পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পুনেত কালক্ৰমে কেইবাগৰাকী অসমীয়া ছাত্ৰক লগ পাইছিলো। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক কমল বৰুৱাই নেচনেল কেমিকেল লেবৰেটৰীত গৱেষণা কৰিছিল তেতিয়া। ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ প্ৰাক্তন সঞ্চালক ড° ৰবীন দেৱচৌধুৰীয়ে গৱেষণা কৰি আছিল ডেকান কলেজত। উচ্চমানৰ গৱেষণাৰ কেন্দ্ৰ ডেকান কলেজলৈ আগমন ঘটিছিল দেশ-বিদেশৰ অনেক বিদ্যাৰ্থীৰ। অসমৰ পৰাও গৈছিল। সংস্কৃত ভাষা চৰ্চাৰ গৱেষণা কেন্দ্ৰ ভাণ্ডাৰকাৰ ইনষ্টিটিউটলৈ আমি পুনে এৰাৰ পাছত অসমৰ পৰা গৈছিল বৈদিক সাহিত্যৰ সুপণ্ডিত ড° উমা চক্ৰৱৰ্তী। মুঠতে পুনেত সিঁচৰতি হৈ আছে বিভিন্ন বিষয়ত গৱেষণা কৰিব পৰা কেইবাটাও নাম কৰা কেন্দ্ৰ। তেনে এক শৈক্ষিক পৰিবেশত বিদ্বৎজনৰ মাজত থাকি মোৰো মন গ’ল গৱেষণাৰ কামত লিপ্ত হ’বলৈ। ইতিমধ্যে জয়কো স্কুলত ভৰ্তি কৰোৱা হৈছে। তাৰ জন্মৰ পাছতে মই ইউ জি চিৰ ফেলশ্বিপ এটা পায়ো প্ৰত্যাখ্যান কৰাৰ কথা কোৱা হৈছে। মধ্যৱৰ্তী এই সময়ছোৱাত নিয়মীয়াকৈ মই আমাৰ প্ৰতিনিধি, অসম বাতৰি, নতুন অসমীয়া আদি কাকতত প্ৰবন্ধ, ভ্ৰমণ কাহিনী আৰু দুটামান গল্পও লিখিছিলো। ‘দেশ’ আৰু ‘অমৃত’ নামৰ বাংলা আলোচনীতো দুবাৰমান লিখিছো। নেচনেল বুক ট্ৰাষ্টৰ অনুৰোধক্ৰমে অমলেন্দু গুহৰ সৈতে যুটীয়াভাৱে চৈয়দ আব্দুল মালিকৰ উপন্যাস ‘সূৰুযমুখীৰ স্বপ্ন’ অসমীয়াৰ পৰা বাংলালৈ অনুবাদ কৰিছিলো। সেই সময়ছোৱাত মাৰাঠী সাহিত্যিক শ্ৰীপাদ যোশী আহিছিল উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰিবলৈ। উভতি গৈ তেওঁ ‘পূৰ্বাঞ্চলাচী মুসাফৰি’ নামেৰে ভ্ৰমণ কাহিনীৰ কিতাপ এখন লিখিছিল। মই মাৰাঠী ভাষা শিকি আছিলো, যোশীৰ কিতাপখনে মোৰ ভাষা শিকাৰ কাম ত্বৰান্বিত কৰিলে। মই লগে লগে কিতাপখন অসমীয়ালৈ ভাঙনি কৰি (বোধকৰো) ‘অসম বাতৰি’ত ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছিলো। পাছত বীণা লাইব্ৰেৰীয়ে কিতাপাকাৰে ভ্ৰমণ কাহিনীটো প্ৰকাশ কৰে।


দিল্লীলৈ যাবলগীয়া হ'লো

লেখা-মেলা কৰা, গল্প-উপন্যাস পঢ়া, ভ্ৰমণ কৰা আৰু জয়ক স্কুলত ভৰ্তি কৰাবলৈ তৈয়াৰ কৰা আদি কামতে ব্যস্ত হৈ আছিলো। ইতিমধ্যে ঘৰৰ কাষতে থকা মণ্টেছৰী স্কুল এখনত নাম লগাই দিয়া হৈছিল তাক। এইবোৰ কামৰ মাজেৰেই সময়বোৰ পাৰ কৰিছিলো। এনে অৱস্থাত চাৰিওফালে বেৰি ৰখা গৱেষণাৰ পৰিবেশে মোকো ভালকৈয়ে আক্ৰান্ত কৰিছিল। পিছে আক্ৰান্ত হ’লেইতো নহ’ব কিতাপ-পত্ৰ, জাৰ্নেল আদি পঢ়িব লাগিব, বিষয় নিৰ্বাচন কৰিব লাগিব, গাইডৰ সন্ধান কৰিব লাগিব। কেইদিনমান গোখলে ইনষ্টিটিউটৰ, ডেকান কলেজৰ আৰু পুনে বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীলৈ অহা-যোৱা কৰি থাকিলো। এনেতে আমাৰ ঘৰ-গৃহস্থালিৰ ভৰিৰ তলত লগাই থোৱা চকৰিটো সাৰ পাই উঠিল। গুহক এবছৰৰ বাবে ‘দিল্লী স্কুল অব্ ইকনমিক্স’ত ভিজিটিং প্ৰফেচৰ হিচাপে আমন্ত্ৰণ জনাইছে। ফলত আকৌ যাযাবৰ হ’বলগীয়া হ’লো। আমাৰ অনুপস্থিতিত আমাৰ কোৱাৰ্টাৰটোত আছিল জাৰ্মানীৰ হাইডেলবাৰ্গ ইউনিভাৰ্চিটিৰ অধ্যাপক ৰদাৰমণ্ড আৰু তেওঁৰ মাৰাঠী পত্নী ইন্দিৰা। আৰু আমি দিল্লীত আছিলো বিশ্ববিদ্যালয় চৌহদত প্ৰফেচাৰ তপন ৰায়চৌধুৰীৰ অনুপস্থিতিত

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৭৭