পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাহাব। আহত-নিহতেৰে ভৰি পৰিছে প্ৰতিখন হাস্পতাল। ডাক্তৰ-নাৰ্ছসকলে দিনে-ৰাতিয়ে চোৱাচিতা কৰি আছে তেওঁলোকক। খোৱা-শোৱাৰ সময় নাই কাৰো। বেনাৰ্জি চাহাবৰ দেহত এনে এডাল হাড় নাছিল, যিডাল নভগাকৈ আছিল। জীৱনটো তেওঁ ঘূৰাই পালেও প্লাষ্টাৰৰ আৱেষ্টনীত থাকিবলগীয়া হৈছিল কেইবামাহ। বেনাৰ্জি বাইদেউৰ সেৱা-শুশ্ৰূষাই এদিন তেওঁক সুস্থ কৰিলে। বিছনাত পৰি থকা অৱস্থাত ৰোগীৰ শৌচৰ টোপোলাবোৰ কণমানি জীয়েকে বাটৰ আৱৰ্জনা পেলোৱা পাত্ৰবোৰত পেলাই দি আহিছিল। দেউতাকে হেনো ওচৰলৈ মাতি আনি তাইক কৈছিল— ‘মাজনী, যি দুখন হাতেৰে তুমি এই কাম কৰি আছা তোমাৰ বিয়াত সেই দুখন মই সোণেৰে ঢাকি দিম।’ বেনাৰ্জি চাহাবে তেওঁৰ কথা ৰাখিছিল। তাইৰ বিয়াৰ সময়ত বিভাগৰ শীৰ্ষ পদ পাইছিল দেউতাকে। কেৱল হাত নহয়, সৰ্বশৰীৰ ঢাক খোৱাকৈ দিছিল সোণৰ অলংকাৰ। তাইৰ বিয়াৰ কাপোৰ-কানি কিনিবলৈ বাইদেউৰ লগত ময়ো গৈছিলো। ব্লাউজবোৰ ঘৰতে চিলাই দিছিলো মই। বিয়াখন কলকাতাত হোৱা বাবে দেখা নাপালো।

 গুহই থিচিছখন দাখিল কৰাৰ পাছত শেষবাৰলৈ গ’লো আগ্ৰালৈ। তাৰ পৰা জা প্ৰতিভা বাইদেউক লগত লৈ আমি ৰাজস্থান ভ্ৰমণলৈ গৈছিলো। আকবৰৰ পৰিত্যক্ত ৰাজধানী ফতেহপুৰ চিক্ৰিলৈ গৈছিলো আকৌ। তাত থকা বুলন্দ দৰৱাজা, চেলিম চিস্তিৰ সমাধি আদিয়ে মোক বাৰে বাৰে টানে।

 ১৯৬২ চনৰ নৱেম্বৰৰ প্ৰথম সপ্তাহত অসমমুৱা ট্ৰেইনত বহি আমাৰ যাযাবৰী জীৱনৰ অন্ত পৰিল। এওঁ পিছে কৈ থৈছিল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত মই পি এইচ ডিৰ বাবে গৱেষণা কৰিব লাগিব। এম এছ চি ফাইনেলতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰা বাবে ইউনিভাৰচিটি গ্ৰাণ্ট কমিছনৰ জুনিয়ৰ ফেল’শ্বিপ পোৱা টান নহ’ব বুলি দিল্লীতে শুনি আহিছিলো। তেতিয়া ভাবিছিলো পিছৰ কথা পিছত, প্ৰথমতে ঘৰ গৈ পাওঁতো।

 আমাৰ পৰিয়াললৈ তৃতীয় সদস্যৰ আগমনৰ সময় হৈ আহিছিল। গুৱাহাটীলৈ আহি উলুবাৰীৰ ঘৰত দুদিনমান কটাই মই গ’লো শ্বিলঙত বাইদেউহঁতৰ ঘৰলৈ। গুহ গ’ল তেওঁৰ দৰং কলেজৰ চাকৰিত তিনি বছৰৰ ছুটীৰ পাছত যোগ দিবলৈ। তদুপৰি তেজপুৰত ঘৰ এটা ভাড়া কৰি অনুষ্টুপীয়াকৈ সংসাৰ এখন পাতি থ’ব যাতে দুমাহমান পাছত নতুন আলহীৰে সৈতে সোমাব পাৰো। ভাগ্য আৰু ভাগ্য নিয়ন্তা বোলা কোনোবা যদি আছে তেনেহ’লে তেৰাই নিশ্চয় মোৰ প্লেন-প্ৰগ্ৰাম শুনি মিচিকি মিচিকি হাঁহিছিল।


অতল অন্ধকাৰত

আমাৰ দিল্লীবাস শেষ পৰ্যায়ত উপনীত হোৱাৰ সময়ত ভাৰত-চীন সম্পৰ্কক কেন্দ্ৰ কৰি এটা সংকটে মূৰ দাঙি উঠিছিল। সেই সম্পৰ্কৰ দ্ৰুতবেগে অৱনতি ঘটি আমি অসমত সোমোৱাৰ প্ৰায় লগে লগে ভয়াৱহ মূৰ্তি ধাৰণ কৰিলে। সেই সংকটে গ্ৰাস কৰিলে আমাকো।

 ১৯৪৭ চনত ভাৰত স্বাধীন হ’ল। ইফালে বহু বছৰ নানা আহুকাল ভোগাৰ পাছত

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৬৭