পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এইবোৰ আমাৰ জন্মৰ আগৰ কথা। এখন আহল-বহল বিছনাত হেনো তিনিওটা ল’ৰা-ছোৱালীক লৈ আবু শুইছিল। মাজত তেওঁ, এফালে প্ৰভাস আনফালে মৃণাল। শিশিৰ অলপ ডাঙৰ, মানে কিশোৰী, গতিকে তাই শুইছিল অলপ আঁতৰত। ৰাতি হেনো প্ৰভাস আৰু মৃণালৰ কাজিয়া লাগিছিল আবুক লৈ, কাৰ ফালে কাতি হৈ তেওঁ শুব। মাতৃহীন শিশুকেইটাৰ ওপৰত আবুৱে উজাৰ কৰি দিছিল মাতৃত্বৰ মৰম। তেওঁ হেনো বোৱাৰী আদৰিবৰ সময়ত হুকহুকাই কান্দি কৈছিল—‘কোন মাকৰ বুকু শুদা কৰি মই ছোৱালীজনীক আনিলো।’ শাহু-বোৱাৰীৰ তিক্ত সম্পৰ্কৰ বিষয়টো সৰ্বজনবিদিত। কিন্তু আবু আছিল ব্যতিক্ৰমী। কোনো দিনে কোনেও দেখা নাছিল আবুৰ স’তে তেওঁৰ বোৱাৰী তিনিজনীৰ সম্পৰ্ক বেয়া হোৱা। তেওঁলোকক মাতিছিল বৰবৌমা, মেজবৌমা আৰু ছোটবৌমা বুলি।

 আবুৰ ইচ্ছাত তেওঁৰ মাজুপুতেক বীৰেণৰ স’তে বিয়া হয় মাৰ ভনীয়েক শিশিৰৰ। মাউৰা ল’ৰা-ছোৱালী তিনিটাৰ প্ৰতি আবুৰ যে কি মৰম সোমাইছিল নাজানো, তেওঁৰ হেনো ইচ্ছা আছিল সৰু পুতেক নৰেনৰ লগত মৃণালক বিয়া দি আটাইকে নিজৰ ডেউকাৰ তলতে ৰাখিবলৈ। পিছে আত্মীয়-স্বজনে একেটা পৰিয়ালৰ পৰা ছোৱালী নানি আন এটা পৰিয়ালৰ স’তে আত্মীয়তা পাতিবলৈ কোৱাত তেওঁ মান্তি হ’ল। সৰু খুৰীৰ দেউতাক আছিল চৰকাৰী ডাক্তৰ। ঘৰ যদিও সাপটগ্ৰামত, বদলি হৈ ফুৰা দেউতাকৰ স’তে খুৰীহঁত অসমৰ নানা ঠাইত থাকিবলগীয়া হৈছিল। খুৰী আছিল বেচ স্মাৰ্ট আৰু জনা-বুজা ছোৱালী। বৰ্তমানে নব্বৈৰ ডেওনা পাৰ হোৱা খুৰী এতিয়াও যথেষ্ট স্মাৰ্ট আৰু সপ্ৰতিভ।

 তেনেহ’লে মৃণাল মাহীৰ বিয়া হ'ল কাৰ লগত! দৰা বোধকৰো কবি-আতাই ঠিক কৰিছিল। গোৱালপাৰা চহৰৰ ৰাজেন্দ্ৰ লাল দাস আছিল আমাৰ এইগৰাকী মহা। বিয়াৰ পিচত আইন শাস্ত্ৰ পঢ়িবলৈ তেওঁ কলকাতালৈ গৈছিল। দেউতাই নিয়মীয়াকৈ নে মাজে-সময়ে তেওঁলৈ টকা পঠাইছিল নাজানো, দেউতাৰ মৃত্যুৰ পিচত তেওঁৰ ফাইলত ৰাজেন মহালৈ কলকাতাৰ ঠিকনাত পঠোৱা মণি অৰ্ডাৰৰ ৰছিদ কেইখনমান পাইছিলো। এইজনী মাহীৰ বিয়া বোধকৰো মোৰ জন্মৰ পিছত হৈছিল। প্ৰথম সন্তানটো জন্ম দিয়াৰ পিছত মাহী আৰু শিশু দুয়ো মৃত্যু মুখত পৰে। মহাই পিছত আকৌ বিয়া কৰাইছিল যদিও তেওঁৰ লগত এইখন ঘৰৰ সম্পৰ্ক ছেদ হোৱা নাছিল।

 যোৱা শতিকাৰ ত্ৰিশ-চল্লিশৰ দশকতো যোগাযোগ ব্যৱস্থা ইমানে অনুন্নত আছিল যে আপোন মানুহৰ লগত দেখা-সাক্ষাৎ সহজতে নহৈছিল। এবাৰ কোকৰাঝাৰৰ আমাৰ ঘৰলৈ আহিছিল এজনী কিশোৰী। যাৰ লগত আহিছিল, তেওঁক চ’ৰা ঘৰত বহুৱাই থৈ কিশোৰীজনীক মাৰ ওচৰলৈ আনি দেউতাই সুধিছিল তাইক চিনি পাইছে নে নাই। মাই হেনো তাইৰ মুখলৈ ৰ লাগি চাই থাকিও চিনিব নোৱাৰিলে। তেতিয়া আমাৰ কৰুণাসাগৰ দেউতাৰ দুচকুৱেদি নিগৰি আহিছিল চকুলো। ছোৱালীজনী আছিল তিনি বছৰ বয়সৰে পৰা মোমায়েকৰ ঘৰত ডাঙৰ হোৱা মাৰ ভনীয়েক সৰযূ। পৰিস্থিতিয়ে এওঁলোকক এনে অৱস্থাৰ মাজলৈ আনিছে যে নিজৰ বাই-ভনীৰ মাজতো চা-চিনাকি নোহোৱা হৈছিল। তেতিয়াৰে পৰা দেউতাৰ হেঁচাত সৰযূ মাহীও এইখন ঘৰত থাকিল। এটা সময়ত মাহঁতৰ নুমলীয়া ভনী কোহিনুৰ

৩৬/জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি