পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৰেণ শৰ্মা ছাৰকো ভয় কৰিছিলো। আমাৰ সময়ত প্ৰধান শিক্ষয়িত্ৰী আছিল দেৱবালা দেৱী বাইদেউ আৰু আনসকল আছিল নিৰ্মলা বাইদেউ, পূৰ্ণিমা বাইদেউ, চুনী বাইদেউ। বাকী বাইদেউসকলৰ নাম স্মৃতিয়ে ধৰি ৰাখিব পৰা নাই। গণিত পঢ়াইছিল নিৰ্মলা বাইদেৱে। আমি কেইজনীমানে গণিতৰ (Mathematics) সলনি অংক (Arithmetic) আৰু গাৰ্হস্থ্য বিজ্ঞান লোৱা নাছিলো। আমাৰ সময়ত ছোৱালীৰ বাবে মেট্ৰিক পৰীক্ষাত গণিত বাধ্যতামূলক নাছিল। অধিকাংশ ছোৱালীয়ে গাৰ্হস্থ্যবিজ্ঞান আৰু অংক লৈছিল। এশ নম্বৰৰ প্ৰশ্নপত্ৰত ত্ৰিশ নম্বৰ আছিল অংক আৰু সত্তৰ গাৰ্হস্থ্য বিজ্ঞানৰ বাবে। সেই সময়ত ধাৰণা আছিল গণিত আৰু বিজ্ঞান বিষয় দুটা ছোৱালীৰ ‘কোমল' অৰ্থাৎ অনুন্নত মগজুৰ বাবে কঠিন। যি কি নহওক কেতিয়াবা ফাকি দিয়া যেন পালে নিৰ্মলা বাইদেৱে আমাক গালি পাৰি কৈছিল গণিতত ফেল কৰি আমি হেনো স্কুলত লালবাতি জ্বলাম। মনত আছে কটন কলেজত ভৰ্তি হোৱাৰ পিছত মালতী বৰুৱা (পিছলৈ অসম চৰকাৰৰ Director of Health Services, Family Welfare) আৰু মই নিৰ্মলা বাইদেউক কৈছিলো গৈ যে আমি লালবাতি জ্বলোৱা নাই, দুয়ো চৰকাৰী বৃত্তি পাইছো। বাইদেৱে কৈছিল—— আমাৰ ভালৰ বাবেহে তেনেকৈ কৈছিল।

 সংস্কৃত ছাৰ আছিল আমাৰ বন্ধুৰ দৰে। ক্লাছত মনযোগ নিদি মাজে মাজে ছবি আঁকিছিলো, গল্প কিতাপ পঢ়িছিলো আৰু মাজে মাজে ছাৰক কৈছিলো সাধুকথা শুনাবলৈ। ছাৰে প্ৰায়ে আমাক চুলুং বুলি কৈছিল। এদিন সুধিলো— ছাৰ, চুলুং মানে কি? তেওঁ বানান কৰি কৈছিল S H A L L O W অৰ্থাৎ Shallow | এতিয়া বুঢ়া বয়সত ভাবো আমি বৰ দুষ্ট আছিলো কিন্তু। Shallow বুলি কোৱা বাবে লাজতো নেপালোৱে, গিৰ্জনি মাৰি হাঁহিবলৈহে ধৰিছিলো। এদিন মানুহ এটাৰ ছবি আঁকি তলত লিখা হ’ল—শিল্পী চুলুং। ছবিখনলৈ চাই ছাৰে মিচিককৈ হাঁহি কৃত্ৰিম খং দেখুৱাই কৈছিল সংস্কৃতত আমি ফেল কৰিম। নিৰ্মলা বাইদেউৰ দৰে আমাৰ ৰিজাল্ট দেখি ছাৰো সন্তুষ্ট হৈছিল।

 আমাৰ আৰু এটা দোষ আছিল— অকাৰণে হাঁহিছিলো। অৱশ্যে ক্লাছত নহয়। এইটো বয়সত হেনো ছোৱালীবোৰ খামখেয়ালী স্বভাৱৰ হয়। এদিনৰ ঘটনা এটালৈ মনত পৰিছে। মেট্ৰিকৰ টেষ্ট পৰীক্ষাৰ পাছত গীতা আৰু মোক দুমাহৰ বাবে ঘৰুৱা শিক্ষক এজনে গণিত শিকাইছিল। শুনিছিলো তেওঁ বৰ ভাল শিক্ষক। আমি দুয়ো তেওঁৰ ঘৰলৈ গৈ অনুৰোধ কৰিছিলো আমাক পঢ়াবলৈ। তেওঁৰ তাৎক্ষণিক উত্তৰ আছিল ছোৱালীক তেওঁ নপঢ়ায়। আমাৰো উত্তৰ আছিল ওঁঠৰ আগত— ‘আমি ছাৰ লাজুকীলতাৰ দৰে ছোৱালী নহও, আমাক ল’ৰা বুলিয়ে ধৰি ল'ব পাৰে।’ তেওঁ ৰাজী হ’ল। এদিন পঢ়াই থাকোতে আমাৰ যে কি মতিভ্ৰম হ’ল দুয়ো হাঁহিবলৈ ধৰিলো, একেবাৰে যাক কয় non-stop হাঁহি। ছাৰ হতভম্ব। জ্যামিতিৰ কিতাপখন জপাই থৈ তেওঁ বহাৰ পৰা উঠি ক'লে—‘তোমালোকে হাঁহি থাকা, মই গ’লো।’ ছাৰক যোৱা দেখি খুৰা আহি আমাৰ পঢ়া কোঠাত সোমাই দেখে বলিয়াৰ দৰে হাঁহি আছো। খুৰাক দেখি আমি দুয়ো ঘৰৰ পৰা ওলাই পিছফালে বহি হাঁহিয়েই থাকিলো। খুৰা আচৰিত। অসভ্যালি কৰা বাবে তেওঁৰ খঙো উঠিছিল। চাপৰৰ পৰা অহা

৯৪/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি