পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘পতন’ৰ দিনা চহৰখনত এক বিশৃংখল অৱস্থাৰ সৃষ্টি হৈছিল। অধ্যাপক সদানন্দ চলিহা আৰু মানসিক হাস্পতালৰ অধ্যক্ষ ডাঃ ননী বৰদলৈৰ বাহিৰে প্ৰায় প্ৰত্যেকে পলাই গৈছিল। কেনেবাকৈ পুলিচৰ হাতৰ পৰা পিছলি ওলাই গৈ চীনা কমডেসকলৰে মিতিৰালি কৰে বুলি পাঁচগৰাকী ‘বিভীষণ’ক হাতকেয়াৰ লগাই ব্ৰহ্মপুত্ৰ পাৰ কৰি নগাঁও জেললৈ আনিছিল ১৯ তাৰিখেই। ওখ-পাখ বিষ্ণু ৰাভাৰ মণিবন্ধ ইমানে শকত আছিল যে পুলিচৰ খাৰুপাত পিন্ধাব পৰা নগ’ল। গতিকে গৰু বন্ধা ৰচীৰে তেওঁৰ কঁকালটো বান্ধিলে। হায় বিষ্ণু ৰাভা! আজি কলাগুৰুক লৈ যেতিয়া অসমীয়া ৰাইজ উচ্ছ্বসিত হয় তেতিয়া মই কওঁ— ‘সিদিনা তোমালোক ক’ত আছিলা বোপাহঁত।’

 ২০ নৱেম্বৰত অসমৰ বিভিন্ন ঠাইৰ পৰা গ্ৰেপ্তাৰ কৰা পঞ্চাশজনীয়া দলটোক গুৱাহাটী কাৰাগাৰলৈ আমাৰ উলুবাৰীৰ ঘৰৰ আগেদি লৈ যাওঁতে পুলিচৰ গাড়ীখন অলপ সময়ৰ বাবে ৰখোৱাত আমি পদুলিমুখতে এওঁলোকক লগ পাইছিলো। দলটোত গৌৰীশংকৰ ভট্টাচাৰ্য, বীৰেশ মিশ্ৰ, কল্যাণী মিশ্ৰও আছিল। পিছদিনা এওঁলোকক উৰিষ্যাৰ বহৰমপুৰ জেললৈ উৰুৱাই লৈ যোৱা হয়।

 মোৰ শৰীৰ আৰু মনৰ তেতিয়া বিধ্বস্ত অৱস্থা। ডাঙৰ বৰজনা যোগেশ্বৰ গুহই ঘৰৰ ওচৰৰে উলুবাৰী প্ৰাইমেৰী হেল্থ চেণ্টাৰত মোৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিলে। তালৈ গৈ দেখিলো বান্ধৱী ডাঃ মালতী বৰুৱা চেণ্টাৰটোৰ ভাৰপ্ৰাপ্ত প্ৰধান চিকিৎসক। তাইক দেখি মনোবল ঘূৰাই পালো। তায়ো ক’লে মোৰ দায়িত্ব ল’ব বুলি। মই যেন নিশ্চিন্ত হ’লো। সিফালে ধুবুৰীত মাৰ চিন্তা। ডাঃ কামাখ্যা চক্ৰৱৰ্তীৰ লগত আলোচনা কৰি মোক ধুবুৰীলৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হ’ল। ইফালে শ্বিলঙত বাইদেউ-ভিনিহিদেৱো মোৰ লটি-ঘটি অৱস্থা দেখি চিন্তিত। ঘূৰাই লৈ যাবলৈ ভয় জানোচা মোৰ এডভান্সড অৱস্থাত পাহাৰী বাটেৰে যাওঁতে কিবা বিপদ-আপদ হয়। মনৰ অস্থিৰ অৱস্থাত তেওঁলোক দুয়ো এদিন ঘপককৈ গুৱাহাটী আহি পালে। মই মন মাৰি থকা বাবে ফুৰাবলৈ লৈ গ’ল ভিনিহিৰ এজন ডাক্তৰ বন্ধুৰ ঘৰলৈ। সোমায়ে দেখিলো শ্বিলঙত যিগৰাকী লেডী ডাক্তৰে মোৰ স্বাস্থ্য পৰীক্ষা কৰিছিল আৰু শিশুটিক ধৰালৈ অনাৰ দায়িত্ব লৈছিল তেওঁ তাত বহি আছে। সকলো শুনি তেওঁ মোক পৰীক্ষা-নিৰীক্ষা কৰি ক’লে শ্বিলঙলৈ নিশ্চিন্তমনে যাব পাৰিব। তেওঁৰ কথামতে সিদিনাই উভতি গ’লো শ্বিলঙলৈ। পিচে মোৰ লটি-ঘটিৰ অন্ত নাই। ৩১ ডিচেম্বৰৰ দিনা পুৱা হঠাতে নিৰ্দিষ্ট লেডী ডাক্তৰগৰাকীৰ বাইদেউহঁতৰ ঘৰত আৱিৰ্ভাব ঘটিল ধুমকেতুৰ দৰে। তেওঁ সেনা বিভাগত চাকৰি পাইছে, গতিকে মোৰ ভাৰ আন এগৰাকীৰ ওপৰত ন্যস্ত কৰিব। হাস্পতালো সলনি কৰিব লাগিব। আকৌ পৰীক্ষা কৰি ক’লে সিদিনাই ভৰ্তি কৰাই দিবলৈ। নতুন ডাক্তৰগৰাকী হ’ল তেতিয়াৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ বায়েক নিৰ্মলা চলিহা আৰু হাস্পতালখন হ’ল গণেশদাস হাস্পতাল।

 বিগত দুটা মাহৰ ঘটনাবোৰে মোক শাৰীৰিক-মানসিক-আৰ্থিক সকলো ফালৰ পৰা নিঃস্ব কৰিছিল। মোৰ বাবে ভিনিহি আৰু বাইদেৱে অশেষ যন্ত্ৰণা ভুগিবলগীয়া হোৱাত বিব্ৰতবোধ কৰিছিলো। কিন্তু মই উপায়হীন। আবেলি ভৰ্তি হ’লো গণেশদাস হাস্পতালত।

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৭১