পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মুখলৈ চায়ে যদিও আমি ক’ব পাৰো দেখাত হুবহুবোৰ MZ আৰু দেখাত বেলেগ বেলেগ হ’লে DZ, কিন্তু বিজ্ঞানসম্মত কাম কৰিবলৈ হ’লে যঁজাবোৰক বিভিন্ন দিশৰ পৰা পুংখানুপুংখভাৱে বিশ্লেষণ কৰিহে চিনাক্ত কৰিব লাগে। এই চিনাক্তকৰণ কামটো সহজ নহয়। MZ যঁজাসকলৰ তেজ আৰু লালটিত থকা বিভিন্ন উপাদান, আঙুলিৰ ছাপ আদি একে হ’ব লাগে। এইবোৰ কাম কৰিবলৈ প্ৰয়োজন উন্নতমানৰ লেবৰেটৰি। তদুপৰি তেজ, লালটি আদি বিশ্লেষণ কৰিবলৈ যিবোৰ ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োজন সেইবোৰ কিনিবলৈ মোৰ সাধ্য নাই।

 পুনেৰ ডেকান কলেজৰ নৃতত্ব বিভাগৰ অধ্যাপক এগৰাকী মোৰ গাইড আছিল। তেওঁ সকলো শুনি ক’লে বিষয়টো সলাবলৈ। মনে মনে ভাবিলো, কেৰিয়াৰ গঢ়িবলৈ চল্লিশৰ ওচৰা-উচৰি বয়সত মই গৱেষণা কৰিবলৈ ওলোৱা নাই। বংশগতি মোৰ প্ৰিয় বিষয়। জিন আৰু ক্ৰমজ’মৰ কাৰ্যসমূহে মোক ৰোমাঞ্চিত কৰে। জ্ঞানাৰ্জনৰ বাবেহে মই কষ্ট কৰিবলৈ ওলাইছো। আনহাতে পৰিস্থিতিয়ে মোক হতাশ কৰিলে একোবাৰ ভাবো, বাদেই দিও নেকি। কিন্তু ইতিমধ্যে ইউনিভাৰ্ছিটি গ্ৰাণ্টছ কমিচনৰ ফেল’শ্বিপ এটাও পালো। গুৱাহাটীত এবাৰ একেটা ফেল’শ্বিপ পাই প্ৰত্যাখ্যান কৰিছিলো। বাৰে বাৰে প্ৰত্যাখ্যান কৰাটোও অসন্মানজনক লাগিছিল। মই হতাশ হ’লো যদিও নিৰাশ নহ’লো।

 Heart earnest desire never remains unfulfilled. মোৰ ক্ষেত্ৰত ই সত্য প্ৰমাণিত হ’ল। ইণ্ডিয়ান ষ্টেটিছটিকেল ইনষ্টিটিউটৰ অধ্যাপক ড° কে চি মালহোত্ৰাক হঠাতে লগ পাই মোৰ সমস্যাৰ কথা কোৱাত তেওঁ পুনেৰ বি জে মেডিকেল কলেজৰ ডীন ডাঃ জি এছ মুতালিকক লগ ধৰিবলৈ ক’লে। এইখন মেডিকেল কলেজৰ লেবৰেটৰিটো আছিল উচ্চ মানৰ। ডাঃ মুতালিক বিজ্ঞানৰ সাধক। Twin Study ৰ গুৰুত্ব তেওঁ নজনা নহয়। মোৰ উদ্দেশ্যৰ কথা শুনিয়ে তেওঁৰ লেবৰেটৰীত মোক কাম কৰিবলৈ সুবিধা দিলে। তদুপৰি হাতেৰে ঢুকি নোপোৱা মূল্যৰ ৰাসায়নিক দ্ৰব্য আৰু অন্যান্য সামগ্ৰী বিনামূলীয়াকৈ দিবলৈ আগ্ৰহী হ’ল। তেওঁক কৃতজ্ঞতা জনাবলৈ ভাষা বিচাৰি নাপালো। ডাঃ মুতালিকে তেতিয়াৰ দিনতে সোঁৱৰণী নহয়, বিয়াৰ আগতে দৰা-কইনাৰ তেজ পৰীক্ষা কৰোৱাৰ ওপৰত অধিক গুৰুত্ব দিছিল। বংশগত ৰোগ কিয় হয়, কাৰ হয়, কেনেকৈ ৰোধ কৰিব পাৰি ইত্যাদি বিষয়ত সৰ্বসাধাৰণৰ অৱগতিৰ বাবে মাৰাঠী ভাষাত জনপ্ৰিয় বাতৰি কাকতবোৰত প্ৰবন্ধ লিখিছিল তেওঁ।

 যঁজা অধ্যয়ন কৰিবলৈ সপোন দেখাৰ পাছত দেখা দিয়া দুয়োটা প্ৰতিবন্ধক পাৰ হোৱাত পৃথিৱী জয় কৰাৰ আনন্দই মোক উল্লসিত কৰিলে। ১০৭ যোৰ যঁজা আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই যিদৰে মোৰ লগত সহযোগিতা কৰিলে ই এক কথাত তুলনাহীন। ইমানবোৰ যঁজাক লৈ ভাৰতত তেতিয়ালৈ কোনেও কাম কৰা নাই, এতিয়াও কৰে বুলি শুনা নাই। প্ৰয়োজনতকৈ অধিক তথ্য-পাতি গোটাইছিলো। কেইবাগৰাকী বিজ্ঞানীয়ে মোৰ পৰা সেই তথ্য-পাতি নিছিল।

 সেই সময়ত ডেকান কলেজত কেইবাগৰাকী খ্যাতিনামা অধ্যাপক আছিল, যিসকলৰ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৯৩