পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঈশ্বৰ প্ৰসাদ চৌধুৰী। দেউতাৰে স’তে হোৱা তেওঁলোকৰ আলোচনাৰ পৰা জানিব পাৰিছিলো হিটলাৰ বাহিনীৰ বিৰুদ্ধে যুদ্ধত আমেৰিকাইও যোগ দিলে পাৰ্ল হাৰ্বাৰ ঘটনাৰ পিছত। ব্ৰিটেইনে যে হিটলাৰৰ বিৰুদ্ধে যুঁজিছিল তাক আমি গম পাইছিলো স্বাভাৱিকভাৱেই। কাৰণ ভাৰতকে লৈ ব্ৰিটিছৰ উপনিবেশবোৰৰ পৰা বহুতে যুদ্ধত যোগ দিবলৈ গৈছিল। তাৰ মাজত এজন আছিল আমাৰ সুধীৰ খুৰা, দেউতাৰ সৰু মোমায়েকৰ পুতেক। এইজন খুৰা আছিল আমাৰ অতি মৰমৰ। তেওঁ আমাক বহু মজাৰ মজাৰ কাহিনী কৈ হহুৱাই ৰাখিছিল। এই ফুৰ্তিবাজ মানুহজন যে কাকো নজনোৱাকৈ উধাও হৈ যাব আমি ভাবিব পৰা নাছিলো। পিছে কোকৰাঝাৰত থকা কোনোবা সৈন্যৰ লগত যে যোগাযোগ আছিল গম পাইছিলো। মোৰ কণমাণি ভণ্টী টুলু আৰু খুকুক খুড়াই তালৈ লৈ গৈছিল আৰু তেওঁলোকে সেনাৰ বাবে বন্ধ টেমাত থকা ৰেডীমেড খাদ্য, খেলনা আদি সিহঁতক দিছিল।বোধকৰো সেনা ৰিক্ৰুট কৰিবলৈ মানুহকেইজনে বাহৰ পাতি আছিল। বাটলাৰ, বেটাকি আৰু বেন নামৰ চাহাব তিনিটাক টুলু-খুকুই বৰ ভাল পাইছিল, টেমাৰ খাদ্য দিয়াৰ বাবে হ’বলা।

 এটা সময়ত ‘সুধীৰ নাই, সুধীৰ নাই’ বুলি সকলো ফালে হুলস্থুলৰ সৃষ্টি হ’ল। উত্তৰ-দক্ষিণ-পূব-পশ্চিমে যিমান আত্মীয়-স্বজন আছে সকলোৰে ঘৰে ঘৰে সুধীৰক বিচাৰি মানুহ ওলাই গ’ল। তাৰ পিছত হঠাতে অচিনাকি ঠিকনাৰ পৰা আহিল তেওঁৰ এখন চিঠি, সেনা বাহিনীত যোগ দিছে। জানিলে কোনেও মান্তি নহ'ব বুলি জানি তেওঁ কাকো নজনোৱাকৈ গৈছে। যুদ্ধৰ বিভীষিকা সম্পৰ্কে অজ্ঞ আমি ল'ৰা-ছোৱালীবোৰে কিন্তু যুদ্ধ কৰিব পৰা বীৰ সুধীৰ খুৰাৰ বীৰত্ব দেখি গৌৰৱবোধ কৰিছিলো। তেওঁৰ চিঠিৰ উত্তৰ আমি লগে লগে দিছিলো, তেঁৱো লিখিছিল ঘনাই। খুৰাই যে লাহোৰত ট্ৰেইনিং লৈছিল তেওঁ উভতি অহাৰ পিছতহে জানিছিলো। চিঠিপত্ৰবোৰ অহা-যোৱা কৰিছিল গুপুত ঠিকনা এটাৰ যোগেদি।

 সুধীৰ খুৰাৰ ঘৰ চাপৰত, হাইস্কুলীয়া শিক্ষাৰ বাবে অঞ্চলটোৰ আন অনেক ছাত্ৰৰ দৰে তেঁৱো বিলাসীপাৰাৰ ইন্দ্ৰ নাৰায়ণ একাডেমী স্কুলত ভৰ্তি হৈছিল। বিলাসীপাৰাৰ সমীপৱৰ্তী হাকামা এখন বৰ্ধিষ্ণু গাঁও। এই গাঁওখন অতীতৰে পৰা বহু বিদ্বান পণ্ডিতৰ বাসভূমি। তেওঁলোক জাতিত ঘাইকৈ ব্ৰাহ্মণ। সংস্কৃত শিক্ষা, শাস্ত্ৰ অধ্যয়ন আৰু বিদ্যা চৰ্চাত ঠাইখনৰ এটা আভিজাত্য আছে। এই ব্ৰাহ্মণ পৰিয়ালবোৰৰ ঘৰত দূৰৈৰ পৰা অহা ছাত্ৰসকলে আশ্ৰয় বিচাৰি পাইছিল। সুধীৰ খুৰাই এনে এজন ব্ৰাহ্মণৰ ঘৰত থাকি পঢ়া-শুনা কৰিছিল। শৰৎ চন্দ্ৰ সিংহইয়ো চাপৰৰ পৰা আহি হাকামাৰ এটা ব্ৰাহ্মণ পৰিয়ালত আশ্ৰয় লৈ পঢ়া-শুনা কৰিছিল ইন্দ্ৰ নাৰায়ণ একাডেমী স্কুলত। এওঁলোকে থকা-খোৱাৰ বিনিময়ত ঘৰৰ ল'ৰা-ছোৱালীক পঢ়ুৱাইছিল বা আন কামত সহায় কৰিছিল।

 সুধীৰ খুৰাই কোৱা ৰসাল দুটামান কথালৈ মনত পৰিছে। বামুণৰ মাজত দীৰ্ঘদিন বাস কৰি তেওঁৰ হেনো ধাৰণা হৈছিল এই শ্ৰেণীটো বৰ লুভীয়া আৰু কৃপণ। পূজা, শ্ৰাদ্ধ, বিয়া-বাৰু আদিত পৌৰহিত্য কৰিবলৈ যোৱাসকলে নিজে ভালপোৱা বস্তু প্ৰসাদত দিবলৈ গৃহস্থক কয়। এদিন মানুহ এঘৰৰ পূজালৈ নিমন্ত্ৰিত হৈ খুৰা বন্ধু বামুণ ল’ৰা এজনৰ সৈতে তালৈ গৈছিল। পূজাত আগবঢ়োৱা কুৰিখন নৈবেদ্যত চাউল-কল-ফুলৰ সৈতে কুৰিটা দুৰা-কাছ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৬৫