পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মা-মাহীহঁতৰ মুখত সৰুৰে পৰা সুন্দৰীদিয়াৰ নাম শুনি শুনি ঠাইখন চাবলৈ বৰ মন গৈছিল। তেওঁলোকে অৱশ্যে সুন্দৰীদিয়া নহয় কামৰূপীয়া উচ্চাৰণত ‘সুইন্দৰদিয়া’হে বুলিছিল। সেই সুইন্দৰদিয়ালৈ মোৰ যোৱাৰ সৌভাগ্য ঘটিল সত্তৰ বছৰ বয়সত পদাৰ্পণ কৰি। মালৈ খুব মনত পৰিছিল, যেন কওঁগৈ তেওঁৰ পূৰ্বপুৰুষৰ ভিঠাত থিয় হৈ আছো। পিছে তেওঁকনো আৰু পাম ক’ত!

 খীৰা মৰলৰ বাৰীত মাধৱদেৱৰ বাবে ঘৰ নিৰ্মাণ কৰা হৈছিল। সুন্দৰীদিয়াত তেওঁ আছিল চৈধ্য বছৰ। তাত বাস কৰাৰ সময়ত তেওঁ নাট–পদ আদি লিখে। তদুপৰি শংকৰদেৱৰ আজ্ঞামতে ‘ভক্তিৰত্নাৱলী’ ভাঙনি কৰে আৰু নামঘোষাখনো ৰচনা কৰে। বীৰেশ্বৰ বৰুৱাৰ কিতাপখনৰ কেইশাৰীমান বাক্যৰ উদ্ধৃতি দিলো—

 ‘সুন্দৰীত থকা চৈধ্য বছৰ ছমাহৰ কালছোৱা মাধৱদেৱৰ জীৱনৰ উজ্জ্বল অধ্যায়। এই কালছোৱাত তেওঁ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মক দৃঢ়ভূমিত প্ৰতিষ্ঠা কৰে আৰু অসমীয়া সাহিত্যকো অতি উচ্চ পৰ্যায়লৈ উন্নীত কৰে। সুন্দৰীদিয়াৰ মানুহৰ তথা অসমৰ মানুহৰ বাবে এই সময়ছোৱা এক দেৱ-দুৰ্লভ সৌভাগ্যৰ যুগ।’

 কেইবা শতিকাজোৰা দীঘলীয়া ইতিহাস চমুকৈ কওঁ। বংশটোৰ প্ৰতিষ্ঠাপক বিজয় সিঙৰ চতুৰ্দশ পীৰিৰ উত্তৰপুৰুষ পুষ্পৰাম চৌধুৰীয়ে এটা সময়ত সুন্দৰীদিয়া এৰি বৰটাৰী মৌজাৰ অধিকাৰী হয়। বহিৰাগত বিজয় সিং চৰ্দাৰে অসমৰ ছোৱালী বিয়া কৰাই ৰাজপুতনাৰ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা-সংস্কৃতি আকোঁৱালি লৈ নিভাঁজ অসমীয়ালৈ ৰূপান্তৰিত হয়।

 পিছে ভাষা-সংস্কৃতি ত্যাগ কৰিলেও বিজয় সিঙৰ দেহৰ কোষে কোষে থকা জিন-ক্ৰমজ’মবোৰ উত্তৰপুৰুষসকলৰ দেহত বিয়পাই দি গৈছে। কোনবোৰ জিন-ক্ৰমজ’ম কাৰ দেহত কেইটা গৈছে নেজানো, কিন্তু উত্তৰপুৰুষৰ প্ৰতিজন পুৰুষৰ দেহকোষত আছে তেওঁৰ লিংগ নিৰ্ধাৰক ওৱাই ( Y ) ক্ৰমজ’মটো। এই ক্ৰমজ ’মটোৰ প্ৰতিলিপি অক্ষত অৱস্থাত পিতৃৰ দেহৰ পৰা আহে পুত্ৰৰ দেহলৈ। অৰ্থাৎ বিজয় সিং চৰ্দাৰে তেওঁৰ ৰাজস্থানী পূৰ্বপুৰুষৰ পৰা কঢ়িয়াই অনা ওৱাই ক্ৰমজ’মটোৱে চাৰিটা শতিকাজুৰি অসংখ্য পুৰুষৰ দেহকোষত ঠাই পাইছে। ভৱিষ্যতেও পাই থাকিব।

 বংশাৱলী ( Genealogy ) অধ্যয়ন কৰা মোৰ এটা হবি। বীৰেশ্বৰ বৰুৱাৰ বিৰামহীন চেষ্টাৰ ফলত বিজয় সিং চৰ্দাৰৰ বংশাৱলীখনে গঢ় লৈছে। তেওঁৰ ধৈৰ্য, সাধনা আৰু অধ্যৱসায়ৰ প্ৰশংসা নকৰি নোৱাৰো। এইখনৰ খুঁটি-নাটিবোৰ চাই থাকোতে বহু চিনাকি মানুহৰ নাম পালো। মই আনুবংশিক বিজ্ঞানৰ ( Genetics ) ছাত্ৰী। থিয়’ৰেটিকেলিহে জানো ওৱাই ক্ৰমজ’মটো কেনেকৈ বাহিত হয় পিতৃৰ পৰা পুত্ৰলৈ। কিন্তু প্ৰেকটিকেল

কোনো অভিজ্ঞতা নাই। বিজয় সিঙৰ জীৱিত পুৰুষ বংশধৰসকলৰ ওৱাই ক্ৰমজ’মবোৰ সঁচাই একেধৰ্মী নেকি যদি পৰীক্ষা কৰিব পাৰিলোহেঁতেন! হয়তো এওঁলোকৰ মাজত কোনো চা-চিনাকিও নাই। এই চাৰিশ বছৰে পৰস্পৰৰ পৰা বিচ্ছিন্ন হোৱা মানুহবোৰে যদি জানিব পাৰে যে তেওঁলোকে দেহত একেধৰ্মী ওৱাই ক্ৰমজ’ম বহন কৰি আছে, তেন্তে কি

৩৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি