সমললৈ যাওক

পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেজপুৰ পালোহি

বহু দুৰ্যোগ অতিক্ৰম কৰাৰ পাছত তেজপুৰৰ বাৰহলীয়া এলেকাত আগ ধৰি ভাড়া কৰি থোৱা নতুন ঘৰ এটাত উপস্থিত হ’লো। দুৱাৰখন খোলাই আছিল। সোমাই দেখিলো কোঠাবোৰত গোবৰৰ লদা সিঁচৰতি হৈ আছে। ভুল কৰি গোহালিত সোমালো নেকি? পিছে গোহালি জানো ইমান ডাঙৰ হয়? নাই এইটো গোহালি নহয়, দুৱাৰবোৰ মেল খাই থকা বাবে গৰু-ছাগলীৰ আশ্ৰয়স্থল হৈছিল। পাছত শুনিলো ঘৰটোত বতাহ সোমাবলৈ গুহৰ বন্ধু তথা সহকৰ্মী প্ৰফেছাৰ বিভূতি চক্ৰৱৰ্তীয়ে দুৱাৰ খিৰিকীবোৰ খুলি থৈছিল। বতাহৰ লগত সোমাইছিল গৰু-ছাগলীও।

 গুহই প্ৰায়ে বিভূতি বাবুৰ ঘৰত খোৱা-বোৱা কৰিছিল, বিশেষকৈ কাৰাগাৰৰ পৰা অহাৰ পাছত। বিভূতি বাবুৰ পত্নী হাসিদি মই অহাৰ আগতে কলকাতালৈ গৈছিল জীয়েকৰ চিকিৎসাৰ বাবে। গতিকে মোৰ কৰ্তব্য হ’ল বিভূতি বাবু আৰু তেওঁৰ পুত্ৰ তপনক আমাৰ ঘৰত খুওৱা। ৰান্ধনীশালৰ কামত মই এনেয়ে অপটু, তাতে লগত আছে লচপচকৈ আঠুকাঢ়ি ফুৰা পুত্ৰ জয়। মই চকুৰে সৰিয়হ ফুল দেখিবলৈ আৰম্ভ কৰিলো। ৰন্ধা যেনতেন, বিলোৱা অতি টান কাম। তাতে দুয়োবেলা খাবলৈ আহে বিভূতি বাবু আৰু তপন। তেওঁলোককতো ভালকৈ দিব লাগিব। ফলত মোলৈ মাছ প্ৰায়ে নাথাকিছিল। কিছুদিন পাছত হাসিদি আহি মোৰ দুৰৱস্থাৰ কথা শুনি কৈছিল যে নিজলৈ আগতে বাঢ়ি থৈ বিলাব লাগে। তদুপৰি পুৰুষসকলক বেছি গুৰুত্ব দিব নালাগে বুলিও কৈছিল তেওঁ। কাৰণ তেওঁলোকে হেনো বন্ধু-বান্ধৱ, ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে খাই ফুৰে। দোকানে-চোকানেতো খায়েই। হাঁহি উঠাকৈ ৰগৰ কৰি কৈছিল যদিও হাসিদিয়ে ঠিক কথাকে কৈছিল।

 ৰান্ধনী ঘৰৰ দায়িত্বত থকা সত্ত্বেও ভাৰতীয় নাৰীৰ স্বাস্থ্য পুৰুষৰ তুলনাত বেয়া। সকলোকে দি মেলি নিজে খায় কোহিৰ তলত পৰি থকা আঞ্জাখিনি। ই মহিলাসকলৰ ত্যাগ নে স্বভাৱ, নে কোনেও তেওঁলোকৰ খোৱাৰ ফালে নজৰ নিদিয়া বাবে নিজৰ ওপৰতে নিজে বিদ্ৰোহ কৰা অভ্যাস, মহিলা হৈও ধাৰণা কৰিব নোৱাৰিলো। মই নিজেও সেই দলভুক্ত। আজিকালি সৰু সৰু পৰিয়াল হোৱা বাবে গৃহিণীসকল সমুলঞ্চে বঞ্চিত নহয়, কিন্তু আগৰ দিনৰ জাকৰুৱা পৰিয়ালত তেওঁলোকৰ ভাগ্যত জুটিছিল ঘোঁৰাৰ ঘাঁহ। চল্লিশ বছৰমান আগতে পূৰ্ববংগৰ এগৰাকী উকীলৰ গৃহিণীয়ে আমাক কৈছিল যে তেওঁলোকৰ ঘৰলৈ সদায় পাচি ভৰাই মাছ আহিছিল যদিও জায়েক চাৰিগৰাকীলৈ হেনো এডোখৰ মাছো নাথাকিছিল। তেওঁলোকে হেনো গুৰ আৰু ৰোকা নাৰিকলেৰে ভাত খাইছিল। আগৰ দিনৰ কথা বাদেই দিলো, আজিও বেছি সদস্য থকা পৰিয়ালত গৃহিণীসকলৰ ভাগ্যৰ হেৰফেৰ বৰকৈ হোৱা নাই। বয়সত প্ৰায় মোৰ সমনীয়া ভতিজা ছোৱালী এজনীয়ে কৈছিল এটা ইলিছ আনিলেও কপালত জোটে ফিছা আৰু গদা, দুটা আনিলেও ফিছা-গদা, কুকুৰা আনিলে ডিঙিটো। যাওক বাৰু এইবোৰ কথা।

 কেইমাহমান পাছত বাৰহলীয়া এৰি দৰং কলেজৰ সমীপৱৰ্তী ৰবাৰ বাগানত আমি আনাৰস বাগানৰ মালিকৰ এটা ভাড়া ঘৰত থাকিবলৈ গ’লো। এটা ফালে আমাৰ প্ৰতিবেশী

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৭৩