পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুটা পইচা দিলে তাইলৈ কাঁচৰ খাৰু আনিবলৈ। তেতিয়াৰ সময়ত চাৰি পইচাত হৈছিল এক অনা আৰু ষোল্ল অনাত এটকা। সস্তীয়া দিন-কাল আছিল। দুপইচাতে ঢেৰ খাৰু পোৱা গৈছিল। মোৰ দুজনী অন্তৰংগ বান্ধৱী আছিল। হীৰা আৰু নীৰা (নাম সলাই দিয়া হৈছে)। তেওঁলোকৰ দেউতাকে পুলিচ বিভাগত চাকৰি কৰিছিল। আমি তিনিও ওলাইছিলো বাইদেউৰ খাৰু কিনিবলৈ। খাৰু পছন্দ কৰি পইচা উলিওৱাৰ সময়ত হীৰা-নীৰাই ক'লে সিহঁতে হেনো পইচা নিদিয়াকৈ বস্তু উঠাই নিয়ে। গতিকে মোকো উঠাই নিবলৈ অৰ্থাৎ চুৰ কৰিবলৈ ক'লে। ময়ো মহানন্দে Shop lifting কৰি ঘৰলৈ আহি বাইদেউক পইচা দুটাৰে সৈতে খাৰু কেইপাত বুকু ফিন্দাই দিলো। যেন বৰ ভাল কাম কৰিছো। মোৰ কাণ্ড শুনি বাইদেউৰ উশাহ ল'ব নোৱাৰা অৱস্থা। তাইৰ ভনীয়েক চোৰ! বাৰ বছৰীয়া বাইদেৱে মোক আদেশ দিলে তেতিয়াই খাৰুবোৰ ঘূৰাই দি আহিবলৈ। তাইৰ আদেশ অমান্য কৰিলে মা-দেউতাক লগাই দিব। তেতিয়া দুপৰীয়া গা-ধুই ভাত খোৱাৰ সময়। বান্ধৱীহঁতো নাই। শোকে-ভোকে বুকুখন ফাটি যোৱা যেন লাগিছিল। অথচ তাইৰ আদেশ অমান্য কৰাৰ সাহস নাই। অকলে অকলে চকুপানী মচি মেলাস্থলীলৈ গৈ মানুহজনক ক'লো যে পইচা দুটা দিবলৈ পাহৰি গৈছিলো। মানুহজনে মই অতি সৎ ছোৱালী বুলি বখানিলে। পিছে তেওঁৰ এই প্ৰশংসাই মোৰ বুকুত শেল হনা দি হানিছিল সিদিনা। মইতো সৎ নহওঁ, মই চোৰহে! সিদিনা গধুলি মেলালৈ নাইবা পূজাস্থলীলৈ আৰু নগ’লো। ঘৰতে বহি থাকিলো আমন-জিমনকৈ। ক্ষণে ক্ষণে ভয় লাগিছিল বাইদেৱে মা-দেউতাক কৈ দিয়ে বুলি। পিছে বুজিলো তাই মোক ক্ষমা কৰি দিছে।

 চুৰ আৰু কোনোদিনে কৰা নাছিলো যদিও দিন দুপৰতে ডকাইতি কৰিছিলো কিন্তু। আমাৰ প্ৰভাসমামাৰ কোকৰাঝাৰত এখন দোকান আছিল। তাত বিস্কুট, ললীপপ, লজেন্স অদি পোৱা গৈছিল। মামাৰ টকা-পইচাৰ প্ৰতি অলপো আকৰ্ষণ নাছিল। দুপৰীয়া দোকান বন্ধ কৰি ভাত খাই দোকানতে শুই থাকিছিল। তেওঁৰ সাহায্যকাৰীয়ে দোকান খুলি বস্তু-বাহানি বেচি নিজে কিছু সৰকাইছিল, কিছু মামাক দিছিল। আবেলি আমি বান্ধৱীসকলে লজেন্স, ললীপপৰ বৈয়ামবোৰ খুলি পৰমানন্দে খাইছিলো। মামা কাষতে থকা বিছনাত হয় বাগৰি থাকিছিল, নহ'লে গান গাইছিল আপোনমনেৰে। ওচৰৰ দোকানীবোৰে চিঞৰি চিঞৰি মামাক মাতি কৈছিল— অ’ মামা, আপোনাৰ দোকানত ডকাইতৰ দল। মামাৰ ভ্ৰক্ষেপ নাই, তেওঁৰ আচৰণ ‘পি পু সিঁ শো’ৰ দৰে, নহ'লে সম্ৰাট নিৰোৰ দৰে। গান- এক বাজনাৰ উপৰি মামাৰ আন এটা ভাললগা কাম আছিল মানৱসেৱা। কোনোবা এটা সময়ত তেওঁ ডিব্ৰুগড়বাসী খুৰাক শ্যাম চৌধুৰীৰ ঘৰত থাকি পঢ়িবলৈ গৈছিল। শ্যাম চৌধুৰী আছিল আইনজীৱী তথা স্বাধীনতা সংগ্ৰামী। তেওঁৰ জ্যেষ্ঠ পুত্ৰ আমাৰ মনোমামা অৰ্থাৎ মনোৰঞ্জন চৌধুৰীয়ে আমি কলেজত পঢ়াৰ সময়ত কৈছিল যে প্ৰভাসমামাই হেনো পাৰাৰ মানুহৰ বেমাৰ-আজাৰ হ’লে স্বতঃস্ফূৰ্তভাৱে গৈ ৰোগীৰ আলপৈচান ধৰিছিল। মৃতদেহ সৎকাৰতো লৈছিল আগভাগ।

 প্ৰভাসমামাই আমাক গান শিকাইছিল। গ্ৰামোফোন ৰেকৰ্ড শুনি শুনিও গান শিকিছিলো।

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৮৩