পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্যঞ্জন ৰান্ধিব পাৰে। দেউতাৰ মাক আবুৱে ৰন্ধা বুঢ়া বন্ধাকবি আৰু উৰহীৰ খাৰৰ আঞ্জাখন জিভাত লাগি আছে। নিজে ৰান্ধিলে সেই সোৱাদ নেপাও। সৰু মাছ আৰু চাউলৰ খুদেৰে শোকোতা ৰান্ধিছিল কোহিনুৰ মাহীয়ে। মাহী-খুৰীৰ হাতৰ ৰহৰ দাইল, সৰযু মাহীয়ে ৰন্ধা মটৰ দাইল খালে বিৰিয়ানীও বিস্বাদ যেন লাগে। আৰু সকলো আত্মীয়-স্বজনে কয়, মায়ে হেনো কিবা সিজাই খাবলৈ দিলেও বস্তুটো অমৃত যেন লাগে।

 যি কি নহওক, বিয়াৰ দিন ওচৰ চাপি আহিবলৈ ধৰিলে। যা যোগাৰ প্ৰায় সম্পূৰ্ণ, এনেতে এটা মহা বিস্ফোৰণ ঘটিল। দেউতাৰ এগৰাকী শুভাকাংক্ষীয়ে মাক জনালে যে ছোৱালীজনীক হাত-ভৰি বান্ধি পানীত পেলাব খুজিছে নেকি? দৰা ব্লেক-লিষ্টেড কমিউনিষ্ট! আজি মাৰ্ক্সিজিমৰ ক-খ নজনাসকলেও মাৰ্ক্সিষ্ট বুলি কৈ নিজকে ইনটেলেকচুয়েল হিচাপে দাঙি ধৰিব খোজে, এটা সময় আছিল কমিউনিষ্ট মানেই দগাবাজ, অপৰাধী, দেশদ্ৰোহী। ঘৰত আকৌ সভা এখন বহিল। মাৰ আকৌ সৰ্বশৰীৰত কঁপনি উঠিল।

 ১৯৫৯ চনত দৰং কলেজৰ অৰ্থনীতি বিভাগত অধ্যাপনা কৰি থকা অমলেন্দু গুহই তিনি বছৰৰ বাবে কলেজৰ পৰা ছুটী লৈ দিল্লীৰ ইণ্ডিয়ান স্কুল অব্ ইণ্টাৰনেচনেল ষ্টাডিজত পি এইচ ডি ডিগ্ৰীৰ বাবে গৱেষণা কৰিবলৈ গৈছিল। গতিকে সভাখনত আলোচিত হ’ল যে এবাৰ উচ্চ শিক্ষাৰ বাবে ওলাই গৈছে যেতিয়া লালঝাণ্ডা উৰুৱাবলৈ আৰু উভতি নাহে। প্ৰস্তাৱটো সৰ্বসন্মতিক্ৰমে গৃহীত হ’ল।

 ১৯৬০ চনৰ ২৯ জানুৱাৰীত হোমৰ গুৰিত উচ্চাৰিত কেইটামান সংস্কৃত মন্ত্ৰই ওপজা পৰিয়ালটোৰ পৰা মোক শিপাৰে সৈতে উঘালি অচিনাকি পৰিয়াল এটাত ৰোপণ কৰিলে। ৰূপসী বিমান বন্দৰৰ পৰা ডাকোটা বিমান বাহিত হৈ কলকাতালৈ যাওঁতে কোকৰাঝাৰৰ অস্থায়ী বিমানকোঠ এটাত অলপ সময়ৰ বাবে বিমানখন নামিছিল। আমাক লগ কৰিবলৈ আহিছিল প্ৰিয়বালা বাই আৰু হৰিশ ভিনিহি। যি কি নহওক, কলকাতা পাই তাৰ পৰা ৰেলেৰে গ’লো হৰিণঘাটাত দেওৰ হেমেন্দুৰ অফিচ-কোৱাৰ্টাৰলৈ। শাহু আই তেতিয়া তাত থকা বাবে দৰা-কইনা তালৈ যাবলগীয়া হৈছিলো। মা আৰু বিশেষকৈ কিশোৰী ভনী ডলক এৰি যাবলগীয়া হোৱা বাবে মোৰ বুকুত হাহাকাৰ অৱস্থা এটা অনুভৱ কৰিছিলো। দেউতাৰ মৃত্যুৰ পিছত সকলো আপোনজনে আমাক চোৱা-মেলা কৰিছিল যদিও ময়েই মূল দায়িত্ব মূৰ পাতি লৈছিলো। অৱশ্যে খুকু প্ৰবক্তা হৈ ঘৰৰ দায়িত্ব লোৱাৰ বাবে মই ভালেখিনি নিশ্চিন্ত হ’ব পাৰিছিলো সেই সময়ত। তথাপিতো মনৰ থৌকি-বাথৌ অৱস্থা।

 হৰিণঘাটাত পশ্চিমবংগ চৰকাৰৰ দুগ্ধ উৎপাদন কেন্দ্ৰত কৰ্মৰত আছিল হেমেন্দু। পিছলৈ তেওঁ পশুপালন বিভাগৰ সঞ্চালক হৈ কলকাতালৈ আহে। যি কি নহওক, মৰমিয়াল শাহু আই, দেওৰ, ননদ, জেশাহু আৰু অন্যান্য আত্মীয়-স্বজনক পাই ভাল লাগিছিল। এওঁলোক সকলোৰে শিপা গুৱাহাটীৰ উলুবাৰীৰ ঘৰত। চাকৰি আৰু বৈবাহিকসূত্ৰে পশ্চিমবংগৰ বাসিন্দা হৈছিল। হেমেন্দুৰ এজন সহকৰ্মীৰ লগত বিয়া হৈছিল মোৰ স্কুল জীৱনৰ বন্ধু মঞ্জুৰ। কলেজীয়া বন্ধু মায়া কুণ্ডু তেতিয়া কলকাতাৰ ব্ৰেবোৰ্ণ কলেজৰ প্ৰবক্তা। তায়ো আহিল হৰিণঘাটালৈ। ননদ কল্যাণী, ভাগিনী ৰেবা সন্দিকৈ কলেজৰ পৰা পাছ কৰা স্নাতক। দেওৰে

১৪৬/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি