পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্মৃতি সৌধটো দেখিছিলো। ইয়াৰ গঠন শৈলী অসাধাৰণ। বাংলাদেশী সুলেখিকা জাহানাৰা ইমামৰ জ্যেষ্ঠ পুত্ৰ মুক্তিযোদ্ধা ৰুমিৰ মৃতদেহটো বিচাৰি পোৱা হোৱা নাছিল। সেই সময়ৰ ঘটনাৱলীক লৈ জাহানাৰাই লিখা কিতাপখনে মনক ভাৰাক্ৰান্ত কৰি তোলে। ঢাকাত তেওঁক লগ পাবলৈ চেষ্টা কৰিছিলো আন এগৰাকী লেখিকাৰ যোগেদি। তেওঁ মান্তিও হৈছিল। কিন্তু কৰ্কট ৰোগত আক্ৰান্ত জাহানাৰা নিৰ্দিষ্ট দিনটোত গুৰুতৰভাৱে অসুস্থ হোৱাত আমাৰ মনৰ ইচ্ছা পূৰ্ণ নহ’ল।

ৰহস্যৰ ওৰ পৰিল

চীন-ভাৰত সংঘৰ্ষৰ সময়ত মনত যি দূৰাৰোগ্য ক্ষত এটাৰ সৃষ্টি হৈছিল পুনেৰ মুক্ত পৰিবেশে তাৰ ওপৰত শান্তিৰ প্ৰলেপ সানি দিয়া যেন লাগিছিল। সেই ক্ষত শুকাই যোৱা নাছিল। কিয় চীনাসকল আহিছিল, কিয় কমিউনিষ্টসকলক আটক কৰিছিল আৰু কি কাৰণে বিজয়ী দলটোৱে যুদ্ধবিৰতি ঘোষণা কৰি উভতি গৈছিল তাৰ কোনো আগ-গুৰি বিচাৰি পোৱা নাছিলো। এনেতে চীন-ভাৰত যুদ্ধত ভাৰতীয় সেনাক নেতৃত্ব দিয়া জেনেৰেল বি এম কউলৰ The untold story নামৰ কিতাপখন হাতত পৰিল। কিতাপখন প্ৰকাশ হোৱাৰ পাছত ভাৰত চৰকাৰে মূৰত যে হেজাৰ ভ’ল্ট বিদ্যুতৰ শ্বক খোৱা যেন পাইছিল তাত কোনো সন্দেহ নাই।

 জেনেৰেল কউলক সমালোচকসকলে গালি-শাপনি পাৰিলেও তেওঁ পৰিবেশন কৰা তথ্য-পাতিৰ প্ৰতিবাদ কোনেও কৰিব পৰা নাছিল। সৈন্যবাহিনীৰ জেনেৰেল এজনে চীন যুদ্ধৰ আঁৰৰ যি গোপন তথ্য-পাতি উদঙালে তাৰ বাবে তেওঁক চূড়ান্ত শাস্তি বিহিব পাৰিলেহেঁতেন। কিন্তু একোকে নকৰিলে। জেনেৰেলে নিজৰ চাফাই গাইছে যদিও কালৈকো কেৰেপ নকৰি যিটো সুৰত কিতাপখন লিখিছে তাৰ বাবে তেওঁক প্ৰশংসা নকৰি নোৱাৰি।

 বাংলা ভাষাত প্ৰকাশিত ‘দেশ’ নামৰ আলোচনীত নীৰদ চন্দ্ৰ চৌধুৰীয়ে লিখা ‘চীন যুদ্ধে পৰাজয়েৰ দায়িত্ব’ শীৰ্ষক এলানি প্ৰবন্ধ পঢ়িও নজনা বহু কথা জানিব পাৰিলো। সামৰিক জ্ঞানত যিকোনো সমৰবিদৰ সমতুল্য আৰু দ্বিতীয় বিশ্বযুদ্ধত অনাতাঁৰ যোগে প্ৰচাৰ কৰা যুদ্ধ সম্পৰ্কীয় টীকা-টিপ্পনীৰ ভাষ্যকাৰ নীৰদ চন্দ্ৰ চৌধুৰীয়ে চীন-ভাৰত সীমা নিৰ্ধাৰণত এক সুস্থিৰ নীতি পালন নকৰাৰ ফলত যুদ্ধখন হোৱা বাবে আৰু শোচনীয় পৰাজয়বৰণ কৰা বাবে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক দায়ী কৰে। এফালে ভাব প্ৰৱণতাৰ প্ৰভাৱত, আনফালে জনতাৰ ৰোষৰ ভয়ত যেতিয়া যি সুবিধা দেখিছে নেহৰুৱে তাকেই কোৱা বুলি চৌধুৰীয়ে কৈছে। নেহৰু নিজে চীনৰ লগত মিত্ৰতা কৰাৰ সপক্ষে হ’লেও নিজৰ মত নিৰ্ভীকভাৱে প্ৰকাশ কৰি দেশবাসীক শান্ত কৰিবলৈ চেষ্টাতো কৰাই নাই, বৰং জনতাৰ উত্তেজনা দেখি আৰু বিৰোধী ৰাজনৈতিক দলৰ আস্ফালনৰ ৰেহ-ৰূপ চাই চৰম দায়িত্বহীন ব্যক্তিৰ নিচিনাকৈ যুদ্ধৰ সৈতে সাঙোৰ খাই পৰিছিল বুলি মন্তব্য কৰিছে নীৰদ চৌধুৰীয়ে।

 নীৰদ চি চৌধুৰীৰ প্ৰবন্ধমালাই বহুতো ৰহস্যৰ ওৰ পেলালে। ভাৰতৰ শেষ ভাইচৰয়, নেহৰুৰ বন্ধু লৰ্ড মাউণ্টবেটেনে ১৯৫৯ চনতে আমেৰিকাত প্ৰদান কৰা ভাষণ এটায়ো

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৮৭