পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাত এষাৰো নিদিলো। বহু সময় নীৰৱে থাকি মাৰ্থাও ওলাই গ’ল। মনত পৰিছিল নীলিমা সান্ন্যাললৈ, যিয়ে বিবাহ বিচ্ছেদ হোৱাৰ আনন্দত মোক বেংগলী মাৰ্কেটত ‘ভালো মন্দ’ খুৱাইছিল।

 সেই সময়তে ঘুনুক-ঘানাককৈ শুনিছিলো অমৰ্ত্য সেন আৰু নৱনীতাৰ সম্পৰ্কত ফাট মেলিছে। স্বামী-স্ত্ৰীৰ সম্পৰ্কটো বৰ স্পৰ্শকাতৰ। কাৰ দোষত সম্পৰ্কৰ অৱনতি ঘটে তেওঁলোক দুজনৰ বাহিৰে আনে হৃদয়ংগম কৰিব নোৱাৰে। গতিকে বাহিৰা মানুহে কাকো দোষ দিয়া উচিত নহয়। নৱনীতাক অমৰ্ত্যই ভাল পায়ে বিয়া কৰাইছিল। আকৌ নীলিমালৈ মনত পৰিল, ‘যি বতাহে ফুল ফুলায় সেই বতাহেই ধুমুহা হৈ তাণ্ডৱৰ সৃষ্টি কৰে।’ ইতিমধ্যে অমৰ্ত্য সেনৰ জীৱনত আন এচাটি মৃদু পৱনে নতুন এপাহি ফুল ফুলাব ধৰিছিল। মই ভাবি নেপাও, ইমান বিদ্বান প্ৰতিভাশালী মানুহজন কিয় তেওঁৰ ঘনিষ্ঠ বন্ধুপত্নীৰ প্ৰতি আকৃষ্ট হ’ল। দুয়োটা পৰিয়ালৰ মাজত ইমানে ওচৰ সম্পৰ্ক যে নৱনীতাহঁতে শিশু জীয়েক দুজনীক বন্ধুৰ ঘৰত থৈ ইফালে সিফালে বহু দিনৰ বাবে গৈছিল। আমি দিল্লী এৰাৰ পাছত শুনিছিলো নৱনীতাই যাদৱপুৰ বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি পাই ছোৱালী দুজনীৰ সৈতে কলকাতালৈ উভতি আহিছে। অমৰ্ত্য আৰু তেওঁৰ বন্ধুৰ ইটালীয়ান পত্নীয়ে দিল্লী এৰি বিদেশলৈ ঢাপলি মেলিছে। বন্ধুজনলৈ ভাবিলেও দুখ লাগে। দ্বিতীয় পত্নীৰ ফালৰ পৰা অৰ্মত্য এটা ল’ৰা আৰু এজনী ছোৱালীৰ দেউতাক হয়। কেই বছৰমান পাছত দ্বিতীয় পত্নীগৰাকীৰ মৃত্যু হয়। অমৰ্ত্য সেনৰ পাণ্ডিত্যক মই শ্ৰদ্ধা কৰিলেও মানুহ অমৰ্ত্যক কোনোদিনে শ্ৰদ্ধা কৰিব নোৱাৰিলো।


পুনেলৈ উভতিলো

দিল্লী বিশ্ববিদ্যালয় কেম্পাছত প্ৰায় এটা বছৰ থাকি, নৃতত্ব বিভাগলৈ মাজে মাজে গৈ কিতাপ-পত্ৰ, জাৰ্নেল আদি পাঠ কৰি বিষয়টোৰ লগত আঠ বছৰকাল পাছত আকৌ এটা সম্পৰ্ক স্থাপন কৰিলো। পুনেত থাকোতেই পি এইচ ডিৰ বাবে গৱেষণা কৰিবলৈ মনত এটা হেঁপাহ উপজিছিল। দিল্লীলৈ আহি মই পুনৰুজ্জীৱিত হ’লো।

 জয়ক ইতিমধ্যে লয়লা হাইস্কুলত ভৰ্তি কৰোৱা হৈছিল। চৰকাৰী সাহায্যপ্ৰাপ্ত মিশ্যনাৰী স্কুলখন আছিল অতি উন্নতমানৰ। মাচুল আদিৰ নিৰিখ চৰকাৰী স্কুলৰ দৰেই বৰ বেছি নহয়, স্কুলখনত আছিল খেলা-ধূলা কৰা, সাঁতোৰা আদিৰ বাবে নানা ধৰণৰ সা-সুবিধা। বিশাল চৌহদত পাহাৰৰ এঢলীয়াত অৱস্থিত স্কুলখনৰ বিৰাট অট্টালিকাটো, খেলপথাৰ, চুইমিং পুল, লাইব্ৰেৰী ভৱন, অডিটৰিয়াম আদি দেখিলে হঠাতে কলেজ যেনেই লাগে। ল’ৰাক ইংৰাজী মাধ্যমৰ স্কুলত পঢ়োৱাৰ বিৰোধী আছিল আমাৰ গৃহস্থ। ইংৰাজী মাধ্যমত নপঢ়ালে পুনেত পঢ়াব লাগে মাৰাঠী মাধ্যমত, যিটো অসম্ভৱ। কাৰণ ল’ৰা-ছোৱালীক স্কুলত ভৰ্তি কৰিলেই নহয়, ঘৰত চোৱা-চিতাও কৰিব লাগে। মাৰাঠী ভাষাত মোৰ সামান্য জ্ঞানেৰে ই আছিল অসম্ভৱ। গতিকে গুহৰ এই অবাস্তৱ প্ৰস্তাৱৰ বিৰোধিতা কৰি মই লয়লা স্কুলত ভৰ্তি কৰোৱাৰ সিদ্ধান্ত ল’লো, অৱশ্যে ছীট পাব লাগিব। তেওঁ উদয়াস্ত কিতাপৰ মাজত

১৮২/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি