পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভনী ডলক লগত লৈ গুৱাহাটীলৈ বাইদেউৰ ঘৰলৈ আহিছিলো। তদুপৰি ভাবিছিলো কেইমাহমান পাছত কলকাতালৈ পঢ়িবলৈ গ’লে বাইদেউৰ ঘৰলৈ সহজেতো অহাও নহ’ব। নিয়তিয়ে বোধকৰো অলক্ষ্যে হাঁহিছিল। এদিন গধূলি বাইদেউহঁতৰ ঘৰৰ এন্ধাৰ বাৰাণ্ডাখনত বহুৱাই ইটো-সিটো কথা কোৱাৰ পাছত বাইদেৱে শুনালে হৃদয় ভাগি চিগি থানবান হোৱা বাতৰি এটা— দেউতাৰ কেন্সাৰ হৈছে, এইৰোগ ভাল নহয়। মোৰ মূৰত হ’ল সহস্ৰ বজ্ৰপাত। সেই মুহূৰ্তলৈ মনত পৰিলে মই আজিও অসহায়বোধ কৰো। ভাবি অবাক হওঁ যে তেতিয়ালৈকে কেন্সাৰ ৰোগটোৰ নামকে শুনা নাছিলো। ভগ্ন হৃদয়েৰে অভয়াপুৰীলৈ আহি থকাৰ সময়ত হঠাতে নিজৰ বয়স ভালেখিনি বাঢ়ি যোৱা যেন লাগিল। মই যেন একৈশ-বাইশ বছৰীয়া ৰাংঢালী গাভৰু নহওঁ। ঘৰখনৰ দায়িত্ব ল’বলৈ মই প্ৰতিজ্ঞাবদ্ধ হ’লো।

 আচৰিত কথা দেউতাই নিজেও জনা নাছিল যে তেওঁৰ বুকুত বাহ লৈছিল সেই কালব্যাধিয়ে। আচলতে এই ৰোগটোৰ বিষয়ে অধিকাংশ মানুহ আছিল অজ্ঞ। তদুপৰি দেউতাই ডাক্তৰৰ কথা বেদবাক্য জ্ঞান কৰিছিল। কলকাতাৰ চিত্তৰঞ্জন কেন্সাৰ হাস্পতালৰ ডাক্তৰে তেওঁৰ benign টিউমাৰ হোৱা বুলি কৈছিল, তেৱোঁ বিশ্বাস কৰিছিল। বেমাৰটোৰ নাম নজনা বাবে হয়তো মনৰ জোৰতে হওক বা কেইবাবাৰো কলকাতাত গৈ চিকিৎসা কৰোৱাৰ বাবে প্ৰায় দুটা বছৰ জীয়াই থাকিব পাৰিছিল দেউতা।

 বাইদেউহঁতৰ ঘৰৰ পৰা উভতি গৈয়ে প্ৰস্তাৱ দিলো যে অভয়াপুৰীৰ যোগেন্দ্ৰ নাৰায়ণ মেম’ৰিয়েল বালিকা হাইস্কুলত শিক্ষয়িত্ৰী হিচাপে যোগ দিবলৈ ইচ্ছুক মই। বিজ্ঞান আৰু অংকৰ শিক্ষয়িত্ৰীৰ চাকৰি তেতিয়াৰ দিনত পোৱা অতি সহজ আছিল। দেউতাই কয় তেওঁ সুস্থ হোৱাৰ পাছত মইতো এম এছ চি পঢ়িবলৈ যাবই লাগিব, চাকৰিৰ কি প্ৰয়োজন। যদিও তেওঁক প্ৰকাশ্যে কৈছিলো যে— ‘তেতিয়া চাকৰি এৰিম’, মনতে কৈছিলো, পিতৃহাৰা হ’বলৈ আমাৰ আৰু বেছি দিন নাই। তেওঁৰ মৰমৰ আৰু আলাসত তোলা জীয়েককেইজনীৰ, স্নেহময়ী পত্নীৰ কি যে আলাই-আথানি হ’ব তেওঁ নজনাই ভাল। তেওঁ আশা কৰি থাকক সুস্থ হ’ব বুলি। ইফালে ঘৰত মা আৰু মোৰ তলৰ ভনী তিনিজনীয়েও নাজানে দেউতা চিৰদিনৰ বাবে যাবগৈ বুলি।

 সদলবলে কলকাতালৈ চিকিৎসাৰ বাবে যাবলগীয়া হোৱাত কিছু মাটিও বেচিবলগীয়া হৈছিলো। ইতিমধ্যে দুজনী ভনী টুলু (সবিতা) আৰু খুকুই (প্ৰতিমা) তেতিয়া অভয়াপুৰীত কলেজ নথকাৰ বাবে গুৱাহাটীৰ সন্দিকৈ কলেজত নাম লগালে। কিছুমানে কৈছিল—দেউতাকৰ যোৱা-থোৱা অৱস্থা জীয়েককেইজনীক পঢ়াবৰ কি দৰকাৰ। মেট্ৰিক পাছ কৰিছে সেয়ে যথেষ্ট। মাৰ মতে বিদ্যোৎসাহী দেউতাকৰ জীয়েকহঁতক কষ্ট কৰি হ’লেও পঢ়াব।

 কলকাতাৰ চিকিৎসকসকলে দেউতাক আদৰ্শ ৰোগী বুলি বখানিছিল। কাৰণ তেওঁক যি কোৱা হয় তাকেই মানি লৈছিল— চিত হৈ শুবলৈ ক’লে তেনেকৈয়ে শুইছিল, বহিবলৈ ক’লে বহি থাকিছিল। প্ৰচণ্ড কষ্ট সহ্য কৰাৰ ক্ষমতা আছিল তেওঁৰ। তেওঁক চিকিৎসা কৰা কলকাতাৰ চিকিৎসক ডাঃ নীহাৰ সৰকাৰক এবাৰ অভয়াপুৰীলৈ অনোৱা হৈছিল। অভয়াপুৰীৰ

১২৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি