পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাখি বাকীবোৰ লৈ গ'লো আগ্ৰালৈ। দহটা টোপোলা লৈ আগ্ৰা ষ্টেচনত নমাৰ পাছত ৰে’ল বিভাগৰ মানুহ আহি উপস্থিত হ’ল। তেতিয়া আছিলো মস্ত অঁকৰা। অতিৰিক্ত মাল-বস্তুৰ বাবেও যে ভাড়া দিব লাগে নাজানিছিলো। গতিকে ফাইন ভৰিবলগীয়া হ’লো। ইয়াৰ আগতে অসমতে অকলে ক’লৈকো যোৱা নাছিলো, এইবোৰ কথা জানিম কেনেকৈ? সাঁতোৰ শিকাৰ প্ৰধান উপায় হেনো পানীত নামি কক্‌বকোৱা। ময়ো এই বিৰাট বিশ্বখনত কক্‌বকাই কক্‌বকাই অনেক অভিজ্ঞতা সঞ্চয় কৰিলো। বাৰ্ধক্যই আহি হেঁচা নমৰালৈকে অকলে ফুৰিবলৈকে ভাল পাইছিলো। আনৰ দায়িত্ব লৈ যোৱা এটা যন্ত্ৰণা, বিশেষকৈ যিসকল মাল-বস্তুৰ দৰে যায়। এতিয়া ময়েই মাল-বস্তু যেন হৈছো।

 গৰমৰ বন্ধ প্ৰায় শেষ হৈ আহিছিল। তাৰ আগতেই এম এছ চি প্ৰিভিয়াছ পৰীক্ষাৰ ৰিজাল্ট ওলাব। দিল্লীত তেতিয়াৰ দিনতো সময়মতে পৰীক্ষা অনুষ্ঠিত হৈছিল, ৰিজাল্টো ওলাইছিল সময়মতে। প্ৰথম শ্ৰেণীত প্ৰথম স্থান অধিকাৰ কৰাৰ বাতৰি পাই আমাৰ বিদ্যোৎসাহী বৰজনা সুধেন্দু শেখৰ গুহই বৰ সন্তোষ পালে। বিজ্ঞান বিষয়বোৰত সেইটো পজিছন পোৱাসকলক দিল্লী বিশ্ববিদ্যালয়ে Science Exhibition Prize হিচাপে কিছু কিতাপ দিয়ে। কিতাপবোৰ প্ৰাৰ্থীয়ে নিজে নিৰ্বাচন কৰিব লাগে। এই সুযোগতে Heredity বিষয়ৰ কেইখনমান মূল্যৱান কিতাপ লাভ কৰিলো। দেউতালৈ মনত পৰিছিল, কিমান যে আনন্দ হ’লহেঁতেন তেওঁৰ! মাহঁতৰো কিজানি মনত পৰিছিল।

 এমাহমান নীলাহঁতৰ ঘৰৰ পৰা ক্লাছ কৰাৰ পাছত মিৰাণ্ডা হাউছ হোষ্টলত ছীট পালো। কটন কলেজত পঢ়োতেও হোষ্টেলতে আছিলো। কিন্তু দুয়োটা হোষ্টেলৰ মাজত আকাশ-পাতাল প্ৰভেদ। বিৰাট হোষ্টেলটোক এখন মিনি ভাৰত বুলি ক’ব পাৰি। দেশখনৰ এনে এখন ৰাজ্য নাই য’ৰ ছোৱালীক ইয়াত লগ পোৱা নাই৷ বিদেশৰ ছাত্ৰীও আছিল কেইজনীমান। বিশ্ববিদ্যালয় আৰু ইয়াৰ আশে-পাশে থকা কলেজবোৰলৈ ভালেখিনি দূৰ হোৱা বাবে স্থানীয় ছোৱালী অনেকে হোষ্টেলত থাকিছিল। মোৰ ৰুমমেট আছিল এজনী স্থানীয় ছোৱালী। ৰুক্মিণী নামৰ তামিল ছোৱালীজনী পঢ়া-শুনাত আছিল অত্যন্ত চোকা আৰু সাজসজ্জাত আছিল অতি সাধাৰণ। সুনাম-দুৰ্নাম দুয়োবিধ নামৰ বাবে মিৰাণ্ডা হাউছ বোধকৰো আজিও খ্যাত। তেতিয়াৰ দিনতে সাজ-পাৰ আৰু আচাৰ-আচৰণত একাংশ ছাত্ৰী আছিল উগ্ৰ আধুনিক। শিল্পপতিৰে পৰা আৰম্ভ কৰি কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলৰ জীয়ৰীসকলে এইখন কলেজতে পঢ়িছিল। এবাৰ আন্তঃ কলেজ তৰ্ক প্ৰতিযোগিতাত মিৰাণ্ডা হাউছ জয়ী হোৱাৰ পাছত কিছুমানে হেনো কৈছিল অংশগ্ৰহণকাৰীসকলক মিৰাণ্ডাৰ ছাত্ৰী যেন নালাগে। কাৰণ সাধাৰণতে ভবাৰ বিপৰীতে ছোৱালীকেইজনী আছিল সাজ-পোছাকত তেনেই সাধাৰণ। এওঁলোকৰ মাজত আছিল সহপাঠী সুভাষিণী। তাইৰ দেউতাক কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসা বিভাগৰ এগৰাকী পদস্থ বিষয়া। তেওঁলোকৰ ঘৰখনো আছিল অনাড়ম্বৰ, বাহুল্যবৰ্জিত। দক্ষিণ ভাৰতৰ মানুহৰ ধুন-পেচ কম।

 অসমৰ পৰা লাইব্ৰেৰী ছায়েন্স পঢ়িবলৈ গৈছিল অলকা ফুকন (পাছত বুঢ়াগোহাঁঞি)। এওঁ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰী ছায়েন্স বিভাগৰ অধ্যাপিকা হৈছিল। স্বাভাৱিকতেই

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৬১