পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰজাপতিৰ গুণগুণনি

মাৰ চিন্তা লাঘৱ কৰিবলৈ টুলুৰ বাবে দৰাৰ সন্ধানত ব্যস্ত হৈ পৰিছিলো। মই বিয়া নহওঁ বুলি ডাঠি ঘোষণা কৰাৰ পাছত বাইদেউ আৰু আত্মীয়-স্বজনেও টুলুৰ বিয়াৰ চিন্তা কৰিবলৈ ধৰিলে। আমি সকলোৱে একমত আছিলো যে পিতৃহাৰা ছোৱালীজনীক দাঁতিকাষৰীয়া চিনাকি ঘৰলৈ দিব লাগিব। মাৰ এটা চৰ্ত আছিল ল’ৰা যেন বিদ্বান হয় আৰু চেলেপু স্বভাৱৰ নহয়। বাইদেউৰ বিয়াতো মাৰ আছিল একেটা চৰ্ত। অৱশেষত ভিনিহিৰ কাজিন ভায়েক পাচনীয়াবাসী গোপাল চন্দ্ৰ দাসৰ লগত ১৯৫৭ চনৰ ২৭ নৱেম্বৰত টুলুৰ বিয়া হৈ যায় হৰিষ-বিষাদৰ মাজেৰে। স্বাভাৱিকতে সকলোৰে মনত পৰিছিল দেউতালৈ। আমি জোৰ কৰি আমাৰ অনুভূতিবোৰক হেঁচি থৈছিলো, কিন্তু বান্ধ ভাগি সেইবোৰ চকুলো হৈ ওলাই আহিছিল যেতিয়া মাৰ এগৰাকী বায়েক বেলা জেঠীয়ে বিবাহথলীলৈ যোৱাৰ মুহূৰ্তত টুলুৰ গায়ে-মূৰে হাত ফুৰাই কৈছিল যে ওপৰৰ পৰা দেউতাই আশীৰ্বাদ কৰি আছে।

 গোৱালপাৰাৰ খ্যাতনামা আইনজীৱী চাৰু মোহন দাসৰ সাদৰী পত্নী বেলা জেঠী আছিল অত্যন্ত মৰমিয়াল। অত্যন্ত সৰলো। পৰিয়ালটোৰ সৈতে আমাৰ বৰ ঘনিষ্ঠতা আছিল। চাৰু জেঠা আছিল দেউতাৰ বন্ধুস্থানীয়। বেলা জেঠী আৰু মাৰ আন এগৰাকী জেঠায়েকৰ জীয়েক বায়েক সৰসী জেঠীয়ে ১৯১০ ৰ দশকতে কলকাতাৰ ব্ৰাহ্ম স্কুলত পঢ়া-শুনা কৰিছিল। সৰসী জেঠীয়ে পাছত বোধকৰো শান্তি নিকেতনলৈ পঢ়িবলৈ গৈছিল। সৰসী জেঠীৰ বিয়া হৈছিল গোৱালপাৰাৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান যোগেশ চন্দ্ৰ দাসৰ লগত। যোগেশ জেঠাই আজীৱন ডিব্ৰুগড়ত থাকি ওকালতি কৰিছিল। তেওঁলোকৰ উত্তৰপুৰুষসকল বৰ্তমানে ডিব্ৰুগড়বাসী।

 কথা এটা মনত পৰিলে তাৰ পৰা ওলায় অসংখ্য পোখা। তাৰে দুটামান কৈ টুলুৰ প্ৰসংগলৈ উভতি আহিম। বেলা জেঠী ইমানে মৰমিয়াল আছিল যে আমি তেওঁলোকৰ গোৱালপাৰাৰ ঘৰলৈ গ’লে মাজনিশা উঠি আহি আমাৰ মূৰশিতানত বহি মূৰত হাত ফুৰাই থাকিছিল। কেতিয়াবা সুধিছিল— ‘আই, টুপ্‌নি আইছে?’ তেওঁৰ মৰমৰ অত্যাচাৰত কেতিয়াবা সাৰ পাই বাকীছোৱা ৰাতি বিছনাতে ইকাতি-সিকাতি কৰি কটাইছিলো। আজিকালি মানুহে আলহী আহিলে বিৰক্তি বোধ কৰা দেখো। হয়তো বৰ্তমান যুগৰ পৰিস্থিতিয়ে মানুহক হৃদয়হীন কৰিছে। ফোন এটা নকৰাকৈ মানুহ আজিকালি হঠাতে কাৰো ঘৰত নোলায়গৈ। তেতিয়াৰ দিনত বিছনা-বাকচ লৈ আমিও মাহী-পেহীৰ ঘৰলৈ গৈছিলো; আমাৰ ঘৰলৈকো সদল-বলে আত্মীয়-স্বজন আহিছিল কোনো আগজাননী নিদিয়াকৈ।

 মনত পৰিছে মাৰ মাহীৰ ছোৱালী অন্নদা মাহীলৈ। এদিন আবেলিৰ ট্ৰেইনত তেওঁ দুজনমান ল’ৰা-ছোৱালীক লগত লৈ কোকৰাঝাৰলৈ আহিছিল পাঠশালাৰ পৰা। আহোতে ৰে’লৰ উদং খিৰিকীৰে ল’ৰাজন চলন্ত ৰে'লৰ পৰা পৰি গৈছিল। শিকলি টানি গাড়ী ৰখোৱা হ’ল। কেইজনমান হাল বাই থকা খেতিয়কে তাক কোলাত তুলি গাড়ীখনৰ ফালে বেগাই আহি আছিল। ৰে’লৰ যাত্ৰীকেইজনমানো ল’ৰাটোক বিচাৰি গৈ আছিল। কোমল মাটিত সৰি

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৩৭