পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কমলাবাইৰ বিয়া

কমলাবাই আছিল ৰূপনাথ ব্ৰহ্ম আৰু দময়ন্তী ব্ৰহ্মৰ প্ৰথম সন্তান। তেওঁলোকৰ ঘৰখন তেতিয়াৰ দিনতো প্ৰগতিশীল আছিল। দময়ন্তী ব্ৰহ্ম আৰু দক্ষেশ্বৰী ব্ৰহ্ম দুয়ো বড়ো সমাজত ব্ৰহ্মধৰ্মৰ প্ৰৱৰ্তক গুৰুদেৱ কালীচৰণ ব্ৰহ্মই প্ৰতিষ্ঠা কৰা টিপকাই স্কুলৰ ছাত্ৰী। তেওঁলোক দুয়ো সেইখন স্কুলৰ পৰা এম ই পাছ কৰিছিল। গুৱাহাটীৰ ইন্দুমতী কছাৰীৰ পিছতেই দময়ন্তী ব্ৰহ্ম বড়ো সমাজত এম ই পাছ কৰা দ্বিতীয়গৰাকী মহিলা।

 যি কি নহওঁক, এদিন মাহঁতৰ মুখে শুনিছিলো কমলাবাইৰ বিয়া। মোৰ সাত-আঠ বছৰ বয়স। আমাৰ বিৰাট স্ফূৰ্তি। মন্ত্ৰীৰ জীয়েকৰ বিয়া, নিশ্চয় বৰ আমোদ হ’ব। বিয়াখন তেওঁলোকৰ নিজাগাঁও বাশবাৰীত হৈছিল। ডিব্ৰুগড় নিবাসী দৰা ভীমবৰ দেউৰীয়ে বাহৰ পাতিছিল কোকৰাঝাৰত। তাৰে পৰা বাশবাৰীলৈকে তিনি মাইল পথত বান্ধিছিল অসংখ্য তোৰণ। মিঠাই অনোৱাইছিল কলকাতাৰ পৰা। বেণ্ডপাৰ্টি আৰু ঢুলীয়াৰ দল আহিছিল গেন্দ্ৰাবিলৰ পৰা। ৰূপনাথ ব্ৰহ্ম খুৰাই দেউতাক দাদা বুলি মাতিছিল আৰু বৰ সন্মান কৰিছিল। তেওঁ আমাক বিয়া ঘৰলৈ লৈ যাবলৈ গাড়ী পঠাই দিছিল। বগা ধকধকীয়া টেবুলক্লথেৰে ঢকা দীঘল দীঘল টেবুলত নানা ধৰণৰ খাদ্য পৰিবেশন কৰিছিল উৰ্দি পিন্ধা বাটলাৰে। বেণ্ডৰ বাজনা আৰু ঢুলীয়াৰ ঢোলৰ কোবত বাশবাৰীৰ পৰিবেশত তেতিয়া আনন্দৰ জোঁৱাৰ উঠিছিল। ইমান আনন্দ আৰু উখল-মাখলৰ মাজত হুপিং কাঁহত ভুগি থকা বাবে মই সকলো ধৰণৰ সুখাদ্যৰ পৰা বঞ্চিত হৈ এচুকত বহি থাকিবলগীয়া হৈছিলো। কমলাবাইৰ বিয়াত খাব নোৱাৰাৰ দুখে আজিও মোক ব্যথিত কৰে।

 সাত-আঠ বছৰীয়া মই, তেতিয়া বুজি পোৱা নাছিলো কাৰ লগত বিয়া হ’ল, ক’লৈ যাব তেওঁ। মাত্ৰ জানিছিলো বহু দূৰলৈ যাব। পিছে ডাঙৰ হোৱাৰ পিছতহে বুজি পালো যে ১৯৪০ চনৰ ১৮ ফেব্ৰুৱাৰীত ব্ৰহ্মধৰ্মমতে অনুষ্ঠিত কমলাবাই-ভীমবৰ দেউৰীৰ বিয়াখন আছিল এক ঐতিহাসিক বিয়া। বিভিন্ন জনজাতিৰ মাজত ঐক্য আৰু সম্প্ৰীতি স্থাপনৰ মহান উদ্দেশ্য সন্মুখত ৰাখি ৰূপনাথ খুৰাই তেওঁৰ জীয়েকক বড়ো সমাজৰ বাহিৰত বিয়া দিছিল। ইয়াৰ আগতে বিভিন্ন ট্ৰাইবেল গোষ্ঠীৰ মাজত আন্তঃবিবাহ অনুষ্ঠিত হোৱা নাছিল। বিয়া সাধাৰণতে নহৈছিল উজনি আৰু নামনিৰ মাজতো। সমন্বয়ৰ সেতু বন্ধনকাৰী এই বিয়াখনত উপস্থিত আছিলো বাবে মই গৌৰৱ অনুভৱ কৰো। ইয়াৰ পিছত খুৰাৰ দ্বিতীয় কন্যা দয়াৱতীবাইৰ বিয়া হৈছিল বন্ধুৰাম কছাৰীৰ স’তে। সেইখন বিয়াতো উপস্থিত আছিলো। ১৯৪৭ চনত অকালতে দেহাৱসান ঘটে ভীমবৰ দেউৰীৰ। বহু বছৰ অদৰ্শনৰ পিছত গুৱাহাটীত কমলাবাইক লগ পাইছিলো তেওঁৰ সুযোগ্য পুত্ৰ ইন্দিবৰ দেউৰীৰ ঘৰত। পুত্ৰৰ ঘৰতে ২৯ নৱেম্বৰ ২০০৬ চনত বায়ে ইহলীলা সম্বৰণ কৰে।


আনন্দ আৰু বিষাদ :

১৯৪২ চনৰ জন্মাষ্টমীৰ দিনা আমি চাৰিজনী বাই-ভনীৰ পিছত এটা ভাইটিৰ জন্ম হয়।

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৮৯