পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰচণ্ড শক্তি ওলাই আহে নিউক্লিয়াচ বিভঞ্জনৰ (fission) ফলত। পৃথিৱীৰ সকলো ঠাইতে পোৱা একেবিধ মৌলিক পদাৰ্থৰ, ধৰি ল’লো লো, পৰমাণুৰ গঠন, প্ৰোটন-নিউট্ৰনৰ সংখ্যা একে। মোৰ ক্ষুদ্ৰ মগজুত এইবোৰ কথাই তোলপাৰ লগালে। বিশ্বৰ সকলো বস্তুৰ জধে মধে সৃষ্টি নিশ্চয় হোৱা নাই। হোৱা হ’লে কাৰো লগত কাৰো সামঞ্জস্য নাথাকিলহেঁতেন। তেনেহ’লে সকলো সৃষ্টিৰ আঁৰত কোনোবা সৃষ্টিকৰ্তা আছে নে? সেই সৃষ্টিকৰ্তাকে ঈশ্বৰ বোলে নে? স্কুলত পঢ়োতে প্ৰহ্লাদৰ দৰেই ঈশ্বৰ আৰাধনা কৰা সত্ত্বেও তেৰাক দেখা নাপাই নাস্তিক হোৱা বুলি ইতিমধ্যে লিখা হৈছে। অনু-পৰমাণুৰ জ্ঞান হোৱাৰ পিছত কোনোবা এজন সৃষ্টিকৰ্তাৰ অস্তিত্বৰ বিষয়ে সন্দিহান হ’বলৈ ধৰাৰ ফলত মই হ’লোগৈ এ্যগ্‌নষ্টিক— হয়তো ঈশ্বৰ আছে হয়তো নাই। প্ৰাকৃতিক শক্তিয়েই হয়তো সেই ঈশ্বৰ।


কটন কলেজ ইউনিয়ন ছ'চাইটি

স্নাতক মহলাত নাম লগোৱাৰ পাছত ১৯৪৯-৫০ চনত সেই বছৰ কলেজ ইউনিয়নৰ নিৰ্বাচনত মহিলা জিৰণি কোঠাৰ সম্পাদিকাৰ পদৰ বাবে মই প্ৰতিদ্বন্দ্বিতা কৰিব লাগে বুলি ছাত্ৰীসকলৰ একাংশই বৰকৈ জোৰ দিছিল। আজিও মোৰ স্বভাৱ মানুহৰ চকুৰ আঁৰত থাকি কাম কৰা। পিছে হেঁচাত পৰি ওলাবলগীয়া হওঁ। হেঁচাত পৰিয়ে নিৰ্বাচন খেলিলো। আজিৰ যুগৰ দৰে ইমান জাকজমককৈ নেপাতিলেও আমাৰ সময়তো নিৰ্বাচনৰ আগে আগে কলেজ কেম্পাছত যথেষ্ট উখল-মাখল হৈছিল। মাইকত শ্ল’গান ধ্বনি, বক্তৃতাৰ দপদপনি ইত্যদিয়ে কলেজ চৌহদ উত্তপ্ত কৰি ৰাখিছিল। দেৱালবোৰ ভৰি পৰিছিল প’ষ্টাৰেৰে। ৰাতিৰ এন্ধাৰত কিছুমান ছাত্ৰই অশ্লীল ভাষাৰে লিখা প’ষ্টাৰ আঁৰিছিল, সভ্য কটনিয়ানৰ দল এটাই ৰাতিপুৱা সেইবোৰ ফালি পেলাইছিল। মহিলা জিৰণি কোঠাৰ সন্মুখত মাৰি থোৱা প’ষ্টাৰখন বৰ বেছি ৰুচি বিগৰ্হিত নোহোৱা বাবেই হ’বলা সেইখন তেনেকৈয়ে এৰি থৈ গ’ল। আমাৰ ক্লাছৰ ছাত্ৰ এজন সেই নিৰ্বাচনত থিয় হৈছিল। তেওঁৰ নামেৰে লিখা বাক্য কেইশাৰী কেনেবাকৈ মনত থাকি গ’ল। ছাত্ৰজনৰ নাম উহ্য ৰাখি কথাখিনি লিখিলো— ‘ভোট দিবা দিবা কাক, অমুক বৰুৱাক? অমুক পাইতাৰাৰ নুগুছে পিয়াহ হে অভাগিনী ভোটেৰে তোমাৰ।’

 কলেজ এৰাৰ সুদীৰ্ঘ পঞ্চল্লিশ বছৰ পিছত অমুক বৰুৱাৰ লগত হঠাতে দেখা বিয়া এখনত। দৰা তেওঁৰ ভাগিন, কইনা মোৰ ভাগিনী। সাউত কৰে প'ষ্টাৰত লিখা বাক্য কেইশাৰীলৈ মনত পৰিছিল।

 আমাৰ সময়ত নিৰ্বাচন হৈছিল Proportional representation by means of the Single Transferable Vote System নামৰ এক জটিল পদ্ধতিৰ দ্বাৰা। গণনাত প্ৰথম পছন্দৰ ভোটেৰে মই জিকি যোৱাৰ পাছত বুজা গৈছিল যে কেৱল ছাত্ৰীৰে নহয়, বুজন সংখ্যক ছাত্ৰৰো প্ৰথম ভোটটো পাইছিলো। কেইজনমান ধেমেলীয়া ল’ৰাই সেইসকল ছাত্ৰক উদ্দেশি কৈছিল— ‘হেৰ, গাৰ্লছ কমন ৰুমৰ ছেক্ৰেটাৰী নিৰ্বাচন কৰি তহঁতৰ কি লাভ হ’ব?’

 ১৯৪৯-৫০ বছৰটোৰ বাবে কটন কলেজ ইউনিয়ন ছ’চাইটিৰ সাধাৰণ সম্পাদক হিচাপে

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১০৯