পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেমেৰাবিহীন অৱস্থাত কেতিয়াবা দেখিছো যেন নালাগে। তেওঁৰ পেটটো অলপ ওলোৱা বাবে বহুতে দেৱী পেটলা বুলি কৈছিল। ফটো তোলা তেওঁৰ নিচা বুলি জনাজাত আছিল যদিও কেমেৰাটোৱে হেনো ৰীলৰ মুখ কেতিয়াও দেখা নাছিল। সঁচা-মিছা অৱশ্যে নাজানো।


হঠাতে দেউতাৰ আবিৰ্ভাৱ

কোনো আগজাননী নিদিয়াকৈ এদিন দেউতা আহি ৱাৰ্ডেন কমলা ৰয়ৰ ঘৰ সোমাল। মই তেতিয়া আই এছ চি দ্বিতীয় বৰ্ষত। কিছুপৰ পিছত মোকো মাতিলে, কিবা কামৰ বাবে অহা বুলি কৈ তেওঁ খুৰাৰ ঘৰলৈ গ’লগৈ। মোৰ মনত অলপ সন্দেহ উপজিছিল, কি নো এনে কাম আছিল যে মই নাজানিলো আৰু আহিয়ে মোক নামাতি কমলা ৰয়ৰ লগত কথা হ’ল। তেওঁ পিছদিনা ৰাতিপুৱাতে গ’লগৈ। খুৰাৰ ঘৰলৈ গৈ গীতাবাৰ মুখে শুনিলো যে গধুলি দেউতা আৰু খুৰাই হেনো ফুচফুচাই কথা পাতিছিল।

 কিছুদিন পাছত ছিনিয়ৰ ছাত্ৰী দুগৰাকীয়ে ক’লে দেউতা হঠাতে অহাৰ কাহিনী। বোধকৰো ৱাৰ্ডেনে তেওঁলোকক কৈছিল। দেউতাক হেনো আমাৰ ঘৰলৈ গৈ আমাৰ ক্লাছ লোৱা প্ৰবক্তা এজনে মোক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছিল। দেউতাৰ বিৰাট চিন্তা হ’ল, যি সংস্কৃতিহীন ডেকাই নিজৰ বিয়াৰ প্ৰস্তাৱ নিজে ছোৱালীজনীৰ দেউতাকক দিব পাৰে তেওঁ ছোৱালীজনীকো পোনপটীয়াকৈ যে নিদিব তাৰ নিশ্চয়তা ক’ত। কমলা ৰয়ো চিন্তিত। তেওঁ বিভাগীয় মুৰব্বীজনৰে আলোচনা কৰি সেই গৰাকী প্ৰবক্তাক আমাৰ ক্লাছ নোপোৱাৰ ব্যৱস্থা কৰিছিল। তদুপৰি আমাৰ সেইটো বিভাগত ক্লাছ থাকিলে মানুহজনৰ ওপৰত নজৰ ৰখা হৈছিল। শুনিছো দেউতাই হেনো প্ৰৱক্তাজনক কৈছিল আমাৰ সমাজৰ সংস্কৃতিমতে অভিভাৱকেহে প্ৰস্তাৱ আগবঢ়াব লাগে। তদুপৰি কৈছিল জীয়েকক পঢ়িবলৈ পঠাইছে, বিয়া দিবলৈ নহয়। এনেধৰণৰ ঘটনা এইটোৱে নহয়, পিছে গতানুগতিক কথাবোৰ ইয়াতে এৰিলো।


পৰীক্ষা

১৯৫১ চনত হ’বলগীয়া বি এছ চি ফাইনেল পৰীক্ষাত বহিব নোৱাৰিলো প্ৰবল জ্বৰৰ পাছত গুটি আই (মিজলচ)ত আক্ৰান্ত হোৱাৰ বাবে। এটা বছৰ ক্ষতি হোৱাত মই ভাগি পৰিছিলো। দেউতাই মোক মনোবল যোগাইছিল যদিও পিছৰ বছৰটো হতাশাৰ মাজেৰেই কটাবলগীয়া হৈছিলো। লগৰ বান্ধৱীসকল স্নাতক হৈ স্নাতকোত্তৰ ক্লাছ পালে আৰু সংগীবিহীন হৈ মই পৰি থাকিলো কটন কলেজত। সেই বছৰটোৰ কথা ভাবিলে মই আজিও হতাশাত ভোগো। গভীৰ হতাশাত মোৰ পঢ়িবলৈ মন নোযোৱা হ’ল। মোৰ ব’টানীত মেজৰ আছিল, এৰি দিলো। দেউতাই মনোকষ্ট পালে যদিও একো নক’লে। মেজৰৰ মূল্য থাকিলেও আমাৰ সময়ত মেজৰ নাথাকিলেও স্নাতকোত্তৰ ক্লাছত নাম লগোৱাত অসুবিধা নাছিল।

 যি কি নহওক, পৰীক্ষা মই দিলো আৰু ডিছটিংশ্যন পাই পাছ কৰিলো। সেই বছৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত হোৱা আটাইবোৰ বায়োল’জিকেল বিষয়ৰ ভিতৰত সৰ্বোচ্চ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১২৩