পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 অমিতাভৰ মাতটো আছিল বৰ মিঠা। প্ৰায়ে আমাক গান শুনাইছিল। ‘আৰাধনা’ নামৰ তেতিয়াৰ জনপ্ৰিয় কথাছবিত কিশোৰ কুমাৰে গোৱা ‘ৰূপ তেৰা মস্তানা, প্যাৰ মেৰা দিৱানা’ গীতটো অমিতাভৰ কণ্ঠত শুনি বৰ ভাল পাইছিলো। যি কি নহওক, তেওঁ মুম্বাইৰ সমীপৱৰ্তী উল্লাসনগৰৰ কলেজ এখনত প্ৰবক্তাৰ চাকৰি এটা পাই উল্লসিত। যোগ দিলে যদিও তেওঁৰ কাণত মই মন্ত্ৰ ঢালি থাকিলো। দেউতাকে বহু বছৰ কষ্ট কৰিলে আৰু তিনিটা বছৰ কষ্ট কৰিবলৈ দিয়া, উল্লাসনগৰত প্ৰতিভাবোৰ নষ্ট নকৰিবা। আৰু এখোজ আগুৱাই আমি তেওঁক দিল্লীলৈ যাবলৈ উৎসাহিত কৰিলো। গুহই দিল্লীৰ দুগৰাকীমান অধ্যাপকলৈ চিঠি লিখি দিলে। মই এখন লিখিলো অধ্যাপিকা ললিতা চক্ৰবৰ্তীলৈ। অমিতাভে তাৰ পাছত আৰু পিছলৈ ঘূৰি চোৱা নাই। অতুল শৰ্মাৰ দৰে তেওঁৰো উন্নতিৰ ৰেখাচিত্ৰডাল ঊৰ্ধগতিত আগবাঢ়ি গৈ আছে। বিশেষজ্ঞ হিচাপে দুয়ো বিশ্বৰ নানা দেশ ভ্ৰমি ফুৰে। এতিয়ালৈ অতুল অৱশ্যে কিছু ওপৰত আছে। অমিতাভৰ দুয়োটা চখে যে কেতিয়াবাই বাস্তৱত ৰূপ পালে তাক কোৱাই বাহুল্য।

 চালুকীয়া অৱস্থাত আমাৰ কণ কণ ল’ৰা-ছোৱালীবোৰৰ প্ৰেৰণাৰ উৎস আছিল শাৰীৰিকভাৱে প্ৰতিবন্ধী বিদ্যা পিত্ৰে নামৰ গৱেষকগৰাকী। ওপজাৰ সময়ত তেওঁৰ দেহৰ প্ৰায় আটাইবোৰ হাড় আছিল ভগা। হাত-ভৰিবোৰৰ দৈৰ্ঘ্যও নাছিল সমান সমান। ছোৱালী বুলি দেউতাক-মাকে অলপো অযত্ন কৰা নাছিল বিদ্যাক। পোন্ধৰ বছৰ বয়সলৈ তেওঁ আবদ্ধ আছিল প্লাষ্টাৰৰ বেষ্টনীত। দেহটো যিমান বিকল আছিল মগজুটো সিমানে আছিল সচল আৰু সবল। মাক-দেউতাকৰ আশাশুধীয়া চেষ্টাৰ ফলত প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে বিছনাত শুই শুই পৰীক্ষা দি বিদ্যাই প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিলে। পৰীক্ষাৰ পাছত তেওঁক পুনেৰ কৃত্ৰিম অংগ-প্ৰত্যংগ সংস্থাপন কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। তাত প্লাষ্টাৰৰ আবেষ্টনীৰ পৰা মুক্ত হৈ বিদ্যাই পোন্ধৰ বছৰ বয়সত প্ৰথম খোজ কাঢ়িবলৈ শিকে। লেতু-সেতু দেহটোক পোন কৰি ৰাখিবলৈ তেওঁক পিন্ধোৱা হয় ষ্টীল আৰু চামৰাৰে নিৰ্মিত এটা জেকেট। ভৰি দুখনৰ দৈৰ্ঘ সমান সমান কৰিবলৈ এখন ভৰিত পিন্ধোৱা হয় শকত ছ’লৰ জোতা। ক্ৰাচ দুডালতো আছেই। সচল হোৱাৰ পাছত বিদ্যাই পূণৰ্জন্ম পোৱা যেন পাইছিল। আত্মনিৰ্ভৰশীলতা তেওঁৰ ইমানে বাঢ়িল যে নাগপুৰৰ হোষ্টেলত থাকি আই এ, বি এ আৰু অৰ্থনীতিত এম এ প্ৰতিটো পৰীক্ষাত প্ৰথম বিভাগত পাছ কৰে। তাৰ পাছত ফেল’শ্বিপ এটা পাই গোখলে ইনষ্টিটিউটলৈ আহে পি এইচ ডি কৰিবলৈ। বিদ্যাক হোষ্টেলত ভৰ্তি কৰি দেউতাকে আমাক কৈছিল— আজিৰে পৰা মই নিশ্চিন্ত, বিদ্যা অৰ্থনৈতিকভাৱেও স্বাধীন হ’ল।

 বিদ্যা নিৰ্ভীক। মনোবল অসামান্য। ঘোৰ নাস্তিক। দেখাত অচল হ’লেও অসম্ভৱ সচল। অট'ৰিক্সাখন লৈ তেওঁ মেলে-মিটিঙে, আত্মীয়-স্বজনৰ ঘৰে ঘৰে ঘূৰি ফুৰে৷ আনকি অকলেই ৰে’লত উঠি বিজাপুৰত মোমায়েকৰ ঘৰলৈ যায়। বিদ্যাৰ সাহস দেখি আমাক নিজকে প্ৰতিবন্ধী যেন লাগিছিল। দেউতাক ঢুকোৱাৰ পাছত বিদ্যাৰ মাক তেওঁৰ লগত থাকিছিল। কেতিয়াবা মাক ক’ৰবালৈ গ’লে তেওঁৰ গোসাঁইৰ থাপনাৰ পৰা মূৰ্তিবোৰ ঠেলি

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /'১৮৫