পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কেৱল বাঘেই নহয়, তেওঁৰ সৰু চিৰিয়াখানাটোত আছিল হৰিণা, বান্দৰ, ময়ূৰ-ময়ূৰীকেইটামান। তেতিয়াৰ দিনত কালী পূজাৰ সময়ত চীনা চাৰ্কাছ পাৰ্টি কোকৰাঝাৰলৈ আহিছিল প্ৰায় প্ৰতি বছৰ। আমি প্ৰতিদিনে চাৰ্কাছ চাবলৈ গৈছিলো। এদিন আগবেলা চীনাসকলে আমাৰ চিৰিয়াখানাটো চাবলৈ আহি চুং চুং চাং চাং কৰি সিহঁতৰ মাজত কথা-বতৰা পাতিছিল। আমি সিহঁতৰ কথাৰ আগগুৰি বুজি নেপাই ফুচফুচাই হাঁহিছিলো। এবাৰ কলকাতালৈ ফুৰিবলৈ গৈ উভতি আহি দেখিলো বাঘটো মৰি গৈছে। তাক কুকুৰা খুৱাবলৈ পইচা দি যোৱা হৈছিল। বনকৰা লোকসকলে সেই কুকুৰা নিজে খাই বাঘটোক অনাহাৰে মাৰিলে। এই ঘটনাত আমি আটায়ে অত্যন্ত দুখ পাইছিলো।

 তেতিয়াৰ দিনত কোকৰাঝাৰৰ চাৰিওফালে থকা হাবিত আছিল বাঘৰ বাস। ৰাতি ৰাতি আমি প্ৰায়ে শুনিবলৈ পাইছিলো বাঘৰ গোজৰণি। কেতিয়াবা গোহালিৰ গৰুৰ লোভত সিহঁত আহিলে গৰখীয়া ফুলমামুদ, শুকুৰাহঁতে জুই জ্বলাই টিন বজাই বাঘ খেদিছিল। হাপাও আহিছিল মাজে সময়ে ময়ূৰকেইটাক খাবলৈ।

 বৰ্তমানে কোকৰাঝাৰ চহৰৰ অন্তৱৰ্তী শান্তিনগৰ অঞ্চল জনাজাত আছিল ভাতাৰমাৰী নামেৰে। হাবি বননিৰে ঢাক খাই থকা ভাতাৰমাৰী গাঁৱত বাঘৰ উৎপাতত মানুহৰ বৰ বিলৈ হৈছিল। কেতিয়াবা গৰু-ম’হ টানি নিছিল, কেতিয়াবা মানুহ। মনত আছে এদিন গাঁওখনৰ পৰা কেইজনমান মানুহ আহি দেউতাক কাকুতি-মিনতি কৰি কৈছিল প্ৰতিদিনে আহি মানুহক টানি লৈ যোৱা চিতা বাঘটোক মাৰিব নোৱাৰিলে গাঁওখন নিশ্চিহ্ন হৈ যাব। বাঘে এবাৰ মানুহৰ তেজৰ সোৱাদ পালে সেই লোভ এৰিব নোৱাৰে। চিকাৰপ্ৰেমী মানুহজন মানৱদৰদীও। গতিকে পিছদিনা হাতীত উঠি বন্দুক, বাঘ মৰা গুলী আদিৰে সজ্জিত হৈ দেউতা ওলাইছিল ভাতাৰমাৰীবাসীক উদ্ধাৰ কৰিবলৈ। লগত গৈছিল তেওঁৰ দুগৰাকী সহকৰ্মী। তাৰে এগৰাকী আমাৰ বান্ধৱী দুজনীৰ আতা বাবে আমিও আতা বুলি মাতিছিলো। তেওঁ কেতিয়াও চিকাৰলৈ যোৱা নাই, বন্দুকো চুই পোৱা নাই। হাবিৰ বাঘ চোৱাৰ বৰ চখ।

 ভাতাৰমাৰীত উপস্থিত হৈ দেখে বাঘে-মানুহে আৰম্ভ হৈছে তয়াময়া যুদ্ধ। তাকে দেখি চঞ্চলমতী নামৰ হাতীজনীয়ে দৌৰিবলৈ আৰম্ভ কৰিলে। হাতীৰ শৰীৰ গধুৰ হ’লে কি হ’ব, ঘোঁৰাতকৈও বেগেৰে দৌৰিব পাৰে। দেউতাহঁতে হাওদাৰ ৰচীত ধৰি প্ৰাণটো হাতত লৈ গৈ থাকিল। এনেতে কাহানিও বাঘ নেদেখা আতাই চিঞৰিবলৈ ধৰিলে— মোক বাঘে খাইল ৰে, বাঘে খাইল। মাউতৰ পিছফালে বহিছিল দেউতা। দেউতাৰ পিছফালে আতা, আতাৰ পিছত আনজন।

 চিতা বাঘে গছত উঠিব পাৰে, হাতীত জাপ মাৰি উঠাও অসম্ভৱ নহয়। দেউতাই ভাবিলে শেষত বহাজনক খাই আতাক আক্ৰমণ কৰিছে। পিছে আতাই একেষাৰ কথাকে কৈ কৈ চিঞৰি থকা বাবে দেউতা নিশ্চিত হ’ল ভয়তে আতাই তেনেকৈ চিঞৰিছে। যি কি নহওক, আধাঘণ্টা পিছত হাতী অলপ শান্ত হোৱাত আকৌ ‘ৰণস্থলী’লৈ যাবলৈ সিদ্ধান্ত লোৱা হ’ল। ঘূৰি আহি দেখে গাঁৱৰ মানুহৰ মাজত ভয়, আতংক। যুদ্ধ কৰাজনক মাৰি বাঘে চোঁচৰাই নি হাবিত সোমাইছে। সকলোৰে অনুৰোধ বাঘটোক সিদিনা মাৰিবই লাগিব।

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৭৩