পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁৰ ছেমুৱেল নাইবা পিটাৰ কাৰ্ নামৰ ভাগিন দুটাৰ মাজৰ কোনোবা এটাহে ছেলীৰ সন্তানৰ পিতৃ।

 সন্দেহজনক এই কাহিনীটোৰ আৰম্ভণি হৈছিল ১৮০২ চনত যেতিয়া টমাছ জেফাৰছন আমেৰিকাৰ তৃতীয়গৰাকী প্ৰেছিডেণ্ট। ঊনৈশ শতিকা অতিক্ৰম কৰি কুৰি শতিকাৰ শেষ প্ৰান্তলৈ মানুহৰ মনত জীয়াই থকাৰ পিছত এই সন্দেহৰ অৱসান ঘটিল। ঘটালে কোনে? সেই ওৱাই ক্ৰমজ’মে।

 ডাঃ ফষ্টাৰে এদল বিজ্ঞানীক একেলগ কৰি অতীতক পুনৰুদ্ধাৰ কৰাৰ কামত ব্ৰতী হ’ল। প্ৰথমতে বিচাৰি-খোচাৰি উলিয়ালে ছেলীৰ দুজন পুত্ৰৰ কেৱল পুৰুষ উত্তৰপুৰুষসকলক। আগতেই কোৱা হৈছে পুৰুষৰ লিংগ নিৰ্ধাৰক ওৱাই ক্ৰমজ’মটো পিতৃৰ পৰা পুত্ৰই পায় পীৰিৰ পিছত পীৰি ধৰি। জেফাৰছনৰ উত্তৰপুৰুষসকলৰ স’তেও যোগাযোগ কৰা হ’ল। ইফালে দুশ বছৰ ধৰি একাংশই সন্দেহ কৰিছিল জেফাৰছনৰ ভাগিন দুজনৰ এজনক। গতিকে তেওঁলোকৰ উত্তৰপুৰুষসকলকো বিচাৰি উলিয়ালে গৱেষক মণ্ডলীয়ে। অৱশেষত এওঁলোকৰ ক্ৰমজ’ম পৰীক্ষা কৰা হ’ল তন্ন তন্নকৈ। জেফাৰছনৰ ওৱাই ক্ৰমজ’মটো আছিল বিশেষ ধৰণৰ। একেবাৰে হুবহু একে ওৱাইটো পোৱা গ’ল ছেলীৰ কনিষ্ঠ পুত্ৰ এছটনৰ উত্তৰপুৰুষৰ দেহত। এতেকে যিটো কথা গুপুতে ৰাখিছিল জেফাৰছন আৰু ছেলীয়ে, তাক বিশ্বৰ আগত উন্মুক্ত কৰিলে এই বিজ্ঞানীজাকে। ১৯৯৮ চনত Nature নামৰ জাৰ্নেলত গৱেষণালব্ধ এই মহাসত্যটো প্ৰকাশ কৰা হৈছিল। বিজ্ঞানে যে পৃথিৱীখনক ক’লৈ নিছে আৰু ভৱিষ্যতে ক’লৈ নিব ভাবি নেপাও।

 পিছে মোৰ দৰে ঢাল-তৰোৱাল নথকা নিধিৰাম চাৰে বিজয় সিং চৰ্দাৰৰ ওৱাই ক্ৰমজ’মটোৰ প্ৰতিলিপি তেওঁৰ উত্তৰপুৰুষসকলৰ মাজত বিচাৰি উলিয়াও কেনেকৈ? অৱশ্যে জেফাৰছন-ছেলীৰ মাজত থকাৰ দৰে গুপুত কোনো সম্পৰ্কৰ ফল বিচাৰি নহয়, মোৰ মন যায় বিজয় সিঙৰ বিশেষ সেই ক্ৰমজ’মটোৰ বাহকসকলৰ মাজত মিল বিচাৰি আত্মীয়তা স্থাপন কৰাবলৈ। যাওক বাৰু এইবোৰ অলীক কল্পনাৰ কথা। বাস্তৱলৈ উভতি আহো।


মাৰ আতা পুষ্পৰাম চৌধুৰীৰ পৰিয়াল

মা-মাহী-মামাহঁতৰ মুখত তেওঁলোকৰ তেজস্বী আতা পুষ্পৰাম চৌধুৰীৰ কথা প্ৰায়ে শুনিছিলো। তেওঁ পিতৃভিঠা সুন্দৰীদিয়াৰ পৰা আহি বৰটাৰী মৌজাত নিগাজীকৈ থাকিবলৈ লৈছিল। তেওঁ বিয়া কৰাইছিল ভৱানীপুৰৰ মৌজাদাৰ তনুৰাম চৌধুৰীৰ ভনীয়েক মহাৰাণীক। পুষ্পৰাম আৰু তনুৰামৰ নাম হঠাতে পালো ১৯০৮ চনত প্ৰকাশিত এখন বাংলা কিতাপত। মহাৰাণীৰ ব্যক্তিত্বও হেনো আছিল মহাৰাণী সদৃশ। এই দম্পতীহালৰ চাৰিটা ল’ৰা আৰু তিনিজনী জীয়েকৰ ভিতৰৰ জ্যেষ্ঠ সাবিত্ৰী আমাৰ মাৰ মাক আছিল বুলি উল্লেখ কৰিছো। পুষ্পৰাম ইমানে অহংকাৰী আছিল যে জীয়েকৰ জোৰণত দৰাঘৰে দিয়া অলংকাৰবোৰ নিভাঁজ সোণৰ নহয় বুলি ঘোষণা কৰি জীয়েকক পিন্ধিব দিয়া নাছিল। বিশুদ্ধ সোণেৰে

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৪১