পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সকলোকে মাতিলো চিঞৰি চিঞৰি। হুৰহুৰাই কাজিনবাহিনীয়ে মোৰ পিছ ল’লে। পিছে আমাৰ আনন্দত চেঁচাপানী ঢালি গালি বৰ্ষণ কৰি কৰি ওলাই আহিছিল ডাঙৰ খুড়া। মানুহ চাবলৈ অসভ্যৰ দৰে আচৰণ কৰাটো আছিল আমাৰ অপৰাধ। ক’ত বগা-বগীহঁতক দেখি নয়ন সাৰ্থক কৰিম, ভয়তে সোমাবলগীয়া হ’লো বৈঠকখানাৰ চকী-মেজৰ তলত। তাৰ পৰা টানি উলিয়াই খুড়াই আমাক আচাৰ-ব্যৱহাৰ শিকাবলৈ দীঘলীয়া লেকচাৰ জাৰিলে।আমি অধোবদন হৈ শুনি থাকিলো যদিও মেমহঁতক নেদেখাৰ দুখত ম্ৰিয়মান হৈ আছিলো। খুড়াৰ হাতৰ পৰা উদ্ধাৰ পোৱাৰ পিছত ঘৰৰ চুক এটাত একেলগ হৈ ফুচফুচাই আমাৰ দুখৰ কাহিনীৰ বিষয়ে আলোচনা কৰাৰ কথা আজিও মনত পৰে।

 বহু বছৰ পিছত মই কলেজত পঢ়ি থাকোতে মানুহ চাবলৈ যোৱাক কেন্দ্ৰ কৰি একেজন খুড়াৰ গালি খাইছিলো। চাবলৈ যোৱা মানুহ দুজন কিন্তু চাহাব নাছিল, আছিল ফিল্মষ্টাৰ। এজন আছিল প্ৰদীপ কুমাৰ আৰু আনজন বিকাশ ৰয়। প্ৰদীপ কুমাৰে বাংলা-হিন্দী দুয়ো ভাষাৰ চিনেমাত অভিনয় কৰিছিল, বিকাশ ৰায়ে বোধকৰো কেৱল বাংলাত। তেওঁলোক দুয়ো, বিশেষকৈ প্ৰদীপ কুমাৰ আছিল বৰ জনপ্ৰিয়। চেলিমৰ ভাৱত অভিনয় কৰা তেওঁৰ এখন হিট কথাছবি আছিল ‘আনাৰকলি’। আনাৰকলি হৈছিল বীনা ৰায়। সেইখন ছবিত হেমন্ত কুমাৰে গোৱা গীতবোৰলৈ আজিও মনত পৰে। আমি হোষ্টেলৰ পৰা কেইজনীমান ছোৱালীয়ে গুৱাহাটীৰ এজন বিশিষ্ট অথচ বদনামী মানুহৰ ঘৰলৈ অতিথি হিচাপে অহা তাৰকাদ্বয়ক চাবলৈ ঢাপলি মেলিছিলো। নাজানো কোনে কথাষাৰ গুৱাহাটীবাসী খুড়াক লগালে। মনৰ আনন্দত যেতিয়া প্ৰদীপ কুমাৰ আৰু বিকাশ ৰায়ক দেখি জীৱন সাৰ্থক কৰি উভতিছো তেতিয়া কটকী পঠিয়াই মোক মাতি নিয়া হ’ল। তাৰ পিছত সকলো আনন্দ নিমিষতে মিহলি হৈ গ'ল ধূলিত। খুড়াই কথাষাৰ দেউতাক জনাব বুলি কৈ দিলে। বহুদিনলৈ দেউতাৰ গালি খোৱাৰ ভয়ত বুকুখন ঢিপ্লিং ঢিপ্লিং কৰি থাকিল। খুড়াই বোধকৰো জনোৱা নাছিল, মোক ৱাৰ্নিং এটাহে দিছিল। কাৰণ দেউতাৰ গালি খাবলগীয়া নহ'লো।

 এটা সময়ত চিনেমাত অভিনয় কৰা লোকসকলৰ, বিশেষকৈ অভিনেত্ৰীসকলৰ সামাজিক মৰ্যাদা বৰ সুবিধাজনক নাছিল। তেওঁলোকক লগ পাবলৈ যোৱাটোও আছিল গুৰুতৰ অপৰাধ, তাকো এজন বদনামী মানুহৰ ঘৰত। আজিকালি চিনেমা হলটো বেডৰুমলৈ অহা বাবে পৰিয়ালৰ সকলোৱে একেলগে বহি নায়কৰ বাহুবন্ধনত থাকি এবেগেত কাপোৰ পিন্ধা উলংগ নায়িকাৰ অভিনয় চায়। বাতৰি কাকত, আলোচনী আদিতো ছবিৰ সৈতে ছপোৱা সেইসকল নৰ-নাৰীৰ বিষয়ে সকলোৱে একেলগে পঢ়ে। আমাৰ সময়ত আপাদমস্তক ঢাকি ৰখা অভিনেত্ৰীসকলকো অনেকে বাঈজীহে বুলিছিল। আজি ভাবো, তেতিয়াৰ মানুহ বোধকৰো অহেতুক বেছি ৰক্ষণশীল আছিল। আৰু আজিৰ একাংশ হৈছে বেছি মুকলি।

 যাওক বাৰু এইবোৰ কথা। আতাৰ মনৰ ইচ্ছা পূৰ্ণ কৰিবলৈ আবুৱে তেওঁলোকৰ বৰপুত্ৰ গিৰীন্দ্ৰক অৱশেষত গুৱাহাটীলৈ পঠাইছিল কটন কলেজৰ কলা বিভাগত আৰু দুবছৰ পিছত মাজুপুত্ৰ বীৰেন্দ্ৰক বিজ্ঞান বিভাগত ভৰ্তি কৰাবলৈ। আৰ্থিক অনাটনৰ মাজতো কেনেকৈ যে আবুৱে এই অসাধ্য সাধন কৰিলে নাজানো। অৱশ্যে আবুৰ সোণখিনি আছিল তেওঁৰ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /২৫