পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়ালৈ ভাঙনি কৰি একে সুৰতে গাই আমাক দিছিল অনাবিল আনন্দ। সেইজনা ৰণেন যে বিস্ফোৰক পদাৰ্থৰে গঠিত, অনশনকাৰী দলটোৰ মাজত তেওঁক দেখি জানিব পাৰিলো। সঁচাকৈয়ে appearences are deceptive. অনশনৰ চতুৰ্থ দিনা ৰণেন অজ্ঞান হোৱাত ডাক্তৰ আহিল বেজী দিবলৈ। হঠাতে জ্ঞান পাই তেওঁ সুধিলে ছিৰিঞ্জটোত কি আছে। ডাক্তৰে গ্লুকোজ বুলি কোৱাৰ লগে লগে ৰণেনে ইমান জোৰে ডাক্তৰক ঘোঁচা এটা মাৰিলে যে বেচেৰা কেইবা হাত দূৰত ছিটিকি পৰিল।

 অনশনকাৰীসকলক দিনে-নিশাই পৰ দি থকা ছাত্ৰসকলক আমি মাজে মাজে খোৱা-বস্তুৰ যোগান ধৰিছিলো। অধিকাংশ অভিভাৱকে ছাত্ৰ আন্দোলনৰ বিৰোধিতা কৰিছিল স্বাভাৱিক কাৰণতে। তেওঁলোকৰ ভয় সন্তানৰ ভৱিষ্যৎ নষ্ট হোৱাৰ। এনে অৱস্থাত প্ৰকাশ্যে ছাত্ৰসকললৈ ঘৰতে ৰান্ধি আহাৰ যোগোৱা সহজ কাম নাছিল। কিন্তু ইচ্ছা থাকিলে উপায় ওলায়। সেই কেইদিন হোষ্টেলৰ পৰা আহি মই ডাঙৰ খুৰাৰ ঘৰত আছিলো। তেওঁৰ জীয়ৰী গীতা আৰু মই দুয়ো ঘৰৰ সকলোৱে খাই-বই শোৱাৰ পিছত চোৰৰ দৰে হাতত সাৰে ভৰিত সাৰে উঠি গৈ ৰান্ধনী ঘৰত সোমাইছিলো। খৰিৰ জুই জ্বলাই ঘাইকৈ গীতাই ৰুটি-ভাজি বনাইছিল আৰু মই আছিলো পহৰাদাৰ। টিফিন কেৰিয়াৰৰ বাটিত ভৰোৱা খাদ্যখিনি বাহিৰৰ বাৰাণ্ডাত নিঃশব্দে থৈ আহিছিলো। নিৰ্দিষ্ট সময়ত ল’ৰাহঁতে লৈ গৈছিল কেৰিয়াৰটো।

 আন্দোলন চলাবলৈ লাগিল টকা। আমাৰ যুগত আজিৰ দৰে অভিভাৱকে ল’ৰা-ছোৱালীক পকেট মানি দিয়া নাছিল। কোনে কেনেকৈ ফাণ্ডত টকা দিছিল মনত নাই। গীতা আৰু মই দুয়ো সোণাৰীৰ দোকানলৈ গৈ আমি পিন্ধি থকা হাৰৰ পিছফালৰ পৰা একাংশ কাটি বেচিছিলো। আমাৰ হাৰবোৰ যে অলপ চুটি হ’ল ঘৰৰ কোনেও মন কৰা নাছিল।

 ছাত্ৰসকলৰ দাবী সমৰ্থন কৰি হেম বৰুৱা, লক্ষ্যধৰ চৌধুৰী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে চৰকাৰৰ শিক্ষা সংকোচন নীতিৰ সমালোচনা কৰিছিল। অনশন চলি থকা অৱস্থাত এদিন মাজনিশা কংগ্ৰেছৰ এগৰাকী বিশিষ্ট নেতাই মৌসনা মিঠা মাতেৰে ছাত্ৰসকলক বুজালে যে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত তুলি লবলৈ সময় লাগে। সিমান দিনলৈ উঠি অহা ডেকাসকলক কোনেও নেখাই মৰিবলৈ দিব নোৱাৰে। তেওঁ সকলো দায়িত্ব মূৰ পাতি লৈ ল’ৰাহঁতক অনশন ভংগ কৰিবলৈ কোৱাত টেঙৰ ৰাজনীতিকৰ কথাত ভোল গৈ অনশন ভংগ কৰিলে বোধকৰো পঞ্চম দিনা। একাংশ ছাত্ৰই এই সিদ্ধান্ত সমৰ্থন কৰা নাছিল। তেওঁলোকৰ কথা সঠিক আছিল, কিয়নো কিছুদিনৰ ভিতৰতে বুজা গ’ল যে আন্দোলন সফল নহ’ল। নেতাজনকো বিচাৰি পোৱা নগ’ল।

 আন্দোলন সফল নহ’ল যদিও এই সময়তে মহেন্দ্ৰ বৰা আৰু গীতাৰ মাজত গঢ়ি উঠিল এটা মধুৰ সম্পৰ্ক। ঘৰৰ মানুহে ঘুনুক-ঘানাককৈ জানিব পাৰি বিমৰ্ষ হ’ল। তাইলৈ তেতিয়া বিলাত ফেৰৎ ইঞ্জিনীয়াৰ দৰা ওলাইছিল। তেতিয়াৰ দিনত (হয়তো আজিও) বিলাতত শিক্ষা গ্ৰহণ কৰা দৰা পোৱা ভাগ্যৰ কথা আছিল। ‘হীৰাৰ টুকুৰা’হেন পাত্ৰজনক বিদায় দিবলগীয়া হ’ল বি এ পঢ়া ল’ৰা এজনৰ বাবে। সেই ‘সৌভাগ্যক’ ভৰিৰে গচকি গীতাবায়ে আগবাঢ়িছিল, সকলোৰে ধাৰণাত এক ‘অন্ধকাৰ ভৱিষ্যত’ লৈ। অৱশেষত সেইজন ব্যক্তিয়েই

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১১৩