পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেখাত অলপ শুৱনি কৰি লৈছিল। আমাৰ ফ্ৰকবোৰতো কৰি দিছিল এমব্ৰয়ডাৰি। খেতিৰ ধান থকা বাবে চাউলৰ অভাৱ আমাৰ নাছিল। বাকী খাদ্য সামগ্ৰী দেউতাই ক'ৰ পৰা সংগ্ৰহ কৰিছিল নাজানো। পাকঘৰৰ আখলৰ ওপৰত বাঁহৰ চাং বান্ধি কলপাতৰ টোপোলাত নিমখ সংৰক্ষণ কৰি ৰখাৰ কথা মনত আছে।

 আমি সৰুৰে পৰা ইংলেণ্ডত তৈয়াৰী লজেন্স, বিস্কুট, ললীপপ আদি খাইছিলো। আমিয়ে নহয় সকলোৱে খাইছিল। কাৰণ পৰাধীন ভাৰতত এইবোৰ বস্তু তৈয়াৰ নহৈছিল। যিয়েই নহওক, যুদ্ধৰ সময়ত আমি ল'ৰা-ছোৱালীবোৰে লজেন্স, বিস্কুটৰ দুৰ্ভিক্ষত চকুপানী টুকিছিলো। এতিয়া ভাবো ভাত এমুঠিৰ বাবে যেতিয়া হাহাকাৰ অৱস্থা, তেতিয়া আমি চিন্তা কৰিছিলো ললীপপৰ!

 দুৰ্ভিক্ষই কলকাতাত এক বিভীষিকাৰ সৃষ্টি কৰিছিল বুলি শুনিছিলো। সেই সময়ত কিশোৰ অৰ্মত্য সেনে চাক্ষুস কৰা সেই বিভীষিকাই তেওঁৰ মনত এক মছিব নোৱাৰা ছাপ পেলাই থৈ গৈছিল। সময়টো আছিল ১৯৪৩ চন। দুৰ্ভিক্ষৰ পৰা কেনেকৈ হাত সাৰিব পাৰি সেই বিষয়ে পৰিণত বয়সত অমৰ্ত্য সেনে বহু পৰামৰ্শ আদি আগবঢ়াইছে। প্ৰবন্ধ পাতিও আছে একাধিক। দুৰ্ভিক্ষ হয় মানুহৰ ভুল নীতিৰ বাবে।

 আমাৰ গৃহস্থ অমলেন্দু গুহ সেই সময়ত কলকাতাৰ প্ৰেছিডেন্সী কলেজৰ ছাত্ৰ আছিল। তেওঁৰ মুখত পাছত শুনিছো তেওঁলোকৰ হোষ্টেল ওৱাই এম চি এৰ পৰা বাৰ মিনিটৰ পথৰ আঁতৰৰ কলেজলৈ যাওঁতে বাটৰ দুয়োকাষে বাগৰি থকা দুৰ্ভিক্ষপীড়িত মানুহৰ মাজেদি খোজকাঢ়ি যাবলগীয়া হৈছিল। এওঁলোকৰ ভিতৰত আছিল মৃতদেহ আৰু অৰ্ধমৃতদেহো। নিশকতীয়া মানুহবোৰে কোনোমতে শুনা পোৱাকৈ বাটৰুৱাক কাকুতি কৰিছিল— অলপ ভাতৰ মাৰ দিবলৈ। ক্ষুধা কাক বোলে এওঁলোকক নেদেখিলে অনুভৱ কৰিব নোৱাৰি। গৃহস্থৰ হোষ্টেলৰ চৌহদত প্ৰতিদিনে বিতৰণ কৰা হৈছিল খিচিৰী। পিছে দিব কিমানক? চোতালখন ভৰি গ’লে গেট বন্ধ কৰি দিছিল। গাঁওবোৰত চাউলৰ আকাল হোৱাত গঞা ৰাইজে ধাৰণা কৰিছিল যে কলকাতালৈ আহিব পাৰিলে হয়তো অভুক্ত হৈ থাকিব নালাগিব। ফলত কলকাতাৰ ওপৰত পৰিছিল মানুহৰ প্ৰচণ্ড হেঁচা। অসমলৈও আহিছিল কিছু দুৰ্ভিক্ষপীড়িত মানুহ। ইয়াত কেম্প পাতি গৌৰশংকৰ ভট্টাচাৰ্য প্ৰমুখ্যে সমাজসেৱীসকলে তেওঁলোকক চোৱা-চিতা কৰিছিল।

 সেই সময়ত বিশ্বযুদ্ধৰ ভয়াৱহ অৱস্থা। জাপানীসকল ভাৰতৰ পূব সীমাত উপস্থিত। তেওঁলোকৰ স’তে যুঁজ কৰিবলৈ অহা সেনাবাহিনীক খুৱাবলৈ খাদ্যবস্তু মজুত ৰাখিছিল বিভিন্ন ঠাইৰ পৰা চাউল-আটা আদি সংগ্ৰহ কৰি। ফলত সাধাৰণ মানুহৰ মাজত সৃষ্টি হৈছিল অভাৱৰ। দুৰ্ভিক্ষৰ পিছতে হয় মহামাৰী। গতিকে সেই সময়ত প্ৰাণ দিবলগীয়া হৈছিল অসংখ্য মানুহে। কোকৰাঝাৰত বহি আমি এই দুৰ্ভগীয়া মানুহবোৰৰ চৰম দুৰ্গতি দেখিবলগীয়া হোৱা নাছিলো। বহু বছৰ পিছত আমাৰ চিনাকি পৰিয়াল এটাৰ গৃহিণীগৰাকীয়ে কৈছিল যে পাঁচোটা সন্তানৰ সৈতে সাধাৰণ আয়ৰ পৰিয়ালটো প্ৰায়ে অভুক্ত হৈ থাকিছিল। চাউলখিনি সিজাই ভাতকেইটা দিছিল গৃহস্থ আৰু সৰু ল’ৰা-ছোৱালী তিনিটাক। ভাতৰ মাৰৰ লগত

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৭১