পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মই আছিলো বন্য স্বভাৱৰ। প্ৰকৃতিৰ মাজত বন্ধনমুক্ত হৈ উমলি জামলি থাকিবলৈ ভাল পাইছিলো। স্কুলখনক জেলখানা যেন লাগিছিল। তাৰ মাজতে আটাইতকৈ ভাল লাগিছিল নেওতা মুখস্থ কৰা ক্লাছটো। কাৰণ ছাত্ৰীসকলক নেওতা মুখস্থ কৰিবলৈ বাহিৰলৈ পঠাই দিয়া হৈছিল। গছ এজোপাৰ তলত আমাৰ মাজৰ এজনীয়ে প্ৰথমে আৰম্ভ কৰিছিলো এইদৰে— তিনি এগুণ তিনি, লগে লগে বাকীবোৰেও সমস্বৰে চিঞৰি চিঞৰি কৈছিল তিনি এগুণ তিনি। তাৰ পিছত প্ৰথমজনে কৈছিল তিনি দুগুণ ছয়, বাকীবোৰেও লগে লগে আগৰ দৰেই প্ৰথমাক অনুসৰণ কৰিছিল। ...এইদৰে মুখস্থ কৰা নেওতা আজিলৈকে পাহৰা নাই।

 ভাল লাগিছিল সৰস্বতী পূজাৰ দিনবোৰ। স্কুলত উখল-মাখল পৰিবেশ। হিন্দু ছাত্ৰীসকলে কৰিছিল মূৰ্তি পূজা আৰু ব্ৰহ্ম ধৰ্মাৱলম্বী বড়ো ছাত্ৰীসকলে বাবাজী নামেৰে জনাজাত ছোট কালীচৰণ ব্ৰহ্মৰ পৌৰোহিত্যত কৰিছিল যজ্ঞাহুতি। বাবাজী আছিল এগৰাকী সাধু চৰিত্ৰৰ ব্যক্তি। সাজ-পাৰতো আছিল তেওঁ সাধুসদৃশ। দীঘল চুলিখিনি মূৰৰ মুধচত খোপা বন্ধাদি বান্ধিছিল। আঁঠুলৈকে বৈ পৰা শুদ্ধ বগা কাপোৰ এডোখৰ মেৰিয়াই লৈছিল কঁকালত। উৰ্ধাংগ ঢাকিছিল বগা উত্তৰীয় এখনেৰে। আহুতি প্ৰদান কৰোতে তেওঁ উচ্চাৰণ কৰা ‘ওম সৎ গুৰু’ শব্দকেইটা মোৰ মস্তিষ্কত অনুৰণিত হৈ আছে আজিও। ব্ৰহ্মধৰ্মৰ গুঢ়াৰ্থ তেওঁ আমাক বুজাইছিল যদিও তাৰ আগ-গুৰি একো বুজা নাছিলো। কিন্তু মুখস্থ কৰি থৈছিলো সেই আপ্তবাক্যটো— চন্দ্ৰমা সূৰ্য নাৰায়ণে জ্যোতি..., যাৰ অৰ্থ সূৰ্যৰ পৰা বিচ্ছুৰিত হৈ অহা জ্যোতিয়ে সকলো এন্ধাৰ দূৰ কৰি আমাক ব্ৰহ্মৰ ওচৰলৈ লৈ যায়।

 স্কুলৰ একেটা চৌহদতে এফালে অনুষ্ঠিত হৈছিল স্বৰস্বতী পূজা, আন এফালে যজ্ঞাহুতি। সকলো ছাত্ৰীয়ে কিন্তু দুয়োটা অনুষ্ঠানত যোগদান কৰিছিলো। এবাৰ আহুতিৰ সন্মুখত থিয় হৈ কওঁ ওম সৎ গুৰু। পিছ মুহূৰ্ততে পূজা মণ্ডপৰ ডাক পাই হাতত ফুল-বেলপাত লৈ পুৰোহিতে ক’বলৈ কোৱা মন্ত্ৰ মাতো—

সৰস্বতী মহাভাগে বিদ্যে কমললোচনে
বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহী নমস্তুতে।
এষঃ সচন্দন পুষ্প বিল্লপত্ৰাঞ্জলি
নমঃ শ্ৰীসৰস্বতী দৈব্যে নমঃ।

 মই সেই বয়সতে মূৰ্তিহীন যজ্ঞাহুতি অনুষ্ঠানৰ প্ৰতি আকৃষ্ট হৈছিলো। আমাৰ ধুবুৰীৰ ঘৰৰ কাষতে থকা ব্ৰাহ্ম পৰিয়ালটোক শিশু বয়সতে দেখিছিলো সংগীতৰ মাধ্যমেৰে আৰাধনা কৰা। ব্ৰহ্মোপাসনাৰ সংগীতৰ সুৰে সেই বয়সতে মোৰ হৃদয় চুই গৈছিল, যদিও শব্দবোৰৰ অৰ্থ বুজাৰ বয়স হোৱা নাছিল।

 ...পাদপ্ৰান্তে ৰাখ সেৱকে/ শান্তি সদন সাধনধন দেবদেব হে।/ সৰ্বলোক পৰম শৰণ, সকল-মোহকলুষ হৰণ/ দুঃখ তাপ বিঘ্নতাৰণ শোকশান্ত স্নিগ্ধচৰণ…….।

 আমাৰ মা-দেউতা দুয়োৰে পৰিয়াল দুটা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপুৰুষীয়া ধৰ্মৰ অনুগামী— এক দেৱ এক সেৱ এক বিনে নাহি কেৱ। মুঠতে বাল্যকালৰে পৰা

৬০/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি