পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টমাচ জেফাৰছনৰ ওৱাই ক্ৰমজ’মটো

 সাধাৰণ অনুবীক্ষণ যন্ত্ৰৰেও মনিব নোৱাৰা ক্ৰমজ’ম এটাই দীৰ্ঘদিনীয়া সন্দেহ এটাৰ অবসান যে ঘটাব পাৰে তাৰ উৎকৃষ্ট উদাহৰণ আমেৰিকাৰ তৃতীয়গৰাকী প্ৰেছিডেণ্ট টমাচ জেফাৰছনৰ (১৭৪৩-১৮২৬) ওৱাই ক্ৰমজ’মটো। ১৮০১ চনৰ পৰা ১৮০৯ চনলৈ প্ৰেছিডেণ্ট হৈ থকা জেফাৰছনৰ আমেৰিকাৰ স্বাধীনতা যুদ্ধত আছিল মুখ্য ভূমিকা। Declaration of Independence ৰ প্ৰধান ৰচোতা হিচাপেও তেওঁ সুবিদিত। মুঠতে আমেৰিকাত টমাছ জেফাৰছন এটা পূজনীয় আৰু স্মৰণীয় নাম। তেওঁৰ জন্মৰ আঢ়ৈশ বছৰ পিছত আকৌ তেওঁক স্মৰণীয় কৰিলে তেওঁৰ ওৱাই ক্ৰমজ’মটোৱে।

 জেফাৰছনৰ ঘৰ আছিল ভাৰ্জিনিয়া ৰাজ্যৰ মণ্টিছেলত। সেই সময়ত আমেৰিকাত ক্ৰীতদাস প্ৰথা চৰম অৱস্থাত বৰ্তি আছিল। চহকী মানুহৰ ঘৰত ক্ৰীতদাস-দাসীসকলে খেতিবাতিৰ পৰা ঘৰুৱা কামলৈ সকলো চম্ভালিছিল। জেফাৰচনৰ ঘৰত কাম কৰিছিল ছেলী হেমিংছ নামৰ এজনী কৃষ্ণাংগ ক্ৰীতদাসীয়ে। মানুহে সন্দেহ কৰিছিল ছেলীৰ ছটা সন্তানৰ আটাইকেইজনৰ নহ’লেও অন্ততঃ এজনৰ পিতৃ স্বয়ং টমাছ জেফাৰছন। এই সন্দেহ যোৱা দুশ বছৰ ধৰি মানুহৰ মনত জীয়াই আছে।

 এই দীৰ্ঘদিনীয়া সন্দেহৰ সম্প্ৰতি অৱসান ঘটিল উইনিফ্ৰেড বেনেট নামৰ এগৰাকী অপেছাদাৰী ইতিহাসবিদৰ আগ্ৰহত। তেওঁ নিজে সঠিক অৰ্থত ইতিহাস বা আনুবংশিক বিজ্ঞানৰ ছাত্ৰী নহয়, কিন্তু কৌতূহলী আৰু জ্ঞানপিপাসু। ১৯৯৬ চনৰ এটা গধূলি তেওঁৰ বন্ধু অৱসৰপ্ৰাপ্ত পেথ’লজিষ্ট ইউজিন এ ফষ্টাৰৰ ঘৰত ৰাতি ডিনাৰ খাই থাকোতে এন এৰ প্ৰসংগ ওলাল। তেওঁলোক বাস কৰা এলেকাটোত আনা এণ্ডাৰছন মানাহান নামৰ এগৰাকী মহিলাই হেনো দাবী কৰিছিল যে তেঁৱে ৰাছিয়াৰ জাৰ (czar) নিকোলাচৰ বহুদিনৰ আগতে হেৰাই যোৱা জীয়েক এনাচটাচিয়া। ১৯৮৪ চনত মানাহানৰ মৃত্যু হয় আৰু ১৯৯৪ চনত ডি এন এ পৰীক্ষাই নিশ্চিতভাৱে প্ৰমাণ কৰে যে তেওঁৰ দাবী শুদ্ধ নহয়। মানাহানৰ কাহিনী আলোচনা কৰি থাকোতে উইনিফ্ৰেডৰ মনলৈ আহে জেফাৰছন-ছেলীৰ কাহিনীটো। কথাষাৰ প্ৰকাশ কৰাৰ পিছতে ডাঃ ফষ্টাৰে বিষয়টো সন্দৰ্ভত গৱেষণা কৰাবলৈ উঠি-পৰি লাগে।

 ছেলী নামৰ ক্ৰীতদাসীৰ সন্তানৰ পিতৃ জেফাৰছন হয় নে নহয় তাক প্ৰমাণ কৰিবলৈ মানুহৰ বাৰু গৰজ পৰিল কিয়? প্ৰথম কাৰণ কৌতূহল নিবৃত্তি। দ্বিতীয় কাৰণ ছেলীৰ বংশ-পৰিয়ালৰ উপকাৰ কৰা।

 আমেৰিকাৰ প্ৰেছিডেণ্টসকলৰ বংশধৰসকলে কিছুমান অভিজাত প্ৰতিষ্ঠানৰ সদস্য হ’বলৈ সুবিধা পায়। এই সন্দেহৰ ভিত্তিত ছেলীৰ বংশ-পৰিয়ালৰ দুই-একে সেই সুবিধাবোৰ দাবী কৰাত জেফাৰছনৰ আইনসংগত শ্বেতাংগ উত্তৰাধিকাৰীসকল খঙত জ্বলি উঠে। উঠিবই। এওঁলোক অভিজাত শ্ৰেণীৰ আৰু সিটো দল ক্ৰীতদাসী পৰিয়ালৰ। ইমান আস্পৰ্ধা? পিছে মানুহৰ মনত সন্দেহ এটা থাকি গ’ল। কিছুমানে কোৱা-কুই কৰিছিল জেফাৰছন নহয়,

৪০/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি