পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনেকৰ লগত অন্তৰংগভাৱে কথা পাতি দেখিছো সমাজৰ ভয়ত তেওঁলোকে বহু পৰম্পৰা ৰক্ষা কৰি চলে। সেয়েহে ভাবো পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাটো উৰুৱাই দিব নোৱাৰিলে নাৰীৰ প্ৰকৃত মূল্যায়ন কৰা নাযাব।


নতুন জীৱনত প্ৰৱেশ

কটন কলেজত কেমেষ্টিৰ এডভান্স কোৰ্ছ কৰি উভতিলো ১৯৫৯ত। একে চনতে খুকুৱে দৰ্শন শাস্ত্ৰত এম এ পাছ কৰি কোকৰাঝাৰ কলেজত প্ৰবক্তা হিচাপে যোগ দিলে। তাৰ কেইমাহমান আগতে ভনীজোঁৱাই গোপালে গোৱালপাৰাৰ পৰা উঠা দি আহি কোকৰাঝাৰ বাৰত যোগ দিয়াত আমাৰ পুৰণি কোকৰাঝাৰখনক আকৌ বিচাৰি পালো। তাত আমাৰ ভেটি-মাটি, খেতি মাটি তাহানিখনৰ পৰাই আছিল। দেউতা জীয়াই থকালৈকে আমি চাউল কিনি খোৱা নাছিলো। ভঁৰালত নানা তৰহৰ ধান আছিল। মোৰ নাকত এতিয়াও লাগি আছে ফুলপাখৰি জহাৰ গোন্ধ। দেউতাৰ মৃত্যুৰ পাছত আমাৰ ঘোৰ দুৰ্দিনৰ সময়ত খেতিত ধান নহয় বুলি জানিবলৈ দিছিল যিগৰাকী মানুহে খেতিয়ক আৰু দেউতাৰ মাজত মধ্যস্থতা কৰিছিল। যি কি নহওক, গোপাল কোকৰাঝাৰলৈ অহাৰ পাছত সেই একেই খেতিৰ পৰা ধান পোৱাত অসুবিধা নহ’ল। মুঠতে দেউতাৰ সময়ৰ সুদিন ঘূৰি নাহিলেও আমাৰ জীৱনৰ পৰা ক’লা ডাৱৰ ধীৰে ধীৰে আঁতৰিবলৈ ধৰিলে। এনে এক পৰিস্থিতিত আপোনজনৰ ইচ্ছাত মই মোৰ পছন্দমতে দৰা পালে বিয়া কৰাবলৈ আপত্তি নকৰিলো। মোৰ পছন্দ এটাই, মানুহজন যেন শিক্ষিত আৰু প্ৰতিভাৱান হয়। ধন-সম্পত্তিৰ প্ৰতি কোনোদিনে মোৰ দুৰ্বলতা নাছিল, এতিয়াও নাই।

 অমলেন্দু গুহৰ ‘লুইত পাৰেৰ গাঁথা’ কবিতাটো ধুবুৰীৰ কেইগৰাকীমান শিল্পীয়ে নৃত্য-নাট্য আকাৰত মঞ্চস্থ কৰিছিল। আমাৰ কাজিন বাদলদাৰ লগত গণনাট্য সংঘৰ অনুষ্ঠানটো চাবলৈ ময়ো সিদিনা থিয়েটাৰ হললৈ গৈছিলো। যিমান দূৰ মনত পৰে ভূপেন হাজৰিকাৰ দুজনী কিশোৰী ভনী ৰুবি আৰু ৰ’জে বৰাক উপত্যকাৰ ‘বৌ-নাচ’ ‘সোহাগ চাঁদ বদনী ধনি নাচতো দেখি, বালা, নাচতো দেখি বালা, নাচতো দেখি...’ নাচি সকলো দৰ্শকৰ প্ৰশংসা বুটলিছিল। বাদলদাই কৈছিল কবি অমলেন্দু গুহ তেওঁৰ চিনাকি। কবি বা কবিতাৰ প্ৰতি মোৰ বৰ বেছি আকৰ্ষণ নাই যদিও ‘লুইত পাৰেৰ গাঁথা' কবিতাটোৱে সিদিনা মোক যথেষ্ট আলোড়িত কৰাত বাদলদাক কৈছিলো সুযোগ হ’লে গুহৰ লগত চিনাকি কৰি দিবলৈ। ইয়াৰ পাছত গুহ এবাৰ ধুবুৰীলৈ আহোতে চিনাকি হৈছিলো আৰু তাৰ পাছতে বাকী জীৱন তেওঁৰ লগতে কটোৱাৰ সিদ্ধান্ত লোৱা হ'ল।

 পিছে লাগিল লেঠা। লুইতৰ পাৰতে ডাঙৰ-দীঘল হৈছে যদিও গুহ পৰিয়ালটো বঙালী। মাৰ চিন্তা হ’ল। মায়ে তেওঁৰ চাৰিওফালে যিসকল বঙালী পৰিয়ালৰ সান্নিধ্যলৈ আহিছিল তেওঁলোকৰ অধিকাংশই আছিল পৰম্পৰাক খামুচি থকা ৰক্ষণশীল শ্ৰেণীৰ। দিনটো ৰান্ধনী ঘৰত থাকি বোৱাৰীবিলাকে বিধে বিধে ব্যঞ্জন ৰান্ধিছিল, বাৰ মাহে তেৰটা পূজা পাতিছিল। প্ৰতি দিনৰ আৰু বৃহস্পতিবাৰৰ লক্ষ্মীপূজাতো আছেই। অথচ তেওঁৰ জীয়েকজনী ৰান্ধনী

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৪৩