পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু জীৱনৰ বিভিন্ন অধ্যায়ৰ মুখামুখি হ’বলৈ মোৰ চিৰ চেনেহী কোকৰাঝাৰ এৰিবলগীয়া হৈছিলো যদিও কোকৰাঝাৰৰ স’তে সম্পৰ্ক ছিঙা নাই। বড়ো আন্দোলন তুংগলৈ উঠাৰ সময়ত যেতিয়া বহুতে ঠাইখন এৰি গৈছে তেতিয়াও কলকাতাৰ পৰা গুৱাহাটীলৈ ফুৰিবলৈ আহোতে কেইদিনমানৰ বাবে কোকৰাঝাৰলৈ গৈছিলো। কিছুমানে মোক কৈছিল— ‘বলিয়া হৈছা নেকি এই ভয়ংকৰ সময়ত তালৈ যাবলৈ?’ মই কৈছিলো, ‘নিজৰ ঘৰলৈ যাবলৈ কোনোবাই ভয় কৰে নে?’

 যিখন ঠাইত মানুহৰ প্ৰথম মাত ফুটে, য’ত মানুহৰ জ্ঞান মুকুলিত হয়, য’ত মানুহে প্ৰথম আখৰ শিকে সেইখন ঠাইৰ স্মৃতি কোনোদিনে মলিন নহয়। লিখি থাকোতে কিমান স্মৃতিয়ে যে জুমুৰি দি ধৰিছে। কিমান চিনাকি মুখে যে সন্মুখত থিয় দিছে! আজিৰ দৰে তেতিয়া পৰিয়ালবোৰ সৰু নাছিল। আমাৰ লগত আছিল আবু যমুনা সুন্দৰী। আছিল দেউতাৰ কাজিন ভাই-ভতিজা। মাজে মাজে আহি থাকিছিল পেহীহঁত। মাৰ পিতা–আমাৰ কবি আতা, সৰযু মাহী, কোহিনুৰ মাহী আৰু অনেকেই। আলহী-অতিথিও প্ৰায়ে আহিছিল। ডাঙৰ খুড়া, সৰু খুড়াৰ পৰিয়ালো নিজ নিজ কৰ্মক্ষেত্ৰৰ পৰা ল'ৰা-ছোৱালীৰ গৰম বা পূজাৰ বন্ধত আহিছিল। তদুপৰি ঘৰত সাহায্যকাৰীও আছিল কেইবাজনো। গৰখীয়া ফুলমামুদ আৰু শুকুৰালৈ মনত পৰে। মনত পৰে চঞ্চলমতী হাতীজনী আৰু মাউত-ঘাঁহিলৈ। মাউতৰ দুজনী ঘৈণীয়েক, তাৰে এজনী ঘৰত থাকিছিল, এজনী লগত। এইজনী আছিল উজনিৰ। সেই প্ৰথম মই উজনিৰ মানুহ দেখিছো। মাউতনীয়ে বিড়ি হোপা দেখি ভাবিছিলো উজনিৰ মহিলাসকলে বিড়ি খায়। কি যে অদ্ভুত ধাৰণা!

 আমাৰ দেউতা গিৰীন্দ্ৰ মোহন দাস সেই সময়ত বিজনী ৰজাৰ খুটাঘাট পৰগণা পৰিচালনাৰ দায়িত্বত কোকৰাঝাৰত আছিল। আন আন বিষয়া-কৰ্মচাৰীৰে সৈতে একেটা চুবুৰিত নিজৰ নিজৰ সুকীয়া কোৱাৰ্টাৰত আমি থাকিছিলো যদিও সকলোৰে লগত মিলাপ্ৰীতি আছিল। ভবাই নাছিলো যে আমাৰ মাজত তেজৰ সম্পৰ্ক বা আত্মীয়তা নাই। সকলোৰে ঘৰত অবাধ প্ৰৱেশ। অবাধ মিলামিচা।

 কোকৰাঝাৰত ল’ৰাৰ বাবে হাইস্কুল এখন আছিল যদিও ছোৱালীৰ বাবে এল পি স্কুল এখনো নাছিল। সেই বুলি আমাক নপঢ়াইতো ৰাখিব নোৱাৰে। ঘৰতে আমাৰ বিদ্যাৰম্ভ হ’ল। পশ্চিম অসমত, বিশেষকৈ ধুবুৰী-গৌৰীপুৰৰ মানুহে এসময়ত বাংলা ভাষাত পঢ়া-শুনা কৰিছিল। আমালৈ আনিছিল ‘হাসিখুশী’, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ ‘বৰ্ণ পৰিচয়’ আদি কিতাপ-পত্ৰ। গতিকে আখৰ আৰু সংখ্যাৰ সৈতে চিনাকি হলো বাংলাত। অৱশ্যে বেছি দিনলৈ নহয়। কিছু দিনৰ ভিতৰতে আমাৰ টেবুললৈ আহিল অসমীয়া কিতাপ। অৱশ্যে বাংলা সাধু কথাৰ কিতাপ পঢ়া বন্ধ হোৱা নাছিল। আখৰ আৰু সংখ্যাৰ স’তে বাংলাৰে প্ৰথম চিনাকি হোৱা বাবে মই আজিলৈ কোনোবাই মুৰ্ধণ্য ট, ঠ, ড, ঢ আৰু দন্ত্য ত, থ, দ, ধ ক’লে তৎক্ষণাতে ধৰিব নোৱাৰো। বাংলা ভাষাত দুয়োবিধৰ স্পষ্ট উচ্চাৰণ, অসমীয়াত দুয়ো বিধৰ উচ্চাৰণ প্ৰায় একে। সেইদৰে সংখ্যা আওৰাওতেও খেলিমেলি লাগে। তদুপৰি অঞ্চলটোৰ স্থানীয় ভাষাৰ — যি গোৱালপাৰীয়া, দেশী আৰু কোচ-ৰাজবংশী নামেৰে

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৫১