পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সোমাইছিলো। সোমাইছিল আন কেইবাজনো সাতে-পাঁচে নথকা চোকা ছাত্ৰ। ইফালে সিফালে চাই ফটকৈ সোমাই কোনেও নেদেখাকৈ বহি থাকিল ফুচুৰি গোসাই। ফিজিক্স ক্লাছত ভূমিধৰ চৌধুৰী ছাৰে তেতিয়া ৰোল কল কৰি আছিল। তেওঁ এফালৰ পৰা ৰোল নম্বৰবোৰ মাতি গৈ থাকোতে ফুচুৰিয়ে ক’লে— ‘ছাৰ সকলোৰে নম্বৰ মাতিব নালাগে, যি কেইজন আহিছে তেওঁলোকক উপস্থিত চিন দিয়ক’। ছাৰে নো তেওঁৰ কথা শুনিব নে? ইতিমধ্যে ধৰ্মঘটী ছাত্ৰসকলে বাহিৰৰ পৰা ফুচুৰিক দেখা পাই চিঞৰিবলৈ ধৰিলে— ‘গোস্বামী ওলাই আহক’। গোস্বামীয়ে উচপিচাবলৈ ধৰিলে। তেওঁৰ ২৩৭ নম্বৰটো ছাৰে নামাতেহে নামাতে। অৱশেষত ‘প্ৰেজেণ্ট ছাৰ’ বুলি কৈ একেজাপে ওলাই বাহিৰৰ ল’ৰাজাকক কোৱা শুনিলো— ‘আৰু দহটামান ছাত্ৰ যে বহি আছে সিহঁতক মাত্‌বা নোৱাৰে, দেখা পাইছে এই গোস্বামীকহে।’ তেওঁৰ অৱশ্যে সাতখুন মাফ। ক্লাছত উপস্থিতো হ’ল, শ্ৰেণী বৰ্জনো কৰিলে।

 কলেজৰ প্ৰথম দুটা বছৰ আমি কোনো ল’ৰাৰ লগত কথা নাপাতিলেও গোসাইৰ সৈতে পৰোক্ষভাৱে কথা-বতৰা হৈছিল। আই এছ চিৰ পাছত বহু ছাত্ৰ ডাক্তৰী-ইঞ্জিনীয়াৰিং আদি পঢ়িবলৈ ওলাই গ’ল, ছাত্ৰীসকলৰ মাজৰ পৰা গ'ল মালতী বৰুৱা আৰু বাসন্তী দত্ত ডিব্ৰুগড় মেডিকেল কলেজলৈ। অনুসূয়া চৌধুৰী (পিছত খ্যাতনামা সাংবাদিক তিলক হাজৰিকাৰ পত্নী), মণি দেৱী (কটন কলেজৰ ইংৰাজীৰ অধ্যাপক প্ৰয়াত আনন্দেশ্বৰ শৰ্মাৰ পত্নী), তুলতুল বৰুৱা (সাংবাদিক, লেখিকা তথা গীতিকাৰ -সুৰকাৰ-গায়ক প্ৰয়াত নৱ বৰুৱাৰ পত্নী), মায়া কুণ্ডু (কলকাতাৰ বেথুন কলেজৰ ব’টানিৰ অধ্যাপিকা) আৰু মই বি এছ চিত নাম লগালো। কিবা কামত আমি কলেজৰ অফিচ কোঠাত সোমায়ে দেখিলো গোসাইক। আমাৰ ফালে পিঠি দি তেওঁ ক’বলৈ ধৰিলে— ‘বি এছ চিত ছীট নাপালো। আমাৰ কিবা মাটি নাই না, হাল বাই খাম বাপ্পেকে।’ আমাৰে সৈতে অফিচ কোঠাৰ প্ৰতিজনে গিৰ্জনি মাৰি হাঁহিবলৈ ধৰিলে। পাছত গম পালো প্ৰতিযোগিতামূলক পৰীক্ষা দি তেওঁ ইতিমধ্যে ৰেলসেৱাত যোগ দিছে।

 ফুচুৰি গোসাইহীন কটন কলেজখনৰ পৰিবেশ বহুদিনলৈ নিমাওমাও হৈ আছিল। তেওঁৰ লগত পোনপটীয়াকৈ কথা পাতিছিলো কেইবাবছৰো পাছত গুৱাহাটীৰ চিনেমা হল এটাত। বিৰতিৰ সময়ত লাইটবোৰ জ্বলি উঠাত সন্মুখৰ আসনত দেখিলো শিশুপুত্ৰ আৰু পত্নীসহ গোসাই ডাঙৰীয়াক। মোৰ লগত আছিল সহপাঠী বান্ধৱী কিৰণ বৰা। হঠাতে স্থান-কাল-বয়স পাহৰি আমি তিনিও হাঁহিবলৈ ধৰিলো। গোসাইৰ পত্নীয়ে এবাৰ আমালৈ এবাৰ স্বামীলৈ চাই অবাক। তেওঁৰ কোলাত থকা শিশুটি আজিৰ জনপ্ৰিয় সাংবাদিক ৰণেন কুমাৰ গোস্বামী। গোসাইৰ জীয়ৰী বেংক বিষয়া ৰুমাই বেংকলৈ গ’লে দেউতাকৰ সহপাঠী বুলি মোক বৰ সহায় কৰে।

 আমাৰ কলকাতাবাসৰ সময়তে শুনিছিলো ফুচুৰি গোসাই আৰু নাই। প্ৰথমতে ভাবিছিলো বোধকৰো তেওঁ নিজৰ মৃত্যুৰ খবৰ নিজেই প্ৰচাৰ কৰিছে, হঠাতে এদিন আমাক হঁহুৱাবলৈ আত্মপ্ৰকাশ কৰিব। পিছে ৰসিক ব্যক্তি এজনক স্বৰ্গৰাজ্যৰ দেৱ-দেৱীসকলৰ সভাত প্ৰয়োজন

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১১৯