পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় বিশ্বযুদ্ধৰ সৈতে কোন কোন দেশ জড়িত আছিল। আজিকালিৰ ল'ৰা-ছোৱালীয়ে বহু কথা জানিব লাগে। যি কি নহওঁক তাৰ প্ৰশ্নৰ উত্তৰত খুকুই গান এটা গাই দিয়াত আচৰিত হৈ ল'ৰাটোৱে আইতাকৰ মুখলৈ চাই থাকিল। গানটোৰ সাৰাংশ আছিল পৃথিৱীখনক ফুটবল জ্ঞান কৰি সাতখন দেশৰ সাতজন খেলুৱৈয়ে বল খেলি আছে। এই সাতজন হ’ল— জাৰ্মানীৰ হিটলাৰ, ব্ৰিটানিয়াৰ চাৰ্চিল, ইটালিয়ান মুছ’লিনী, ইউ এছ এৰ ৰুজভেল্ট, চীনা চিয়াং কাই শ্বেক, ৰাছিয়াৰ ষ্টেলিন, তোজো জাপানী... চললো মজাৰ চাল, এই দুনিয়াৰ হাল... One football seven legs ছুটছে বড় ফাইন, World today 1939. সুৰ গালে মন্ত্ৰমুগ্ধ হৈ শুনি থাকিবৰ মন যায়।

 যুদ্ধ শেষ হৈ যোৱাৰ পিছতো দেশৰ বিধ্বস্ত অৱস্থাক কেন্দ্ৰ কৰি ওলাইছিল গ্ৰামোফ’ন ৰেকৰ্ড। তাৰে এটালৈ মনত পৰিছে।

যুদ্ধ হ’ল শেষ, থাকিল ইতিহাস।
যুদ্ধত জিকিল মিত্ৰপক্ষ আমি যাৰ দাসানুদাস,
সিহঁতে পালে হেৰোৱা ৰাজ্য আমাৰ ভাগ্যত ঘোঁৰাৰ ঘাঁহ।
কিছুমানে পালে ভিক্‌ট্টি বোনাছ নিৰ্মম পৰিহাস।
যদু-মধু আৰু খলিহা-পুঠি আটায়ে হৈছিল মিলিটাৰী,
যুদ্ধ জিকাই আনিলে যেয়ে তেওঁলোক হৈ ৰ'ল অনাহাৰী।

 আমাৰ সুধীৰ খুৰাক সম্ভৱত বাটলাৰ, বাটকি আৰু বেনে প্ৰলোভন দেখুৱাই যুদ্ধলৈ নিছিল। উভতি অহাৰ পিছত তেওঁ চকুত লগাকৈ কিবা সা-সুবিধা পোৱা যেন নালাগে। তেওঁ পিছত ব্যৱসায় কৰিছিল।

 ইৰাক যুদ্ধত যোগ দিবলৈ আমেৰিকা কৰ্তৃপক্ষৰ দালালে কেনেকৈ গাঁও আৰু পিছপৰা অঞ্চলৰ ল’ৰাবোৰক ফুচলাইছিল প্ৰবন্ধ এটাত পঢ়িছিলো। সৈনিক জীৱনৰ যিটো উজ্জ্বল দিশ, সেইটো দাঙি ধৰে— ‘বহু দৰমহা পাবা, নতুন নতুন ঠাই দেখিবা, উভতি অহাৰ পিছত চৰকাৰৰ খৰচত কলেজত পঢ়িবা, ঘৰ-মাটি পাবা ইত্যাদি।’ তোমালোকৰ অংগ হানি হ’ব পাৰে, মানসিকভাৱে ভাগি পৰিব পাৰা, পংগু হোৱাৰ সম্ভাৱনা আছে এইবোৰ কথা উচ্চাৰণেই নকৰে।

 প্ৰথম বিশ্বযুদ্ধৰ কথা ডাঙৰ হৈ পঢ়িছোহে। কিন্তু দ্বিতীয় বিশ্বযুদ্ধখন পোনপটীয়াকৈ নেদেখিলেও তাৰ ফলাফল ভোগ কৰিছো। বাইদেৱে হোষ্টেল এৰি ধুবুৰীৰ পৰা আহিবলগীয়া হ’ল। শান্তি নিকেতনলৈও তাইৰ যোৱা নহ'ল। সেই সময়ত গ'লে অন্ততঃ এটা বছৰৰ বাবে হ'লেও কবিগুৰু ৰবীন্দ্ৰনাথৰ সান্নিধ্য লাভ কৰিব পাৰিলেহেঁতেন। দেশ, সমাজ আৰু সমগ্ৰ বিশ্বৰ যি ক্ষয়-ক্ষতি হৈছিল তাৰ তুলনাত ব্যক্তিগত ক্ষতি নগণ্য। তথাপিতো যাৰ ক্ষতি হ'ল তেওঁ নিশ্চয় তাৰ বাবে কেতিয়াবা মানসিক যন্ত্ৰণা অনুভৱ কৰে।

 সেই সময়ত বিশেষকৈ খোৱা বস্তুৰ আকাল হৈছিল। কাপোৰ-কানিও সহজতে পোৱা নগৈছিল। ষ্টেণ্ডাৰ্ড ক্লথ নামৰ মাৰ্কিন কাপোৰৰ নিম্নমানৰ ধুতি আৰু শাৰী চৰকাৰে যোগান ধৰিছিল। মনত পৰে মাহঁতে পুৰণি শাৰীৰ পাৰি কাটি মাৰ্কিন কাপোৰৰ শাৰীত লগাই লৈ

৭০/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি