পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আছিল বিস্তৃত। কেইজনমান ছাত্ৰ-ছাত্ৰীক শিক্ষকৰ সন্মুখতে চিগাৰেট খাই খাই আলোচনাত মগ্ন হৈ থকা দেখি অবাক হৈছিলো। গুৰুজনৰ সন্মুখত চিগাৰেট খোৱা পৰম্পৰা আমাৰ সংস্কৃতিবিৰোধী। অৱশ্যে তেওঁলোকে শিক্ষকৰ অনুমতি লৈয়ে খাইছিল। পিছে ক্লাছত এওঁ অনুমতি দিয়া নাছিল।

 উভতি যাওঁ এম এছ চি প্ৰথমবৰ্ষৰ দিনবোৰলৈ। আমাৰ চৈধ্যজনীয়া ক্লাছৰ ফিজিকেল এনথ্ৰ’পলজি লোৱা কেইজনে এনাটমি পঢ়িবলগীয়া হৈছিল। পঢ়াইছিল এগৰাকী ডাক্তৰে। মানুহৰ জঁকাটোৰ (Skeleton) প্ৰতিডাল হাড় চিনাক্ত কৰিবলৈ শিকাইছিল তেওঁ। নাজানো কিয় সেইটো ক্লাছত আমাৰ মনোযোগৰ অভাৱ আছিল। পৰীক্ষা আহি দুৱাৰমুখ পোৱাৰ সময়ত আমি চকুৰে ধোঁৱা-কোঁৱা দেখা যেন পালো। প্ৰেকটিকেল পৰীক্ষাত হাড় চিনাক্ত কৰিব লাগিব। চিনাক্ত কৰিলেই নহ’ব সোঁফালৰ নে বাঁওফালৰ, পুৰুষৰ নে মহিলাৰ, লাওখোলাটো কিমান বয়সৰ ল’ৰা বা ছোৱালীৰ ক’ব পাৰিব লাগিব। প্ৰেক্টিকেল ক্লাছত হাড়বোৰ আলমাৰিৰ পৰা উলিয়াই আকৌ যথাস্থানত থৈছিলো। পৰীক্ষাৰ আগে আগে কোনোবা এজন বিখ্যাত ব্যক্তিৰ মৃত্যুত ছুটী ঘোষণা কৰাত আমি সিদ্ধান্ত ল’লো ঘৰলৈ নগৈ হাড়বোৰ অধ্যয়ন কৰিম। পিছে লেবৰেটৰী হেনো খোলা নাথাকিব। আমাৰ মূৰত এটা দুষ্ট বুদ্ধিয়ে ভৰ কৰিলে। ঠিক কৰিলো হাড়বোৰ বেগত ভৰাই লৈ যাম, পিছদিনা আনি থৈ দিম কোনেও নেদেখাকৈ। পিছে কাৰ ঘৰলৈ নিম! মৰা মানুহৰ হাড় কাৰ ঘৰত সুমুৱাবলৈ দিব। নীলা গাদকাৰী নামৰ ছোৱালীজনীৰ মাক বিজ্ঞানমনস্ক মহিলা। নীলাই মাকে আপত্তি নকৰিব বুলি কোৱাত সৰু সৰু হাড়বোৰ আমাৰ বেগবোৰত ভৰালো। ভৰিৰ হাড়বোৰ ইমান দীঘল যে বেগত সুমুৱাব নোৱাৰি, ওলাই থাকে। Where there is a will there is a way. তাপস নামৰ ল’ৰাজন ওখ-পাখ। দীঘল হাড়বোৰ কাগজেৰে মেৰিয়াই তাৰ পেণ্টৰ তলেৰে দীঘলীয়াকৈ বেল্টডাল টানকৈ লগোৱা হ’ল আৰু চাৰ্টটো পেণ্টৰ তলত নুগুজি বেল্টৰ ওপৰেৰে উলিয়াই দিয়া হ’ল। চিৰিৰে নামিবৰ সময়ত বেচেৰাই চকুৰে ধোঁৱা-কোঁৱা দেখিলে। হাড়কেইডালৰ বাবে আঠু-দুটা ভাজ কৰিব নোৱাৰে, লাগি ধৰে। বাছষ্টেণ্ডলৈ কোনোমতে আহি বাছত উঠোতেও একেই সমস্যা, বহাও সমস্যা। উলিয়াই ল’বও নোৱাৰি। অতি কষ্টেৰে নীলাহঁতৰ ঘৰ আহি পাই এটা মুহূৰ্তও নষ্ট নকৰি সেইবোৰ অধ্যয়ন কৰাত লাগিলো। নীলাৰ মাকে কফি আৰু খোৱা বস্তুৰ যোগান ধৰি থাকিল, কেতিয়া গধুলি হ’ল ক'বই নোৱাৰিলো। ঘৰলৈ যাবলৈ ওলোৱাৰ আগতে নীলাৰ মাকে দীঘলীয়া বেগ এটাত হাড়বোৰ ভৰাই তাপসক দিলে। তাপস বিশ্ববিদ্যালয় চৌহদৰ ওচৰতে ছেণ্ট ষ্টিফেনচ কলেজ হোষ্টেলত থাকে। গতিকে তাক দায়িত্ব দিয়া হ’ল হাড়বোৰ ডিপাৰ্টমেণ্ট খোলাৰ লগে লগে যেন যথাস্থানত থৈ আহে কোনেও নেদেখাকৈ।

 আমাৰ ঘৰৰ ওচৰৰ বাছষ্টেণ্ডত বাছৰ পৰা নামি দেখিলো গৃহস্থ থিয় হৈ আছে। সিদিন দিল্লীৰ স্কুল-কলেজ-চৰকাৰী অফিচ সকলো ছুটী হৈছিল। গতিকে গধুলিলৈকে ঘৰ আহি নোপোৱা বাবে সকলোৱে দুশ্চিন্তা কৰা স্বাভাৱিক। আমিও হাড়ৰ নিচাত সকলো পাহৰিছিলো। নীলাহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ টেলিফোন এটা কৰাৰ কথা কিয় যে মনত নপৰিল!

১৫৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি