পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘বাৰ্বাৰা, ছালাৰেণ্ট, ডেৰিয়াই, ফেৰিঅ’, ছিজাৰে, কেমেছটিছ, বাৰোক্কো, ফেষ্টিনো...’ একে উশাহতে গাই গ'ল প্ৰথম বাৰ্ষিক শ্ৰেণীৰ ছাত্ৰ গিৰীন্দ্ৰ মোহনে।

 চুডমাৰ্ছন চাহাবৰো লজিক আছিল হ’বলা। অট্ট হাঁহিৰে তেওঁ কোঠাটোৰ বতাহ কঁপাই তুলিলে। সেই দিনাৰে পৰা গিৰীন্দ্ৰ মোহন চুডমাৰ্ছন চাহাবৰ প্ৰিয়পাত্ৰ হৈ উঠিছিল। ১৯২১ চনত তেওঁ বি এ পৰীক্ষা দিয়াৰ বছৰটোত আন এটা ঘটনা ঘটিছিল। পৰীক্ষালৈ কেইটামান দিন বাকী। আবেলি চকীত বহি পঢ়ি আছে, এনেতে পিছফালে উচুপনিৰ শব্দ শুনি ঘূৰি চাই দেখে তেওঁৰ মোমায়েকৰ পুতেক ভুবন চন্দ্ৰ উচুপি উচুপি থিয় হৈ আছে। এওঁ এণ্ট্ৰেন্স পৰীক্ষা দিবলৈ আহিছিল। ককায়েকে ভাবিলে, তাৰ অংক পৰীক্ষা ভাল নোহোৱা বাবে কান্দিছে। পিছে কথা বিষম। পৰীক্ষাত এশৰ ভিতৰত এশই শুদ্ধ, কিন্তু বহীখনৰ ওপৰত নাম নিলিখাকৈয়ে জমা দি আহিছে। ককায়েকে একে জাপে চকীৰ পৰা উঠি ভায়েকক চোঁচৰাই লৈ গ’ল চুডমাৰ্ছন চাহাবৰ ওচৰলৈ। চাহাবে সকলো কথা শুনি পৰীক্ষাৰ্থীজনক নানাভাৱে পৰীক্ষা-নিৰীক্ষা কৰি বহীখনত নামটো লিখিবলৈ দিছিল। সকলো কাম নিৰ্বিঘ্নে হৈ যোৱাৰ পিছত চুডমাৰ্ছনে তেওঁৰ মৰমৰ ছাত্ৰজনক সুধিছিল বহীত নাম নিলিখা ল'ৰাজন কোন? উত্তৰত ছাত্ৰজনে ক'লে— ‘মোৰ কাজিন।’ অধ্যক্ষই মাটিত সজোৰে পদাঘাত কৰি কৈছিল— ‘The world is your cousin!’ আচলতে সেই সময়ত কটনত পঢ়ি আছিল গিৰীন্দ্ৰ মোহনৰ আৰু দুজনমান কাজিন।

 ইংৰাজী সাহিত্যৰ বিখ্যাত অধ্যাপক পি চি ৰয়ক দেউতাহঁতে পোৱা নাছিল। ১৯২৯-৩১ চনত কটন কলেজত নাম লগোৱা প্ৰথম গৰাকী ছাত্ৰী সুজাতা ৰয় আছিল পি চি ৰয়ৰ কন্যা। সুজাতাৰ আইতাক (মাতামহী) স্বৰ্ণলতা গুণাভিৰাম বৰুৱাৰ জীয়ৰী। কটন কলেজত ছোৱালীয়ে নাম লগোৱা শুনি দেউতাই বোধকৰো ভাবিছিল তেওঁ কেতিয়াবা কন্যা সন্তানৰ পিতৃ হ’লে তাইক তাতে পঢ়াব। তেওঁৰ মনৰ ইচ্ছা পূৰ্ণ কৰিবলৈকে হ’বলা এই ধৰাত মোৰ আগমন ঘটিল। মই লহপহলৈ বাঢ়িলো সেইখন কলেজতে পঢ়িবলৈ।


পেহী অৱলাৰ বিয়া

চক্ৰবৎ পৰিবৰ্তন্তে দুখানি চ সুখানি চ— সুখ আৰু দুখ ঘূৰে চকৰিৰ দৰে। যমুনাৰ জীৱন-চকৰিটোও ধীৰে ধীৰে ঘূৰি থাকে। ধুমুহা বতাহেও ভাঙিব নোৱাৰা মানুহজনীয়ে নিজৰ ভাগ্যাকাশৰ পূব দিগন্তত দেখা পালে নতুন সূৰুযৰ ৰঙচুৱা পোহৰ। দুখৰ বিনিদ্ৰ নিশা পাৰ হ’ল নে, তেওঁ ভাবে।

 ১৯২১ চন। বৰপুত্ৰ গিৰীনে কটন কলেজৰ পৰা কলা শাখাত বি এ পাছ কৰি বংশৰ মুখ উজলালে। মাজু পুত্ৰ বীৰেনো দুবছৰ পিছত একেখন কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক হৈ ওলাব। এই ল’ৰাজন ফুটবল খেলতো পাকৈত। সৰুটো ল’ৰা নৰেনে মন পুতি পঢ়ি আছে। এণ্ট্ৰেন্স পাছ কৰাৰ পিছত সকলোৰে ইচ্ছা তেওঁক ডিব্ৰুগড়ৰ বেৰী হোৱাইট মেডিকেল স্কুলত ডাক্তৰী পঢ়োৱাৰ। চন্দুকত থোৱা সোণখিনি লিৰিকি-বিদাৰি চাই যমুনাই

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /২৭