পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হীৰাৰ টুকুৰা হৈ অসমৰ সাহিত্য জগতখন উজলালে। নিঃসন্দেহে গীতাবা আছিল মণি-মুকুতা চিনিব পৰা এজনী পকা জুহুৰী।

 ধৰ্মঘটত ভাগ লোৱা ছাত্ৰসকলৰ প্ৰায় আটাইকেইজনে সুখ্যাতিৰে স্নাতক হোৱাৰ পিছত কেইজনমান গৈছিল অধ্যক্ষ শ্ৰীনাথ চক্ৰৱৰ্তীক দেখা কৰিবলৈ। তেওঁলোকক মৰমতে সাবটি ধৰি ছাৰে কৈছিল— ‘মই জনা নাছিলো যে তোমালোক পঢ়া-শুনাতো ইমান ভাল।’ জীৱনত সফল হ’বলৈ তেওঁ সকলোকে আশীৰ্বাদ কৰিছিল।

 শিক্ষকসকলৰ তেতিয়াৰ দিনত দৰমহা বৰ কম হোৱা সত্ত্বেও তেওঁলোকে বিদ্যা বেচি অৰ্থ উপাৰ্জন কৰা নাছিল। কিবা জানিবলগীয়া বা বুজিবলগীয়া পাঠ থাকিলে তেওঁলোকে ক্লাছৰ পাছত নাইবা ঘৰলৈ মাতি নি বিনামূলীয়াকৈ পঢ়াইছিল। ঘৰলৈ গ'লে আমাৰ লাভ হৈছিল বেছি। ছাৰৰ গৃহিণী বাইদেউহঁতে ঘৰতে তৈয়াৰ কৰা সুখাদ্য খুৱাই আমাৰ ৰসনাক তৃপ্ত কৰিছিল। অতুল দত্ত ছাৰৰ ঘৰলৈ প্ৰায়ে গৈছিলো। ফটোগ্ৰাফী তেওঁৰ হবি আছিল। বাইদেৱে কৰা কেঁচা অমিতাৰ হালুৱা খাই থকা অৱস্থাত ফটো তুলি ছাৰে কৈছিল— ‘পোন্ধৰ বছৰ পিছত এই ছবিখন তোমালোকৰ বেছি ভাল লাগিব।’ আজি ষাঠি বছৰ পিছত সেই ছবিয়ে ছাৰ আৰু বাইদেউলৈ মনত পেলায়। মনত পেলায় মুক্ত কলেজীয়া জীৱনলৈ।


অঁকৰা মইনা পাৰ্টি

কিমান স্মৃতিয়ে যে আগুৰি ধৰিছে! বৰ অঁকৰা আছিলো আমি। সেই কথা মনত পেলাই অঁকৰা মইনা পাৰ্টিৰ মেম্বাৰসকলে আজিও আমোদ কৰো। কলেজৰ প্ৰথম বাৰ্ষিক শ্ৰেণীৰ ছাত্ৰী। মায়া কুণ্ডু আৰু মই বাহিৰৰ পৰা আহিছো, গুৱাহাটীৰ বাট-ঘাট একো চিনি নাপাও। অফ্ পিৰিয়ডত দুয়ো ওলালো পাণবজাৰখন এক্সপ্ল’ৰ কৰিবলৈ। চাৰিআলিত চতুৰ্থ বৰ্ষৰ প্ৰমোদিনী বাইদেৱে আমাক ঘামি জামি ৰঙা পৰা দেখি কাষতে থকা জামাতুল্লা নামৰ দোকানখনলৈ আঙুলিয়াই তাত কোল্ড কিবা এটা খাবলৈ ক’লে। বস্তুটোৰ নাম আমি তেতিয়ালৈ শুনিয়ে পোৱা নাই, খোৱা দূৰৈৰ কথা। দুটা শব্দেৰে গঠিত বস্তুটোৰ নামৰ আধাহে মনত থাকিল, খাওঁ কেনেকৈ। ভাবিলো আমাৰ সহপাঠী বান্ধৱী অনুসূয়া, মণি আৰু তুলতুল গুৱাহাটীৰ ছোৱালী, সিহঁতে নিশ্চয় জানিব। পিছে সিহঁতেও কোল্ড কিবা খাই পোৱা নাই। দুদিনমান পাঁচোজনীৰ মাজত গৱেষণা চলিল।

 স্কুলত পঢ়ি থাকোতে কলকাতাত এবাৰ আইচক্ৰীম খাইছিলো। দোকানত আইচক্ৰীমৰ বাহিৰে নো কি কোল্ড বস্তু পোৱা যায়! আইচক্ৰীমেই হ’ব। আইচ তো কোল্ডেই। গুৱাহাটীত আইচক ছাগৈ কোল্ড কয়। পাঁচোজনী একমত হ’লো। ধাৰণা হ’ল যে পৃথিৱীৰ এক বিৰাট ৰহস্য উদ্ঘাটন কৰিলো। আবিষ্কাৰৰ আনন্দই আমাক সপ্তম স্বৰ্গ পোৱালে। বীৰদৰ্পে জামাতুল্লাত সোমাই আইচক প্ৰমোদিনী বাইদেৱে কোল্ড বুলি কোৱা বাবে দোকানীক ক’লো কোল্ড ক্ৰীম দিবলৈ। প্ৰৌঢ় দোকানীজনে উলিয়াই দিলে জাৰকালি মুখত ঘঁহা সৰু কোল্ড ক্ৰীমৰ বটল এটা। নিজৰ মুৰ্খামিত নিজে বুৰ্বক বনি গ’লেও মগজুত কিছু বুদ্ধিৰ উদয় হ’ল। শ্বেলফত

১১৪/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি