পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বহু মজাৰ ঘটনা ঘটিছিল।

 তেতিয়া মই যঁজাৰ সন্ধানত পুনে মহানগৰী চলাথ কৰি ফুৰিছিলো। আমাৰ চৌহদতে থকা দাদা চাহেব ফাল্কেৰ নাতিনী মাধৱীয়ে কৈছিল যে কিলোস্কাৰ কোম্পানীত কাম কৰা তেওঁৰ সহকৰ্মী ৰবি কেলকাৰৰ শশী নামৰ এজন যঁজা ভায়েক আছে। মই তেওঁক অফিচতে লগ ধৰি চুচুক-চামাককৈ মোৰ উদ্দেশ্যৰ কথা ক’লো। যঁজাসকলৰ ওচৰলৈ যোৱাৰ আগতে হৃদপিণ্ডত হেজাৰ হাতুৰীৰ কোব খাই থকা যেন লাগে। যদি কয় তেওঁলোক বিজ্ঞানাগাৰৰ এন্দুৰ বা গিনিপিগ নহয়। অভিযন্তা ৰবিক তেওঁৰ শীততাপ নিয়ন্ত্ৰিত সুসজ্জিত কোঠাটোত দেখি মোৰ মূৰ্চ্ছা যাবৰ উপক্ৰম হৈছিল। পিছে ডেকা অভিযন্তাগৰাকী হাঁহিমুখীয়া। ক’লে ভাগ্যে যঁজা হৈ উপজিছে, নহ’লে কোনে পাত্তা দিলেহেঁতেন। মোৰ বুকুৰ হাতুৰীৰ শব্দ বন্ধ হ’ল। বিজ্ঞানৰ সাধনাৰ বাবে তেওঁ যদি কামত আহে তেনেহ’লে হেনো জীৱনেই সাৰ্থক। তাৰ পিছত বৰ বিনয়েৰে ক’লো— ‘আপোনালোকৰ অমূল্য সময় মোক কিছু দিব লাগিব। সাক্ষাৎকাৰ লোৱাই নহয়, আপোনালোকৰ দেহৰ আৰু মূৰ-মুখৰ কেইবাটাও জোখ-মাখ ল’ব লাগিব। আঙুলিবোৰৰ, হাতৰ আৰু ভৰিৰ তলুৱাৰ ছাপ ল’ব লাগিব। তদুপৰি এবাৰ তেজ তথা লালটি বিশ্লেষণ কৰিবলৈ আপোনালোক দুয়ো বি জে মেডিকেল কলেজ জেনেটিক লেবলৈ যাব লাগিব।’ একোতে আপত্তি নাই ৰবিৰ। তেওঁ মোক কফি খুৱাই তেওঁলোকৰ ঘৰলৈ যোৱাৰ দিন এটা নিৰ্ধাৰণ কৰি দিলে।

 দুদিনমান পাছত পাচলি কিনিবলৈ সোমাইছিলো ডেকান জিমখানা বজাৰত। দেখিলো মটৰ চাইকেল এখনৰ পৰা নামি ৰবিও সেইখন বজাৰত সোমাল। ওচৰলৈ গৈ হেল্লো বুলি মাত লগোৱাৰ পাছতো তেওঁ মোক চিনি নাপালে। এঘণ্টাৰ চিনাকি। বেলেগ পৰিবেশত চিনি নোপোৱাটো স্বাভাৱিক। মনত পেলোৱাৰ পাছতো মনত নপৰাত বুজিলো এওঁ ৰবি নহয়, শশী হ’ব।

 —Are you Shashi?

 ইতিমধ্যে ৰবিৰ মুখে মোৰ কথা নিশ্চয় শুনিছিল তেওঁ। মোলৈ চাই সুধিলে— Are you the lady hunting for twins? Welcome. There will be more surprises at our home.

 নিৰ্দিষ্ট দিনত আহিলাপাতি লৈ শশী-ৰবিৰ ঘৰ পালোগৈ। ধুনীয়া মহিলা এগৰাকীয়ে দুৱাৰ খুলি দি মোক বহিবলৈ ক’লে আৰু ৰবিৰ পত্নী বুলি চিনাকি দি ভিতৰলৈ গ’ল। ৰবি-শশীৰ পৰা যাৱতীয় তথ্য-পাতি লৈ জেনেটিক লেবলৈ যোৱাৰ দিন-ক্ষণ ঠিক কৰি ওলাই আহিবলৈ থিয় দিছো এনেতে ৰবিৰ পত্নী কফি একাপ লৈ সোমাই আহিল। তেওঁৰ স্বামী ৰবিৰ লগত কেনেকৈ চিনাকি হ’লো ক’ব খোজোতেই মানুহগৰাকীৰ কথা শুনি মই বজ্ৰাহত

হৈ থিয় দি ৰ’লো। তেওঁ হেনো ৰবিৰ নহয়, শশীৰহে পত্নী। ইতিমধ্যে ৰবিৰ পত্নীও সোমাই আহিল। দেখাত ইগৰাকী সিগৰাকীৰ জেৰক্স কপি। মই এবাৰ ৰবি-শশীলৈ, এবাৰ এওঁলোক দুগৰাকীলৈ চাই থকা দেখি দুয়ো হালে বৰ স্ফূৰ্তি পালে। ই কেনেকৈ সম্ভৱ হ’ল, মোৰ দুচকুত প্ৰশ্ন দেখি ঘৰত আৰু Surprise থকা বুলি বজাৰত কোৱা কথাষাৰ শশীয়ে

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৯৫