পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঢাকিছে টাটুৰে। কেনেকৈ যে বেজিৰ খোচকেইটা সহ্য কৰিলে।

 উভতি আহো মহাসমুদ্ৰত পৰা পৰিয়ালটোলৈ। ল’ৰাকেইটাই যে পঢ়া-শুনা কৰিব পাৰিব তাকে ভাবি দুখৰ মাজতো আবুৱে শান্তি পাইছিল। তেওঁৰ সৈতে সমানে পৰিশ্ৰম কৰিছিল দেউতাহঁতৰ নিঃসন্তান বিধৱা পেহীয়েকগৰাকীয়েও। বেচেৰী বালবিধৱা ভনীয়েকক সুখত ৰাখিবলৈ ককায়েকে নিজৰ ঘৰলৈ আনিছিল, পিছে দুৰ্ভগীয়া ভনীয়েকে ভতিজাহঁতৰ ভৱিষ্যতৰ বাবেহে খাটিবলগীয়া হৈছিল।

 আবুৱে তেওঁৰ বিয়াত বহু সোণ পোৱা বুলি উল্লেখ কৰিছো। সেই সোণেই আছিল তেওঁৰ মূলধন। শুনি আচৰিত হৈছিলো প্ৰয়োজনত তেওঁ একো একো তোলা সোণ সাত টকা হাৰত বেচিছিল। বহুদিন পিছত জনা মানুহৰ পৰা জানিব পাৰিছো কোনোদিনে হেনো সোণৰ মূল্য ইমান কম নাছিল। বেচেৰী আবুৱেতো এইবোৰ কথা নাজানিছিল, কিনোতাই বিপদত পৰা মানুহগৰাকীক ঠগিছিল বুলি ক’লে বোধকৰো ভুল কোৱা নহয়।


কটন কলেজত দেউতা গিৰীন্দ্ৰমোহন

১৯১৭ চনত আবুৰ বৰপুত্ৰ গিৰীন্দ্ৰ মোহন ধুবুৰীৰ পৰা জাহাজেৰে গুৱাহাটীলৈ গৈছিল মেট্ৰিক পৰীক্ষা দিবলৈ। তেতিয়াৰ দিনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো স্কুলৰ ছাত্ৰ আহিবলগীয়া হৈছিল উপত্যকাখনৰ একমাত্ৰ পৰীক্ষা কেন্দ্ৰ গুৱাহাটীলৈ। সেই বছৰ এবাৰ দুবাৰ নহয় তিনিবাৰকৈ প্ৰশ্নকাকত আউট হোৱা বাবে পৰীক্ষাৰ্থীসকলৰ হাৰাশাস্তি হৈছিল। সেই যুগত বাৰে বাৰে ঘৰৰ পৰা চাউল, চিৰা আদি টোপোলা-টুপুলি বান্ধি গুৱাহাটীলৈ যোৱা সহজ নাছিল। কিন্তু উপায়োতো নাছিল কাৰো।

 যিয়েই নহওক পুত্ৰই সুখ্যাতিৰে মেট্ৰিক— তেতিয়া কৈছিল এণ্ট্ৰেন্স— পাছ কৰা বাতৰি পাই আবুৰ দুচকুয়েদি ধাৰাসাৰে নামি আহিছিল চকুপানী। সেই চকু পানীত মিহলি হৈ আছিল আনন্দ আৰু বিষাদ। বহু কষ্ট কৰি পোনাহঁতক পঢ়ুৱাই আছে কোমল বয়সতে বিধৱা হোৱা মাকজনীয়ে। সেই কষ্ট যেন সাৰ্থক হ’ল— তেওঁৰ মৰমৰ ‘বাবা গিৰীনে’ (আবুই সেইদৰেই মাতিছিল পুতেকক) এণ্ট্ৰেন্স পাছ কৰিলে। আতালৈ মনত পৰি চকুলো টোকা স্বাভাৱিক। আবু চিন্তাত মগ্ন হ’ল। পুতেকক চাকৰিত সুমুৱাই দিব নে কলেজত পঢ়ুৱাব! আৰু দুটা ল’ৰা আছে, ছোৱালীকো দিব লাগিব বিয়া। তাই তেতিয়া তল ক্লাছৰ ছাত্ৰী। ককায়েকহঁতে মৰমতে ভনীয়েকক মাতিছিল বুৰী বুলি, ভাল নাম অবলা সুন্দৰী, পিছলৈ আমাৰ একমাত্ৰ পেহী। আবুৰ এই জীয়েকজনীৰ উপস্থিত বুদ্ধিয়ে ককায়েকহঁতক বিস্মিত কৰিছিল। তেতিয়াৰ দিনত ধুবুৰী চহৰত জিলাখনৰ খিলঞ্জীয়া মানুহতকৈ বংগভাষীৰ সংখ্যা আছিল বেছি। শিক্ষাৰ মাধ্যমো আছিল বাংলা। কণমানি বুৰীৰ স্কুলীয়া বান্ধৱীসকলে হেনো আবুক তাঁতশালত কাপোৰ বোৱা দেখি কৈছিল— ‘তোৰা কি জাতে তাঁতী?’ বুৰীয়ে টপৰাই উত্তৰ দিছিল— ‘তোদেৰ মা-ৰা যে কাপড় কাচে, তোৰা কি জাতে ধোপা?’ ককায়েকহঁতে খেলা-ধুলা শেষ কৰি গধূলি ঘৰ সোমোৱাৰ লগে লগে উত্তেজিত বুৰীয়ে

২২'/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি