পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পিছদিনা ক্লাছলৈ গৈ শুনো তাপসে হাড়বোৰ অনা নাই। কাৰণ? কাৰণ সিহঁতৰ হোষ্টেলৰ ল'ৰাবোৰে আপুৰুগীয়া হাড়কেইডাল পাই হেনো সেইবোৰ হাতে হাতে লৈ Bone dance ত উন্মত্ত হৈ পৰিছিল। মুঠতে কাৰ হাতৰ পৰা কোনে ক’লৈ নিলে তাপসে গমেই নাপালে। সৰু সৰু হাড়বোৰ ইজনে সিজনে থাপ মাৰি মাৰি নিলে হেনো।

 শুনি আমাৰ মুখৰ মাত হৰিল। বিবেকত সহস্ৰ হাতুৰিৰ কোব খোৱা যেন লাগিল। ইমান নামী-দামী কলেজত পঢ়া ল’ৰাবোৰ ইমানে দায়িত্বজ্ঞানহীন হয়নে? ছোৱালীজাকৰ গালি খাই তাপস তলমুৱা হৈ থাকিল। তাক হোষ্টেললৈ গৈ হাড়বোৰ বিচাৰি আনিবলৈ ক’লো। সি কেৱল কয় সেইবোৰ ভাগি ছিগি গুড়া হৈছে। ডাষ্টবিনত পেলাই দিছিল, জামাদাৰে পুৱা লৈ গৈছে। সেইদিনটোৰ কথা ভাবিলে আজিও অনুতপ্ত হওঁ।বিশ্ববিদ্যালয়ৰ সম্পত্তি আমি নষ্ট কৰিলো। চোছিয়েল এনথ্ৰ’পলজিৰ ছাত্ৰ এজনে আমাৰ মানসিক অৱস্থালৈ চাই কৈছিল ‘সামান্য হাড় দুডালমানৰ বাবে ইমান বিনাব লাগেনে? ইউনিভাৰচিটিৰ টকাৰ আকাল পৰিছে নে, আকৌ কিনি ল’ব। ছোৱালীবোৰৰ সৰু কথাতে চকুপানী ওলায়। বল, কফি খাই আহিবি।’ ল’ৰাবোৰ অলপ বেপৰোৱা হয়। প্ৰেকটিকেল ক্লাছত ধৰা পৰাৰ ভয়ত আমাৰ (ছোৱালীকেইজনীৰ) উশাহ চুটি হৈ আহে, বিশেষকৈ যিদিনা ড° শৰ্মা ছাৰ আহে। এদিন তেওঁ আবিষ্কাৰ কৰিলে হাড়ৰ এটা সম্পূৰ্ণ ছেট নাই। আমাৰ বুকুৰ সোঁমাজত কোনোবাই ধান বনা যেন পাইছিলো। তেওঁ ডিপাৰ্টমেণ্টত তোলপাৰ লগালে। লেবৰেটৰিৰ পৰা কোনোবাই উঠাই নিনিলে হাড়বোৰে নিজেতো যাব নোৱাৰে। আচৰিত কথা, আমি চোৰকেইটা তেওঁৰ সন্মুখত থকা সত্ত্বেও এবাৰো সন্দেহ নকৰিলে। চোৰ বিচাৰি নাপাই তেওঁ বাহিৰৰ পৰা আমাক এনাটমি পঢ়াবলৈ অহা ডাক্তৰজনকে চোৰ সাব্যস্ত কৰিলে। অৱশ্যে তেওঁক পোনপটীয়াকৈ চাৰ্জ কৰা নাছিল।

 ল’ৰাবোৰ সঁচাকৈয়ে দুষ্ট আৰু বেপৰোৱা। লেবৰেটৰীত শাৰীপাতি সজাই ৰখা লাওখোলাবোৰৰ ওপৰত পেন্সিলেৰে কেইগৰাকীমান ছাৰৰ নাম লিখি থৈছিল। এদিন শৰ্মা চাৰে নিজৰ নামটো লাওখোলা এটাৰ ওপৰত দেখি মিচিকি মিচিকি হাঁহি কৈছিল— ‘এইটো বয়সতে মোৰ এনে অৱস্থা নকৰিবা।’ পিছে পঞ্চাশৰ ডেওনা পাৰ হোৱাৰ পাছতে তেওঁৰ সেই অৱস্থা হয়। তেওঁৰ একমাত্ৰ পুত্ৰই বোধকৰো তেতিয়া স্কুলৰ গণ্ডী পাৰ হোৱা নাছিল।

 পঢ়া-শুনাৰ চাপৰ মাজত মাহঁতলৈ মনত পৰিলে মনটো কান্দি উঠিছিল। চিঠি সদায় লিখিছিলো, তেওঁলোকৰ পৰাও পাইছিলো। তথাপিতো মনে নামানিছিল। দেউতাৰ বৰ ইচ্ছা আছিল মোক এম এছ চি পঢ়ুবাবলৈ। সেই ফেৰা কাম জোঁৱায়েকে কৰা বাবে মা অতিশয় আনন্দিত বুলি সদায় কৈছিল। তেওঁলোকৰ কথা ভাবি মনোকষ্ট যাতে নাপাও সেই কথাও লিখিছিল দঢ়াই দঢ়াই। আমাৰ আত্মীয়-স্বজন ওচৰতে আছিল যদিও সৰুভনী

ডল আৰু অকণমানি ভাগিনটোৰ লগত ঘৰত মা আছিল অকলশৰীয়া। খুকু কোকৰাঝাৰ কলেজত প্ৰবক্তা, অৰ্থাৎ থাকে আঁতৰত। পিছে অকলশৰীয়াকৈ তেওঁ বেছিদিন থাকিবলগীয়া নহ’ল। দেউতাৰ সৰু মোমায়েকৰ নুমলীয়া জীয়ৰী ক্ষেমা পেহী (লাৱণ্য দাস) প্ৰায় এটা বছৰ মাৰ লগত আছিলহি। আমাৰ পেহী হ’লেও বয়সত আছিল মোতকৈ সৰু। এদিন খুকুই

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৫৯