পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শম্ভুচৰণ দাস। তাৰ পৰা অহাৰ পিছত তেওঁ বিলাসীপাৰা-চাপৰ জমিদাৰৰ দেৱান (মেনেজাৰ) পদত নিযুক্তি পায়। শম্ভুচৰণৰ ভায়েক বিন্দুচৰণো ঢাকালৈ গৈছিল চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিবলৈ। সেই সময়ত অঞ্চলটোত তেৱেঁ আছিল একমাত্ৰ নামী স্ত্ৰীৰোগ বিশেষজ্ঞ। বিন্দুচৰণৰ প্ৰতিভা আছিল বহুমুখী। কুৰি শতিকাৰ প্ৰথমৰ ফালে খেতিপথাৰত পানীৰ যোগান ধৰিবলৈ তেওঁ চম্পা নৈৰ পানী নলাৰে বতৰদল গাঁৱলৈকে বোৱাই নিয়াৰ ব্যৱস্থা কৰিছিল। এই নলা (irrigation canal) খান্দিছিল ৰাইজে। শিল্পীসুলভ মনৰ অধিকাৰী বিন্দুচৰণে ৰাইজৰ বিনোদনৰ বাবে লক্ষ্ণৌৰ পৰা উচ্চাংগ সংগীত পৰিবেশন কৰিবলৈ আমন্ত্ৰণ কৰি আনিছিল ওস্তাদসকলক। কলকাতাৰ পৰা অনাইছিল যাত্ৰাৰ দল। নিজৰ গাঁৱত নাটকৰ দল গঠন কৰি প্ৰায়ে নাটক মঞ্চস্থ কৰিছিল।

 এটা পুত্ৰ সন্তান জন্ম দিয়াৰ পিছত বিন্দুচৰণৰ পত্নীৰ মৃত্যু হোৱাত পত্নীশোকত ম্ৰিয়মান হৈ তেওঁ সংসাৰ ত্যাগ কৰি স্বামী নিগমানন্দৰ শিষ্যত্ব গ্ৰহণ কৰে। পৰিয়ালটোত এটা মাত্ৰ সন্তান থকা বুলি গম পাই স্বামীজীয়ে তেওঁক গৃহী হ’বলৈ উপদেশ দিয়ে। গুৰুৰ আদেশমতে বিন্দুচৰণে গৃহ ধৰ্ম পালন কৰিছিল যদিও ঘৰৰ সন্মুখত আশ্ৰম পাতি বিনামূলীয়াকৈ ৰাইজলৈ চিকিৎসা সেৱা আগবঢ়াইছিল। সাধু হৈ যোৱা বাবে তেওঁ ‘সাধু আতা’ নামেৰে খ্যাত হৈছিল পিছৰ প্ৰজন্মৰ ল'ৰা-ছোৱালীৰ মাজত।

 বিন্দুচৰণৰ জ্যেষ্ঠ পুত্ৰ হৰেন্দ্ৰ চন্দ্ৰ দাসেই আছিল অবলা সুন্দৰীৰ স্বামী। মাকে বিচৰামতে এইখন ঘৰত একেটা চৰুতে ভাত খাইছিল বৃহৎ যৌথ পৰিয়ালটোৱে। কালক্ৰমে হৰেন্দ্ৰ চন্দ্ৰ— যাক চাপৰবাসীয়ে তেওঁৰ ঘৰত মতা নাম ডিম্বু বাবু বুলিয়ে জানে— চাপৰ অঞ্চলত এগৰাকী খ্যাতনামা ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হয়। ঠাইখনৰ উন্নতিৰ বাবে তেওঁ বহু জনহিতকৰ কাম কৰিছিল। লোকেল বোৰ্ডৰ সদস্য হৈ থকা সময়ছোৱাত তেওঁ ভিতৰুৱা অঞ্চলত বাট-পথ নিৰ্মাণ কৰাৰ উপৰি গাঁওবোৰত পকী নাদ সাজি দিছিল। তেওঁ আছিল চাপৰ হাইস্কুলৰ প্ৰতিষ্ঠাপক সচিব, তেওঁ নিজে আছিল এজন ফুটবল খেলুৱৈ আৰু খেলখন জনপ্ৰিয় কৰিবলৈকো তেওঁ চেষ্টা কৰিছিল।

 চাপৰৰ উজ্জ্বল নক্ষত্ৰ শৰৎ চন্দ্ৰ সিংহই হৰেন্দ্ৰ চন্দ্ৰক মামা বুলি সম্বোধন কৰিছিল। সিংহ ডাঙৰীয়াই এঠাইত লিখিছে যে মামা কম বয়সত আছিল পাকৈত খেলুৱৈ আৰু পৰিপক্ক বয়সত হ’ল অভিজ্ঞ ৰাজনীতিবিদ। মোমায়েকেও পাৰ্শ্বৱৰ্তী ভকতপাৰা গাঁৱৰ শৰতৰ মাজত প্ৰতিভাৰ উমান পাই তেওঁ যাতে বাধাহীনভাৱে আগবাঢ়ি যাব পাৰে তালৈ লক্ষ্য ৰাখিছিল। হৰেন্দ্ৰ চন্দ্ৰক মানুহে কিং মেকাৰ বুলিও কয়। শৰৎ সিংহৰ উত্থানৰ আঁৰত আছিল এইগৰাকী ব্যক্তিৰো অৱদান।

 টকা-পইচা, মাটি-বাৰী আৰু প্ৰভাৱ-প্ৰতিপত্তিত অঞ্চলটোৰ এগৰাকী সম্ভ্ৰান্ত ব্যক্তিক জোঁৱাই হিচাপে পাই আবুৱে মনত বৰ শান্তি পাইছিল। এইটো পৰিয়ালতে জোঁৱায়েকৰ বৰ দেউতাক শম্ভুচৰণৰ লগত বিয়া হৈছিল আবুৰ ভনীয়েক জানকীৰ। কম বয়সতে তেওঁৰ মৃত্যু হয়। আমি কোনেও তেওঁক নেদেখিলেও তেওঁৰ ডিঙিৰ কুৰি তোলা ওজনৰ বিস্কুট ডিজাইনৰ শকত হাৰডাল দেখিছো। তেওঁ নিঃসন্তান হোৱা হেতুকে যৌথ পৰিয়ালটোৰ

৩০/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি