পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুৱাৰখন খুলিছিল। প্ৰতিটো কোঠাত দুজনী ছাত্ৰী থাকে। জন্মদিন পালন কৰাজনী এগৰাকী খ্যাতনামা সাংবাদিকৰ আৰু আনজনী কোনোবা এখন ৰাজ্যৰ চীন কমিছনাৰৰ জীয়ৰী। বাৰ্ডেন মিচ কুৰিয়ানে ল’ৰাজনক ক’তো বিচাৰি নাপাই দেৱাল আলমাৰিৰ তলা ভাঙি শ্ৰীমানক উলিয়াই আনিছিল। দাৰোৱানহঁতৰ হতুৱাই ল’ৰাটোক ৰচীৰে বান্ধি বাৰ্ডেন গ’ল ছোৱালী দুজনীৰ অভিভাৱকক ফোন কৰিবলৈ। ল’ৰাটোৰ দায়িত্ব দিলে নিচেছ মাফিক। মৰিচাছ চৰকাৰৰ পৰা বৃত্তি লাভ কৰি সি পঢ়িবলৈ আহিছিল ভাৰতত। ধৰা পৰাৰ পাছত তাৰ হাৰ্টফেল হোৱাৰ অৱস্থা। মিচেছ মাফিক কাবৌ-কোকালি কৰি কৈছিল— ‘মাদাৰ মাৰফি, এইবাৰলৈ মোৰ এৰি দিয়ক।’

 মিচেছ মাফিয়ে ধমকি দি কৈছিল—‘মোক মাদাৰ কৈছ, অৰ্থাৎ মই তোৰ মা। তেনেহ’লে শুন, তোৰ দৰে পুত্ৰক মই মাৰি মাৰি মাৰিয়েই পেলাব খুজিছো। কুলাংগাৰ। বিদেশৰ পৰা ইয়ালৈ পঢ়িবলৈ আহিছ নে গুণ্ডামি কৰিবলৈ?’

 অলপপৰ পাছতে ল’ৰাটোৰ কলেজৰ প্ৰিন্সিপাল, হোষ্টেলৰ ৱাৰ্ডেন আহি উপস্থিত হ’ল। আহিল মিৰাণ্ডা হাউছৰ প্ৰিন্সিপাল, ছোৱালী দুজনীৰ অভিভাৱক ইত্যাদি। মাজনিশাৰ নাটক জমি উঠিল। সাংবাদিকগৰাকীয়ে জীয়েকক যি ধমকি দিলে শুনিলেই হৃৎকম্প উঠে। কিন্তু জীয়েক নিলাজ। তায়ো সমানে সমানে উত্তৰ দি কয় ল’ৰাটো হেনো প্ৰায়ে আহে। ভাগ্য বেয়া বাবে সিদিনা ধৰা পৰিল।

 এতিয়া প্ৰশ্ন হ’ল সি সোমাল কেনেকৈ? আমাৰ এইফালে আজিকালিহে ল’ৰা-ছোৱালীয়ে একে পোছাক পিন্ধে। মিৰাণ্ডা হাউছৰ বহু ছোৱালীয়ে তাহানিখনেই একে ধৰণৰ পোছাক পিন্ধিছিল। গধুলি ছোৱালীবোৰ হোষ্টেলত সোমোৱাৰ সময়ত সিহঁতৰ লগতে যদি কোনোবা সোমায় দাৰোৱানে গম পোৱা সহজ নহয়। যি কি নহওক দুয়োজনী ছোৱালীক এবছৰৰ বাবে কলেজৰ পৰা বহিষ্কাৰ কৰা হৈছিল যদিও প্ৰভাৱশালী মানুহৰ জীয়েক হোৱা হেতুকে প্ৰাইভেটকৈ পৰীক্ষা দিয়াৰ সুযোগ পাইছিল দুয়ো।


ক্ষেত্ৰ অধ্যয়ন

ক্ষেত্ৰ অধ্যয়ন বিনে নৃতত্ব পাঠ অসমাপ্ত হৈ থাকে। দুগৰাকী প্ৰবক্তাৰ নেতৃত্বত আমাৰ চৈধ্যজনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটো গৈছিলো হিমালয়ৰ পাদদেশৰ আলমোৰা, ৰাণীক্ষেত আৰু নৈনিতাললৈ ক্ষেত্ৰ অধ্যয়ন কৰাৰ উদ্দেশ্যে। তিনিওখন ঠাই পৰ্যটকৰ বাবেও অতি আকৰ্ষণীয়। এনে মনোমোহা ঠাইত ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ আহি আমি মুগ্ধ। আগবেলা গৈছিলো কামলৈ, পিছবেলা গৈছিলো প্ৰাণভৰি পাহাৰ-ভৈয়ামৰ বুকুত ছাঁ ৰ’দৰ লুকাভাকু খেল চাবলৈ। তিনিওখন ঠাইৰ ভিতৰত আলমোৰা বেছি ভিতৰুৱা বাবে পৰ্যটকৰ ভিৰ কম আছিল। সেয়েহে ইয়াৰ অকলুষিত শোভাৰাশিক আদিমৰূপতে দেখা পাইছিলো। স্থানীয় মানুহবোৰো আছিল সহজ-সৰল। ৰাতি খোৱা-বোৱাৰ পাছত আমাক ড° মেহৰাই পাহাৰৰ গাত লাগি থকা এখন সৰু দোকানলৈ লৈ গৈছিল পাতেৰে সজা ঠোঙাত পৰিবেশন কৰা উৎকৃষ্ট ৰাৱৰি খুৱাবলৈ। সেইবোৰ ঠাইৰ গাখীৰো উৎকৃষ্টমানৰ। হোষ্টেললৈ উভতি আহি আমি আড্ডাত

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৬৩