সমললৈ যাওক

পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিভিন্নজনৰ মাজত খ্যাত—এটা সুকীয়া অস্তিত্ব আছে যদিও, উচ্চাৰণ বাংলাৰ দৰে। যেনে, আমি ঘৰত কোৱা দেশী ভাষাত চ আৰু ছৰ, ট আৰু তৰ উচ্চাৰণ বাংলাৰ দৰেই স্পষ্ট। অসমীয়া উচ্চাৰণ কোমল। আজি ভাবিলে হাঁহি উঠে আমি যেতিয়া প্ৰথম অসমীয়া পাঠ্য কিতাপ জোৰে জোৰে পঢ়িছিলো তেতিয়া উচ্চাৰণ কিন্তু কোমল হৈ থকা নাছিল। তেতিয়াৰ দিনত যোগাযোগ ব্যৱস্থা উন্নত নাছিল, ৰেডিঅ’, টিভিৰতো অস্তিত্বই নাছিল। গতিকে উজনিৰ ভাষা বহুদিনলৈ শুনাই নাছিলো। অৱশ্যে মাৰ ফালৰ আত্মীয়-স্বজন কামৰূপৰ হোৱা বাবে সেই অঞ্চলৰ ভাষাৰ স'তে পৰিচিতি আছিল।

 এই প্ৰসংগত মনত পৰিছে সৰু খুড়ীদেউৰ মাহীয়েকৰ পুতেক মাখন দাসলৈ। তেওঁ আমাৰ লগতে কটন কলেজত পঢ়িছিল। যিমান দূৰ মনত পৰে তেওঁ বাংলা ভাষাতে স্কুল-কলেজত পঢ়া-শুনা কৰিছিল। গতিকে অসমীয়া ক’ব পাৰিছিল যদিও সচৰাচৰ ব্যৱহাৰ নকৰা অনেক অসমীয়া শব্দৰ সৈতে চিনাকি নাছিল তেওঁৰ। মাখনে বিয়া কৰাইছিল শ্বিলং নিবাসী উজনিৰ ছোৱালীক। মোক এদিন তেওঁ সুধিছিল নুমলীয়াৰ অৰ্থ মই জানো নে নাই। জানো শুনি তেওঁ আচৰিত। তেওঁ হেনো দেউতাক-মাকৰ নুমলীয়া জীয়েকৰ স’তে বিয়া হ’ব শুনি ভাবিছিল কইনাৰ নাম নুমলীয়া!

 ইয়াৰ পিছত মোৰ অসমীয়া ভাষাজ্ঞান পৰীক্ষা কৰিবলৈ সুধিছিল ঢেৰেকনি মানে কি। মই বজ্ৰপাত বুলি কোৱাৰ লগে লগে তেওঁ যেন বজ্ৰাহত হ’ল। তেওঁ শ্ৰীমতীৰ মুখত ঢেৰেকনি, গোজৰণি, কানি-মুনি, কাণি-দুৱৰী, শেতেলি আদি শব্দবোৰ শুনি ভাবিছিল হিব্ৰু বা ফাৰ্চি কোৱা বুলি। আজি বহু বছৰৰ পৰা পিছে সকলোৱে অসমীয়া পঢ়ে। বাংলাৰ লগত অধিকাংশৰে সম্পৰ্কহীন।

 মনত পৰিছে ডাঙৰ খুৰা বীৰেন্দ্ৰ মোহন দাসৰ জীয়েক শেফালিলৈ। তাইৰ মাক মাৰ আপোন ভনী আমাৰ শিশিৰ মাহী বুলি কোৱা হৈছে। খুৰাই হেনো তেওঁৰ বৰভিটা গাঁৱৰ পৰা চাইকেলত উঠি মাহীক বিয়া কৰাবলৈ আহিছিল শগুণবাহীলৈ। যিয়েই নহওক খুৰা কৰ্মসূত্ৰে হাইলাকান্দিত থকা বাবে তেওঁৰ ল’ৰা-ছোৱালীবোৰে সৰুকালত বাংলা পঢ়িছিল। গৰমৰ বন্ধ, পূজাৰ বন্ধত তেওঁলোক আহিছিল কোকৰাঝাৰলৈ। এদিন মোক মনপুতি কিতাপ পঢ়ি থকা দেখি শেফালি মোৰ ওচৰলৈ আহি তায়ো পঢ়িবলৈ ধৰিলে। কিতাপত থকা বাক্য এটা পঢ়ি তাই মোক সুধিলে,— ‘কলং নৈত দলং আছে’ৰ অৰ্থ কি? বেচেৰীয়ে বোধকৰো মাখনৰ দৰেই আটাইকেইটা শব্দ হিব্ৰু বা ফাৰ্চি বুলি ভাবিছিল। সেই সময়ত সিহঁতৰ আটাইকেইজনী বাই-ভনীয়ে ঘৰত চিলেটি ভাষা কৈছিল। ইয়াৰ পিছত খুৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিল আৰু মেজিকৰ দৰে অতি কম সময়ৰ ভিতৰতে চিলেটি পাহৰি আটায়ে উজনি অসমৰ ভাষাও আয়ত্ত কৰিলে। সেইজনী শেফালিৰে জীয়ৰী জুলা বৰ্তমানে কলং নৈপৰীয়া প্ৰশান্ত শইকীয়াৰ পত্নী। গুৱাহাটীৰ চকু বিশেষজ্ঞ ডাঃ দীপক ভূঞা আৰু ৰূপাই বোধকৰো বিশ্বাস নকৰিব যে সঘনাই কলঙৰ দলং পাৰ হৈ জীয়েকৰ ঘৰলৈ অহা-যোৱা কৰা তেওঁলোকৰ মাকে এদিন আচৰিত হৈ শব্দ দুটা নো কি জানিব খুজিছিল। শেফালিৰ অৱসৰপ্ৰাপ্ত চিভিল চাৰ্জন স্বামী ডাঃ যোগেন্দ্ৰ নাথ ভূঞাও সম্ভৱতঃ এই বিষয়ে অৱগত

৫২/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি