পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেউতাই বীজাণু আৰু বেমাৰক বৰ ভয় কৰিছিল। ভীতিবিকাৰগ্ৰস্ত (Paranoid) আছিল বুলিয়ে ক’ব পৰা যায়। সৰু খুৰা ডাঃ নৰেন্দ্ৰ মোহন দাস এই বিষয়ত দেউতাতকৈ এখোপ চৰা আছিল। তিনি ভাই-ককাইৰ ভিতৰত ডাঙৰ খুৰা বীৰেন্দ্ৰ মোহন দাসেই আছিল স্বাভাৱিক। ভীতিবিকাৰগ্ৰস্ত মানুহৰ মুখত বেমাৰৰ কথা শুনিলে শ্ৰোতাই সদায় সিমান গুৰুত্ব নিদিয়ে। গতিকে দেউতাৰ কথাত ভিনিহিদেউ আৰু মই বৰকৈ গুৰুত্ব নিদিলো। দেউতাৰ স্বাস্থ্য খুবেই ভাল আছিল। দেখাতো সুপুৰুষ। কোনোদিনে তেওঁৰ বেমাৰ হোৱা দেখা নাছিলো। তেতিয়াও তেওঁ নিয়মীয়াকৈ চিকাৰলৈ গৈছিল। বয়স আছিল পঞ্চাশৰ অলপ ওপৰত।

 দেউতা আৰু সৰু খুৰাৰ বেমাৰলৈ ভয়কেন্দ্ৰিক কিছুমান কথা বহুদিনলৈ অনেকে মনত ৰাখিছিল। কলেজত পঢ়োতে নিৰুপমা বৰগোহাঞিৰ (তেতিয়া তামুলী) দেউতাকৰ লগত এদিন চিনাকি হৈছিলো। দেউতাৰ নামটো শুনি তেওঁ ভালদৰে চিনি পোৱা বুলি কৈ সুধিছিল আমি তেতিয়াও আঁঠুৱাৰ তলত বহি ভাত খাইছিলো নেকি। ভাতত মাখি পৰে বুলি এসময়ত আমাৰ খোৱা টেবুলৰ ওপৰত আঁঠুৱা তৰা হৈছিল। কাউৰীয়ে বীজাণু আনে বুলি নাদৰ পাৰত বাচন ধোৱা ঠাইত এজন কাম কৰা মানুহে বাচন ধুইছিল, এজনে কাউৰী খেদিছিল। তাৰে ভিতৰত হঠাতে কাউৰীয়ে বাচনত মুখ লগালে বাচনপদ দেউতাই যে দলিয়াই পেলাই দিছিল সেই কথা আগতেও উল্লেখ কৰিছো। দেউতাৰ জামানাত দোকানৰ মিঠাই খোৱাটো আছিল নিষিদ্ধ। অৱশ্যে দেউতাৰ চকুত ধুলি দি এবাৰ মেলাৰ পৰা মিঠাই কিনি খোৱাৰ কাহিনী লিখিছো।

 সৰু খুৰাৰ কাহিনীও বৰ ইণ্টাৰেষ্টিং। ক’ৰবালৈ ট্ৰেইনেৰে ৰাতি যাবলগীয়া হ'লে তেওঁ আঁঠুৱা, হাতুৰি আৰু গজাল লৈ গৈছিল। তেতিয়াৰ দিনত ৰে’লৰ ডবাত আৰামত শুই যাব পৰা অৱস্থা আছিল। এবাৰ খুৰা উঠা ডবাটোত আছিল এগৰাকী মাথোঁ সহযাত্ৰী। দুৰ্ঘোৰ টোপনিত লালকাল হৈ থকা ভদ্ৰলোকগৰাকী হঠাতে কিহবাৰ শব্দত সাৰ পাই উঠি দেখে আমাৰ মৰমৰ খুৰাই তেতিয়া আঁঠুৱাৰ ৰচি বান্ধিবলৈ ৰেলৰ বেৰত গজাল মাৰি আছে। সেই যুগত লালুপ্ৰসাদ ৰেলমন্ত্ৰী হৈ থকা হ’লে খুৰাহঁতৰ দৰে যাত্ৰীৰ বাবে নিশ্চয় ৰেলত আঁঠুৱা তৰাৰ ব্যৱস্থা কৰিলেহেঁতেন।

 মিঠাইৰ প্ৰতি অনুৰক্ত নহয়নো কোন? দেউতাহঁতৰ চাৰিওগৰাকী ভাই-ভনীৰ সেইবিধ খাদ্যৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল। কিন্তু ডায়েবেটিছ কাৰো হোৱা নাছিল। আজিৰ মানুহে সম্ভৱতঃ ধোদটোৰ দৰে বহি থকা বাবে এইটো ৰোগত বৰকৈ আক্ৰান্ত হয়। বীজাণুৰ ভয়ত ত্ৰাহি ত্ৰাহি সোঁৱৰা দেউতা আৰু খুৰাৰ ৰসনাৰ তৃপ্তিৰ বাবে মা-খুৰীহঁতে ঘৰতে কৰিছিল বিধে বিধে মিঠাই। আমাৰো মিঠাই প্ৰীতি নথকা বুলি নকওঁ। হায়ৰে, সেই দিনবোৰ যে ক’লৈ গ’ল! যি কি নহওক, সৰু খুৰা ডাক্তৰ। তেওঁ কয় ৰসগোল্লাৰ ৰস ভেদি বীজাণু সোমাব নোৱাৰে। গতিকে ঘৰত মিঠাই নাপালে তেওঁ ধুবুৰীৰ বিখ্যাত মিঠাই প্ৰস্তুতকাৰক মনা ঘোষৰ দোকানলৈ গৈছিল। পিছে তেওঁলোকৰ চামুচ আৰু প্লেটত বীজাণু থকাৰ সম্ভাৱনাৰ বাবে ঘৰৰ পৰা সেই দুপদ বস্তু লৈ গৈ নিজে শ্বো-কেইছৰ পৰা ৰসগোল্লা উলিয়াই

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১২৫