পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পিঠিত সৌকাৰ কোব। কালাচাঁদৰ দেউতাক অকলে নহয় আমাৰ ঘৰলৈ আহোঁতে লগত আনিছিল তেওঁৰ বন্ধু এজনক। এওঁ আছিল বিজনী এষ্টেটৰ ফৰেষ্টাৰ। পেটুৱা হোৱা বাবে আমি পেটলা জেঠু বুলি মাতিছিলো। তেওঁ মোক মতাই আনি বেৰত আঁৰি থোৱা মানচিত্ৰখনৰ ওচৰলৈ লৈ গৈ ব্ৰহ্মপুত্ৰৰ গতিপথ মুখেৰে কৈ কৈ দেখুৱাবলৈ ক’লে। মেপ ৰিডিং বা ভূগোলক মই পঢ়াশুনাৰ অংশবিশেষ বুলি ভবা নাছিলো, ধেমালি বুলিহে ভাবিছিলো।গতিকে গতিপথ দেখুওৱাত ভুল নহ’ল। মোৰ ‘কৃতিত্ব’ত সন্তুষ্ট হৈ পেটলা জেঠুই চাব্বাছ বুলি ক’লে আৰু কালাচাঁদৰ পিঠিত ধুপুচকৈ মাৰিলে এটা কিল। দেউতাই ল’ৰা-ছোৱালীক পঢ়াওতে লাঠি বা কিল-ভুকুৰ ব্যৱহাৰ পছন্দ কৰা নাছিল। তেওঁ কালাচাঁদৰ দেউতাক, পেটলা জেঠু আৰু মোক আঁতৰি যাবলৈ কৈ কালাচাঁদক ওচৰ চপাই ল’লে। সিদিনা নোৱাৰিলেও ল’ৰাটোৱে দুদিনমানৰ চেষ্টাৰ পিছত শুদ্ধকৈ ব্ৰহ্মপুত্ৰৰ গতি-পথ ক’ব পৰা হৈছিল। সম্প্ৰতি আমীৰ খানৰ ‘তাৰে জমিন পৰ’ নামৰ কথাছবিখন চাই ধাৰণা হ’ল কালাচাঁদ হয়তো ডিচ্‌লেক্সিয়া ৰোগৰ বলি আছিল।

 আবু যমুনা সুন্দৰী আছিল মোৰ সবাতোকৈ প্ৰিয় শিক্ষয়িত্ৰী। তেওঁ লিখা-পঢ়া জানিছিল নে নাই নেজানো। তেওঁলোকৰ দিনত ছোৱালীয়ে পঢ়াশুনা নজনাটোৱে স্বাভাৱিক, কিন্তু দেউতাৰ দৰে তেৱোঁ আছিল এগৰাকী born teacher। তেওঁৰ সাধুকথাৰ ভৰাঁল আছিল সমৃদ্ধ। মোক শিশু বয়সতে কল্পনাৰ বিচিত্ৰ জগতখনত সোমাবলৈ এইগৰাকী শুভ্ৰবসনা অপৰূপাই দুৱাৰখন মেলি দিছিল। ঈশ্বৰ-ঈশ্বৰী, অসুৰ-দানৱ, ভূত-বীৰা, স্বৰ্গ-নৰক, যমদূত-যমজা, দুখীয়া-নিচলা, ৰজা ৰাণী, সোণৰ কাৰেং-দুখীয়াৰ পঁজা, পৰী-মাছাং, হালুম-হুলুম, ৰাক্ষস-খোক্ষস, মধুসুদন দাদা-দুখীয়া ছাত্ৰ-লোভী শিক্ষক, ফটা-ছিটা ফটহু, ছাল ছিগা ভিকহু আদি অসংখ্য লৌকিক-অলৌকিক চৰিত্ৰৰে ঠাহ খাই আছে সেইখন জগত। আবু আছিল পাকৈত গল্প কথক। ইমান সাৱলীল আৰু শিশুৰ মন মুহিব পৰা ভাষাত কাহিনীবোৰ বৰ্ণাইছিল যে দৃশ্যবোৰ চিনেমাৰ পৰ্দাত ওলোৱাদি মনৰ পৰ্দাত ওলাই থাকিছিল।

 ‘মই পখী ডালত, ৰজাই ভাত খায় সোণৰ থালত’ বুলি আবুৱে কোৱাৰ লগে লগে ডালত বহি থকা পখীটো আৰু ৰজাই সোণ-ৰূপ খটোৱা কাৰেঙত লগুৱা-লিকচৌ পৰিবেষ্টিত হৈ সোণৰ কাঁহীত সুগন্ধী জহা চাউলৰ ভাত খোৱা দৃশ্যটো মোৰ কল্পনাত এতিয়াও উজ্জ্বল হৈ আছে। তেৱেঁই মোক প্ৰথম ৰামায়ণ, মহাভাৰত আৰু অন্যান্য হিন্দু পৌৰাণিক আখ্যানবোৰ শুনাইছিল। জহকালি চোতালত বহুৱাই চিনাকি কৰি দিছিল সপ্তৰ্ষি মণ্ডল, ধ্ৰুৱ-নক্ষত্ৰ আদি তৰা ভৰা আকাশখনৰ সৈতে, উমলিবলৈ শিকাইছিল ফুলে-ফলে শোভিত প্ৰকৃতিৰ কোলাত নাচি –বাগি থকা চৰাই-চিৰিকতি, জীৱ-জন্তুৰ স’তে। ভাল পাবলৈ শিকাইছিল মানুহক।

 মাহঁতৰ দৰে আবুৰ কপালত সেন্দূৰৰ ফোটটো নেদেখি আমাৰ ভাল লগা নাছিল। গতিকে দুপৰীয়া খাই-বই তেওঁ শুলে বাইদেৱে-ময়ে মাৰ সেন্দুৰৰ টেমিটো আনি তেওঁৰ কপালত আৰু শিৰত সেন্দূৰ পিন্ধাই দিছিলো। আমাৰ উৎপাতত সাৰ পাই তেওঁ আমাক বুজাই কৈছিল তেওঁ বোলে কিবা বিধবা মানুহ, সেন্দুৰ ল’ব নাপায়। বিধবা-চিধবা বুজাৰ বয়স তেতিয়া হোৱা নাছিল। গতিকে সেই একে উৎপাত আমি সঘনাই চলাই আছিলো

৫৪/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি