এচুকত কাম কৰা মানুহৰ হতুৱাই পুতি থৈছিলো। দেউতালৈ বিভিন্নজনে লিখা চিঠিবোৰৰো হৈছিল একেই দশা। তাৰ মাজত চুডমাৰ্ছন চাহাবৰো চিঠি আছিল। তদুপৰি বিৰাট চৌহদত আহল-বহলকৈ থকা সংসাৰৰ বস্তু বাহানিবোৰ লৈ ধুবুৰীত ৰাখিম ক’ত? ধুবুৰীৰ ঘৰটোৰ আধা অংশ চিকিৎসক এগৰাকীয়ে ভাড়া লৈ আছিল। বাকী আধাত আমি মাজে সময়ে গৈ থাকিছিলো। এতিয়া তাতেই থাকিব লাগিব, সিটোফাল অৰ্থনৈতিক কাৰণে মুকলি কৰা সম্ভৱ নহয়। কোকৰাঝাৰ, অভয়াপুৰীত আছিল কেইবাজনো সাহায্যকাৰী, মালী, জমাদাৰ ইত্যাদি। মুঠতে আছিলো ৰজাৰ হালত। এছাটি ধুমুহাই আমাৰ জীৱন লণ্ডভণ্ড কৰি থৈ গ’ল।

 বিজনীৰ ৰজা ভৈৰৱেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰে এষ্টেটৰ গাড়ীৰে আমাক ধুবুৰীলৈ পঠালে। সমগ্ৰ অভয়াপুৰীয়ে আমাক অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাবলৈ আহিছিল। এক অনিৰ্দিষ্ট ভৱিষ্যতলৈ আমি আগবাঢ়িলো। গৈ দেখিলো আমাৰ সুপুৰুষ দেউতাই ক্ষীণাই-শুকাই বিছনাত বাগৰি মৃত্যুৰ ক্ষণ গণি আছে। গুৱাহাটীৰ পৰা আহি টুলু আৰু খুকুই দেউতাক শেষবাৰলৈ চাই গ’ল। ভিনিহিদেউ তেতিয়া লক্ষীমপুৰত চিভিল এছ ডি অ’।তেওঁলোকো আহিল। মুখেৰে মাত নোলালেও দেউতাৰ মগজু সক্ৰিয় হৈ আছিল। তেওঁ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১২৯