পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুষ্ট ল’ৰাবোৰে বেচেৰা পণ্ডিত ব্যক্তিজনৰ নামেৰে এটা গাঁজাখুৰী গল্প উলিয়াইছিল। কটন কলেজত চাকৰি পাই শ্ৰীহট্টৰ পৰা ৰেলেৰে আহি গুৱাহাটী ৰেল ষ্টেচনৰ প্লেটফ'মৰ্ত শাৰী পাতি ওলোমাই থোৱা অগ্নিনিৰ্বাপক ৰঙা বালটিবোৰৰ গাত ‘ফায়াৰ’ লিখি থোৱা দেখি বেলু ছাৰে হেনো আচৰিত হৈ কৈছিল—‘অসমীয়া গুলা খি বুখা (কি বোকা অৰ্থাৎ অঁকৰা) লেখছে ফায়াৰ ৰাখছে জল (পানী)।’

 কেমেষ্ট্ৰিৰ প্ৰফেচাৰ এজনে প্ৰেক্‌টিকেল ক্লাছত ছাত্ৰীৰ গাত ঘঁহনি এটা মাৰি অহা-যোৱা কৰিবলৈ ভাল পোৱা বাবে তেওঁৰ নাম দিছিলো ঘেষ্টাং। নামটো ছাত্ৰ সমাজত ইমান পপুলাৰ হৈছিল যে আমাতকৈ এক ক্লাছ তলৰ নিৰুপমা বৰগোহাঞিয়ে কৈছিল তেওঁলোকৰ ক্লাছৰ ল’ৰাহঁতে হেনো প্ৰেকটিকেল ক্লাছত লিখি থৈছিল—‘কিয় এনে ঘেষ্টাং?’ ঘেষ্টাং ছাৰ অৱশ্যে কুমতলবী নাছিল। আমি তেওঁক ভালেই পাইছিলো।

 গণিতৰ ছাৰ ৰেৱতীমোহন দত্ত চৌধুৰীয়ে নিজৰ নাম নিজে দিছে। সেই শীলভদ্ৰ নামৰ আঁৰত ৰেৱতীমোহন তল পৰি গৈছে। মনত পৰিছে ছাৰ আৰু বাইদেউসকললৈ যিসকলৰ অধিকাংশই আজি নাই। আজি কটন কলেজৰ চৌহদলৈ গ’লে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা সমান সমান লগাৰ দৰে অধ্যাপক-অধ্যাপিকাও সমসংখ্যাৰ যেন লাগে। ই এক শুভলক্ষণ। ষাঠি বছৰ আগতে আমাৰ সময়ত কলেজখনত ছাত্ৰী আছিল মুষ্টিমেয়। বিজ্ঞান পঢ়িছিলো এমুঠিমানেহে। ড° হীৰেন গোহাঁইৰ বায়েক অন্নদা গোহাঁই আৰু প্ৰভা বৰুৱাক কেমেষ্ট্ৰি অনাৰ্চ প্ৰেক্‌টিকেল ক্লাছ কৰা আমি শ্ৰদ্ধাৰ দৃষ্টিৰে চাইছিলো। দেউতাই কটন কলেজত পঢ়াৰ সময়লৈ (১৯১৭-১৯২১) কলেজখনত এজনী ছাত্ৰীও নাছিল। ১৯২৯ চনত এইখন কলেজত নাম লগোৱা প্ৰথমগৰাকী ছাত্ৰী আছিল সেইখন কলেজৰে ইংৰাজী বিষয়ৰ খ্যাতনামা অধ্যাপক পি চি ৰয়ৰ কন্যা সুজাতা ৰয়। সুজাতাৰ আইতাক (মাতামহী) স্বৰ্ণলতা গুণাভিৰাম বৰুৱাৰ জীয়ৰী। উল্লেখযোগ্য যে ১৯৮০ চন মানত স্বৰ্ণলতাই আঠ বছৰ বয়সত অসমৰ পৰা কলকাতাৰ বেথুন স্কুলত পঢ়িবলৈ গৈছিল। শুনামতে অপৰূপা সুন্দৰী স্বৰ্ণলতাৰ ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সৈতে বিয়া হোৱাৰ কথা আছিল। কিয় বিয়াখন নহ’ল সঠিককৈ কোনেও নাজানিলেও কিছুমানৰ মতে ৰবীন্দ্ৰনাথৰ পিতৃ দেৱেন্দ্ৰনাথ ব্ৰাহ্ম ধৰ্মাৱলম্বী অৰ্থাৎ প্ৰগতিশীল হ’লেও বিশেষ বিশেষ ক্ষেত্ৰত ৰক্ষণশীলো আছিল। গুণাভিৰাম বৰুৱা আছিল সংস্কাৰমুক্ত সমাজ সংস্কাৰক। তেওঁ বিয়া কৰাইছিল এগৰাকী বিধৱা মহিলাক। স্বৰ্ণলতা তেওঁলোকৰে জীয়ৰী। বিধৱা মাকৰ ছোৱালী হোৱা বাবে হেনো দেৱেন্দ্ৰনাথে পুতেকলৈ স্বৰ্ণলতাক আনিব খোজা নাছিল। মাজে মাজে ভাবো ৰবীন্দ্ৰ নাথ অসমৰ জোঁৱাই হোৱা হ’লে কিমান যে ভাল লাগিলহেঁতেন। পিছত স্বৰ্ণলতাৰ ভায়েক স্বনামধন্য জ্ঞানদাভিৰাম বৰুৱাই ঠাকুৰ পৰিয়ালৰ ছোৱালীকে বিয়া কৰাইছিল। এওঁলোকৰে নাতিনী অভিনেত্ৰী শৰ্মিলা ঠাকুৰ আৰু নাতি জোঁৱাই পতৌদিৰ নবাব বিখ্যাত ক্ৰিকেটাৰ মনছুৰ আলী খান।

 সুজাতাৰ কথা উলিয়াই তেওঁৰ বংশ-পৰিয়ালকো টানি আনিলো। মোৰ বিয়াৰ পিছত শুনিছো আমাৰ গৃহস্থৰ ককায়েক সুধেন্দু গুহ আছিল সুজাতাৰ সহপাঠী। কটন কলেজত প্ৰথমগৰাকী অধ্যাপিকা কোন আছিল সঠিককৈ নাজানো। আমাৰ সময়ত আছিল তিনিগৰাকী।

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১০৭