পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাবে, পাৰিবতো নৰেনক ডাক্তৰী পঢ়াবলৈ। কোৱা বাহুল্য যে নৰেনক বেৰী হোৱাইট মেডিকেল স্কুললৈকে পঢ়িবলৈ পঠিওৱা হৈছিল। নিচেই কম বয়সতে বিধৱা হোৱা যমুনাই অলংকাৰৰ পাহাৰ থকা সত্ত্বেও সকলো ত্যাগ কৰিবলগীয়া হৈছিল। বাকচত ভৰাই থৈছে বেনাৰচী-আনাৰচী শাৰীবোৰ। স্বামীহীনা হিন্দু নাৰীয়ে যে সকলো ত্যাগ কৰি শুধ বগা কাপোৰ পৰিধান কৰিব লাগে, আমিষ আহাৰ ত্যাগ কৰিব লাগে! তাৰ বাবে যমুনাৰ কোনো খেদ নাই। সেই সোণেৰে যে তেওঁৰ বুকুৰ আমঠু কেইটিক মানুহ কৰিব পাৰিছে এয়েতো তেওঁৰ পৰম প্ৰাপ্তি।

 ছমাহ বয়সতে পিতৃহীন হোৱা অবলাজনীৰ ৰূপ-গুণৰ খিয়াতি চৌদিশে জনাজাত হৈছে। দৰাৰ খবৰো আহি আছে। জীয়েকলৈ চাই ভাবে তাইৰ কপালখন যেন মাকৰ দৰে নহয়গৈ। এৰি অহা দিনবোৰে তেওঁক উপলব্ধি কৰিবলৈ শিকাইছে যে জীৱনত কেৱল ধনবলৰে নহয়, জনবলৰো প্ৰয়োজন আছে। ঘৰখন মানুহেৰে ভৰি থকা হলে কোনোবা হত্যাকাৰীয়ে সাহস পালেহেঁতেননে মুহূৰ্ততে তেওঁৰ জীৱনটো এইদৰে তচনচ কৰিবলৈ। মনে মনে সিদ্ধান্ত ল'লে তেওঁৰ আলাসৰ লাৰু, ককায়েকহঁতৰ নয়নৰ মণি বুৰীক এনে এটা পৰিয়ালত বিয়া দিব য’ত একেটা চৰুত ভাত খায় কুৰি-পঁচিশজনে। এইবোৰ কথা ভাবি থাকোতে ডাক্তৰ দৰা এজন ওলাল। ডিব্ৰুগড়ৰ পৰা নহয়, তেওঁ এম বি পাছ কৰি আহিছে কলকাতাৰ মেডিকেল কলেজৰ পৰা। নিঃসন্দেহে অতি লোভনীয় পাত্ৰ। গোৱালপাৰা চহৰৰ সমীপৱৰ্তী মৰনৈত তেওঁৰ ঘৰ। সদ্য গ্ৰেজুৱেট বৰপুত্ৰই যেন আকাশৰ জোনটো হাতত পালে। পিছে মাকে ক’লে— ‘সদবংশৰ চিকিৎসক জোঁৱাই এজন পোৱা ভাগ্যৰ কথা, কিন্তু একমাত্ৰ পুত্ৰ সন্তানলৈ ছোৱালীজনীক দিবলৈ মোৰ মনটো আগনাবাঢ়ে যে সোণ।’

 ‘দেউতা অকলশৰীয়া নাছিল জানো?’

 ‘তথাপিতো আমাৰ ভাগ্য ভাল, তেওঁৰ খুৰাকৰ ঋষিতুল্য দুজন পুতেক আছিল, তহঁতৰ শশী খুৰা আৰু নিশি খুৰা, আৰু আছিল তহঁতৰ মাষ্টাৰ বাবু সতীশ দত্ত, ৰূপসীৰ জমিদাৰ পৰিয়ালটো আৰু প্যাৰীমোহন দত্ত। এওঁলোক নথকা হ’লে আমাক শিয়াল-কুকুৰে টানি লৈ গ'লহেঁতেন।’

 এইখিনি কথা কৈ হঠাতে তেওঁ থমকি ৰ’ল। অতীতৰ কিছুমান ভয়ংকৰ ঘটনাৰ কথা ভাবি শিঁয়ৰি উঠিল মানুহজনী। বাকৰুদ্ধ হৈ গভীৰ চিন্তাত পোত যাবলৈ ধৰা মাকক দেখি পুতেকেও মনোকষ্ট পালে। দুখিনী মাকৰ বাবে তেওঁৰ প্ৰাণ কান্দি উঠিল। চকুপানী লুকুৱাবলৈ তেওঁ মাকক অকলে এৰি থৈ আঁতৰি গ’ল। এনেতে চঞ্চলা হৰিণীৰ দৰে নাচি নাচি মাকৰ কাষ পালে পাটগাভৰু বুৰী বা অবলা। মাকক থৰ লাগি বহি থকা দেখি তাইৰ নাচ বন্ধ হ’ল। মাকক দুবাহুত ধৰি জোকাৰি দিয়াৰ লগে লগে তেওঁৰ দুচকুৰে ধাৰাসাৰে নামি আহিল বৰষাৰ ধল। জীয়েকক সাবটি ধৰি কঁপা কঁপা মাতেৰে ক'লে— ‘আই অ’, তোক জাকৰুৱা ঘৰত বিয়া দিম।’ লাজতে ৰঙা পৰি দৌৰি ওলাই গ’ল অবলা।

 যমুনাৰ মন আকৌ উৰা মাৰিলে অতীতলৈ। চিনেমাৰ পৰ্দাত দেখা দিয়াৰ দৰে সেই দিনবোৰ, সেই ভয়ংকৰ দিনবোৰৰ ছবি এটাৰ পিছত এটাকৈ ওলালহি মনৰ পৰ্দাত।

২৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি