পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৰ্থনীতিৰ অৱস্থান্তৰ (Transition)। উভতি আহি গৱেষণাত বুৰ গ’ল, লুঙিৰ কথা পাহৰি থাকিল। মোক ক’লে তেওঁ ব্যস্ত হৈ থকা সময়ছোৱা ময়ো যেন সদ্ব্যৱহাৰ কৰো, অৰ্থাৎ দিল্লী বিশ্ববিদ্যালয়ত এম এছ চিত নাম লগাও। মোৰ মূৰত যেন পৰমাণু বোমাৰ বিস্ফোৰণ ঘটিল। ইমান ডাঙৰ মহানগৰীত বাট-ঘাট চিনি নাপাও, আও-ভাও নুবুজো, হিন্দী আৰু ইংৰাজী সলসলীয়াকৈ ক’ব নাজানো। তাতোকৈ ডাঙৰ ভয় আঠ বছৰ আগতে বি এছ চি পাছ কৰিছো, আকৌ পৰীক্ষা দিব লাগিব, পঢ়িব লাগিব। কি সৰ্বনশীয়া কথা। মোৰ অনীহা দেখি এওঁ ক’লে যে ঠাইখনৰ লগততো চিনাকি হ’ব লাগিব। নাদৰ ভেকুলী হৈ বহি নাথাকি বহল সমুদ্ৰখনত সাঁতুৰিবলৈ উৎসাহ দিলে। পঢ়িবলৈ মন নগ’লে এৰি দিয়া টান কাম নহয়, ভৰ্তি হোৱাটোৱে প্ৰধান আৰু প্ৰথম কাম। তেতিয়াৰ দিনত আগৰ পৰীক্ষাবোৰৰ ফল ভাল হ’লে কলেজ বা বিশ্ববিদ্যালয়ত আসন পোৱা বৰ টান কথা নাছিল যদিও স্নাতক হোৱাৰ আঠ বছৰ পাছত আসন পোৱা সহজো নাছিল। এবছৰ আগতে কটন কলেজৰ পৰা কেমেষ্ট্ৰিত অনাৰ্ছৰ সমতুল্য এডভান্স কোৰ্ছ এটা কৰি থৈছিলো। পিছে দীঘলীয়া সময়ৰ বাবে প্ৰেকটিকেল ক্লাছ কৰিব লাগে বাবে গৃহিণী হোৱাৰ পাছত তেনে এটা বিষয় লোৱা বৰ সুবিধাজনক নহ’ব বুলিয়ে ভাবিলো। সেই সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক পৰ্যায়ত বিষয়টো নাছিল। কোৱা হয় ইতিহাস, ভূগোল, সমাজ বিজ্ঞান, জীৱবিজ্ঞান, পুৰাতত্ব, আনুবংশিক বিজ্ঞান, শৰীৰতত্ব আদি বিভিন্ন বিষয়ৰ মাতৃ হ’ল নৃতত্ব বিজ্ঞান। গতিকে এইবোৰ বিষয়ত স্নাতক ছাত্ৰ-ছাত্ৰী নৃতত্ব বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীত ভৰ্তি হোৱাৰ উপযুক্ত বুলি বিবেচিত হৈছিল। মেট্ৰিকৰ পৰা বি এছ চিলৈ সকলোবোৰ পৰীক্ষাৰ ফল মোৰ ভাল আছিল, অসম চৰকাৰৰ বৃত্তিও লাভ কৰিছিলো। ইণ্টাৰভিউৰ সময়ত আঠ বছৰৰ গেপটোৰ প্ৰশ্ন উত্থাপন হোৱাত কৈছিলো এই আঠ বছৰ মই বিজ্ঞান আৰু গণিতৰ শিক্ষয়িত্ৰী হিচাপে হাইস্কুলত কাম কৰিছিলো। দ্বিতীয় আন এটা প্ৰশ্নও নকৰিলে। বাছনিত উত্তীৰ্ণ হ’লো যদিও আকৌ বুঢ়া বয়সত ছাত্ৰ হ’ব লাগিব বাবে চিন্তাও হ’ল।

 ইয়াৰ আগতে দিল্লীৰ আকাশবাণীৰ অসমীয়া বিভাগত কোনোবা এগৰাকী বাতৰি পঢ়োতা দুমাহমানৰ ছুটীত যোৱা বাবে সেই সময়ছোৱাত তাত কাম কৰিবলৈ মই ইচ্ছুক নেকি জানিব খুজিছিল সেই বিভাগত কৰ্মৰত বিষয়া চক্ৰেশ্বৰ ভট্টাচাৰ্যই। নতুন এটা অভিজ্ঞতাৰ আশাত মই ৰাজী হ’লো। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ স্থাপিত হয় ১৯৪৮ চনত। তাৰ আগতে আমি সৰু থাকোতে কলকাতা অনাতাঁৰ কেন্দ্ৰৰ বাতৰি শুনিছিলো। দ্বিতীয় বিশ্বযুদ্ধৰ বাতৰি ঘাইকৈ পঢ়িছিল বিজন বোস নামৰ এগৰাকী পাঠকে। এতিয়াও তেওঁৰ কণ্ঠস্বৰলৈ মনত পৰে— ‘অল ইণ্ডিয়া ৰেডিঅ’, এখন খবৰ পড়ছি বিজন বোস’। আন এগৰাকীৰ নাম নীলিমা সান্ন্যাল। দুয়োগৰাকী বাতৰি পঢ়োতাক লগ পাই মই কম উত্তেজিত হোৱা নাছিলো। বহু বছৰ ধৰি ঈথাৰৰ মাজেৰে অহা কণ্ঠস্বৰ দুটা শুনাত ইমান অভ্যস্ত আছিলো যে তেওঁলোকৰ লগত চক্ৰেশ্বৰ ভট্টাচাৰ্যই চিনাকি কৰি দিয়াৰ আগতে দুয়োৰে কণ্ঠস্বৰ কাণত পৰাত বুজিবলৈ বাকী নাথাকিল কোন তেওঁলোক। মই অভিভূত। মই উত্তেজিত তেজ-মঙহৰ ৰূপত বিজন বোস আৰু নীলিমা সান্ন্যালক দেখি। বাতৰি পঢ়োতা

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৫৫