পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 চীনা যুদ্ধৰ সেই ভয়াৱহ দিনবোৰ শাম কটাৰ পাছতে পুত্ৰৰ জন্ম হোৱা বাবে আমাৰ বৰজনাৰ বোৱাৰী এগৰাকীয়ে তাৰ নাম দিছিল জয়, যেন চীনা যুদ্ধখন সিয়ে জিনি আনিছিল। যুদ্ধৰ পাছত শান্তিৰ পৰিবেশ যেন সিয়ে সৃষ্টি কৰিলে এনে এক উপলব্ধি তাৰ খুড়ীয়েক কৰৱীৰ মনত খেলোৱা বাবে তেওঁ নাম দিলে সুপ্ৰতীক। এইটো নাম গ্ৰহণ কৰিলো যদিও ঘৰত মতা জয় নামটোৰ আঁৰত যুদ্ধ জয়ৰ ইংগিত থকা বাবে মই হোহকা-পিছলা কৰি আছিলো। কাৰণ ভাৰতৰতো জয় হোৱা নাছিল। যাৰ যি মন যায় সেই নামেৰেই তাক মাতি আছিলো কেইমাহমান। এদিন হঠাতে শুনিলো, ভতিজা বোৱাৰীয়ে, যাৰ বয়স মাত্ৰ বাইশ বছৰমান, সকলোকে কন্দুৱাই গুচি গ’ল। সিদিনাৰ পৰাই তাই দি যোৱা জয় নামটো চিৰস্থায়ী হ’ল ঘৰত মতা নাম হিচাপে।

 যি কি নহওক, প্ৰায় এমাহমান জয়ক ঘৰত থৈ মই ইউনিভাৰৰ্চিটিলৈ অহা-যোৱা কৰি আছিলো। পৰিয়ালটোত তেতিয়া কোনো মহিলা নাছিল। আছিল বিভিন্ন বয়সৰ ল’ৰা-ডেকা। তাক সকলোৱে মৰম কৰিছিল। কোনে কোলাত ল’ব, কোনে শুৱাব, কোনে তাৰ লগত খেলিব তাকে লৈ টনা-আজোৰা। এদিন জালুকবাৰীৰ পৰা আহি দেখিলো তাক কোনোবাই ফুৰাবলৈ নিছে। তেতিয়াৰ দিনত গুৱাহাটীত গাড়ী-ঘোঁৰাৰ ভিৰো নাছিল, বোমাও নুফুটিছিল। গতিকে চিন্তা কৰাৰ কোনো কাৰণেই নাছিল। কিছুপৰ পাছত সি আহিল। লৈ যোৱাজনে ক’লে পাণবজাৰৰ মিঠাইৰ দোকানত জয়ক দুটা সন্দেশ খুৱাই আনিছে। মোৰ মূৰত আকাশখন ভাগি পৰা যেন লাগিল। ঘৰতে কৰা সন্দেশ খোৱাৰ বয়স হোৱা নাছিল তাৰ, খাইছে দোকানৰ? বীজাণু প্ৰতিৰোধ কৰাৰ ক্ষমতা তেতিয়ালৈ সি আহৰণ কৰা নাছিল। সেই মুহূৰ্ততে ফেলশ্বিপটো প্ৰত্যাখ্যান কৰাৰ সিদ্ধান্ত ল’লো। কেৰিয়াৰ গঢ়াৰ এনে এটা সোণালী সুযোগ পায়ো এৰি দিয়া বাবে অনেকে মোক মহামূৰ্খ বুলিও কৈছিল। আমাক মা-দেউতাই আতোল-তোলকৈ ডাঙৰ কৰিছিল। মই বিচৰা নাছিলো মোৰ ল’ৰা বীজাণু খাই খাই ডাঙৰ হওক। আমাৰ ইয়াত এতিয়াও নাই উন্নতমানৰ ক্ৰেশ্ব, তেতিয়াৰ দিনত ক্ৰেশ্বৰ নামেই আমি শুনা নাছিলো। ঘৰত নিজৰ পৰিয়ালৰ এজন দায়িত্বশীল মহিলা— মা, শাহু বা জা— থাকিলে সাহায্যকাৰিণীৰ হাতত শিশু এটাক থৈ আহিব পাৰি। মোৰ ক্ষেত্ৰত তেনে কোনো মহিলা নাছিল। তাৰ বাবে মই অৱশ্যে কেতিয়াও আফচোচ কৰা নাই।


আকৌ বাহিৰলৈ

আমাৰ যাযাবৰী জীৱনৰ সমাপ্তি নঘটিল। ১৯৬৫ চনৰ নৱেম্বৰত ঘৰৰ পৰা বহু আঁতৰত পুনেলৈ যাবলগীয়া হ’লো। তাত থকা ‘গোখলে ইনষ্টিটিউট অব্ পলিটিক্স এণ্ড ইকনমিক্স’ নামৰ গৱেষণামূলক প্ৰতিষ্ঠানটোত গুহই ৰীডাৰৰ পদত নিযুক্তি পাইছিল। প্ৰতিষ্ঠানটোৰ সঞ্চালক আছিল খ্যাতনামা অৰ্থনীতিবিদ প্ৰফেচৰ ডি আৰ গাদগিল, এওঁ এটা সময়ত যোজনা আয়োগৰ উপাধ্যক্ষ পদত আসীন আছিল। ভাৰতৰ প্ৰধানমন্ত্ৰীজনে অধ্যক্ষ পদটো

শুৱনি কৰাৰ নিয়ম। গোখলে ইনষ্টিটডিটৰ উপ-সঞ্চালক প্ৰফেচাৰ ভি এম দাণ্ডেকাৰো

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৭৫