পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেখা পালো হাসিদিৰ ঘৰত দহ-বাৰ বছৰমান পাছত। তাৰো পোন্ধৰ বছৰমান পাছত তেওঁৰ পত্নী কলকাতা টিভিৰ শিল্পী চৈতালীক লগ পাইছিলো। কলকাতাত তেওঁৰ মাকৰ ঘৰত। মাকে এৰি থৈ যোৱা ৰাজা বৰ্তমানে চিত্ৰ নিৰ্মাতা ৰাজা দাশগুপ্ত। হাসিদিক দুবছৰমান আগতে অলপ সময়ৰ বাবে কলকাতাত লগ পাইছিলো। সোণালী-ৰোছেলিনীৰ বিষয়ে শেহতীয়া খবৰ সোধা নহ’ল।

 আনৰ কথা বহুত কোৱা হ’ল, নিজৰ কথালৈ আহো। খুকু ধুবুৰীলৈ আহি বি এন কলেজত ভৰ্তি হ’ল। টুলুৱে বাইদেউহঁতৰ লগত পঢ়িবলৈ গ’ল ডিব্ৰুগড়লৈ। ইতিমধ্যে দেউতাৰ টকা-পইচা কিছু হাতলৈ আহিছিল। ছাকছেশ্যন চাৰ্টিফিকেট উলিওৱাত সহায় কৰিছিল আইনজীৱী কানুদাই (গুহ)। সেই টকাৰে ঘৰৰ আগফালে ভাড়া দিবলৈ এটা তিনি কোঠাৰ ঘৰ সাজিলে মায়ে নিজৰ তত্বাৱধানত। আমিও ভৰিৰ ওপৰত থিয় দিব পৰা হ’লো কোনোমতে। মাৰ তেতিয়া চিন্তা ছোৱালী অৰ্থাৎ মোক বিয়া দিয়াৰ। মই পিছে ঘোষণা কৰি দিছিলো যে মাহঁতক অঠাই সাগৰত পেলাই থৈ কোনোপধ্যেই বিয়া নকৰাওঁ। আত্মীয়-স্বজনৰ মুখতো একে কথা। কন্যা সন্তানক বিয়া দিব লাগে। ‘লাগে হয়’, তেওঁলোকক কৈছিলো, ‘পিছে সেইবোৰ নিয়ম খাটে যাৰ জীৱন স্বাভাৱিক বাটেৰে আগুৱায়। আমাৰ ভাই-ককাই নাই। দেউতাই মোক ল’ৰাৰ দৰে ডাঙৰ কৰিছে। কোকৰাঝাৰত স্কুল নাছিল, স্কুল প্ৰতিষ্ঠা কৰিছে, পঢ়িবলৈ পঠাইছে যোৰহাটলৈ, কটন কলেজলৈ। তেওঁ অকালতে এৰি যোৱা ঘৰখনৰ দায়িত্ব পালন কৰাটোৱে মোৰ ধৰ্ম, মোৰ কৰ্তব্য।’ তথাপিতো মানুহৰ ঘেনঘেননি-পেনপেননি শুনি শুনি বিৰক্ত হৈ এদিন মোৰ দীঘল চুলিকোচা আধাতে কেচীখনেৰে কাটি পেলালো। ক’লো— বিয়া নকৰাও বুলি প্ৰতিজ্ঞা নকৰো, কিন্তু মোৰ কেইটামান কৰ্তব্য শেষ কৰিহে। তেতিয়া দৰা নাপালে নকৰাও। চাকৰি এটাতো আছে। তাৰ পিছৰ পৰা মোৰ খং তোলা নাই কোনেও। ভিনিহিয়েও ক’লে মোৰ ওপৰত হেঁচা নিদিবলৈ।


যুৱ কংগ্ৰেছত যোগদান

জননেতা শৰৎ চন্দ্ৰ সিংহ আমাৰ পেহা চাপৰ নিবাসী হৰেন্দ্ৰ চন্দ্ৰ দাসৰ (ডিম্বুবাবু) স্নেহভাজন আছিল। পেহাক তেওঁ মামা বুলি মাতিছিল।মোমায়েকেও প্ৰতিভাধৰ ভাগিন শৰতে বাধাহীনভাৱে পঢ়া-শুনাকে লৈ সকলো ক্ষেত্ৰত যাতে আগবাঢ়িব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছিল। পেহাৰ ল’ৰা-ছোৱালীয়ে শৰৎ দা বুলি সম্বোধন কৰা বাবে আমিও তেওঁক মাতিছিলো শৰৎ দা বুলি। তেওঁৰ কথা-বতৰা, ত্যাগ, মানৱ প্ৰেম তথা দেশপ্ৰেমৰ চানেকি দেখি আকৃষ্ট হৈছিলো কংগ্ৰেছ দলৰ প্ৰতি। স্কুলত মোৰ সহকৰ্মী প্ৰতিভা ৰায়চৌধুৰী— ‘পুষ্প দি’ বুলি যাক শ্ৰদ্ধাৰে সম্বোধন কৰো— সেই সময়ত কংগ্ৰেছ দলভুক্ত আছিল। তেওঁক মোৰ মনৰ কথা কোৱাত যুৱ কংগ্ৰেছ দলত ভৰ্তি কৰাই দিলে। মোৰ আন এগৰাকী সহকৰ্মী বান্ধৱী সুৰমা নাৰায়ণেও (আৰক্ষী বিষয়া বিবেকানন্দ দাসৰ মাক) যুৱ কংগ্ৰেছত

১৩৪/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি